২০২০ৰ ১ জুনৰ পৰা দেশত কাৰ্যকৰী হ’ব ‘এক দেশ, এক ৰেচন কাৰ্ড’ আঁচনি…
ডিজিটেল ডেস্কঃ এক দেশ, এক ৰেচন কাৰ্ড আঁচনি অহা ১ জুন, ২০২০চনৰ পৰা কাৰ্যকৰী কৰা হ’ব। এই আঁচনিৰ দ্বাৰা বিশেষকৈ দিনহাজিৰা, প্ৰবাসী শ্ৰমিকসকল উপকৃত হ’ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ২০১৯চনৰ আগষ্ট মাহত পাইলট প্ৰজেক্ট হিচাপে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত কাৰ্যকৰী কৰা হৈছিল।
চৰকাৰে আশা ব্যক্ত কৰিছে যে, এই আঁচনিৰ জৰিয়তে নেশ্যনেল ফুড ছিকিউটীৰ যোঁজনাক অধিক সফল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকল উপকৃত হ’ব। এই আঁচনিৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে দেশৰ যিকোনো এটা স্থানৰ ফেয়াৰ প্ৰাইচ শ্ব’পৰ পৰা এই কাৰ্ডৰ জৰিয়তে ৰেচন ক্ৰয় কৰিব পাৰিব।