‘নিয়া’ক গতালে নগাঁৱত বন্দী হৈ থকা ৮ জেহাদীক

‘নিয়া’ক গতালে নগাঁৱত বন্দী হৈ থকা ৮ জেহাদীক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা বিশেষ কাৰাগৰত বন্দী হৈ থকা হিজবুল মুজাহিদীনৰ ৮জন লিংকমেনক লৈ যোৱা হৈছে 'নিয়া'ৰ গুৱাহাটীস্থিত বিশেষ কাৰাগাৰলৈ।

হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক(সদৰ) জ্যোতিৰঞ্জন নাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শ্বাহিদুল আলম, ছাহনাৱাজ আলম, ছাইফুল ইছলাম, ৰিয়াজুদ্দিন বৰভূঁঞা, বাহাৰুল ইছলাম সহিতে ৮ জেহাদীক গতাই দিব 'নিয়া'ক।

জানিব পৰা মতে, এতিয়াৰে পৰা নিয়াৰ বিশেষ কাৰাগাৰত ৰখা হ'ব হিজবুলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা লোককেইজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in