বানে উটুৱাই নিলে ১৮৮০ চনতে স্থাপন কৰা ঈদগাহ, VIDEO

বানে উটুৱাই নিলে ১৮৮০ চনতে স্থাপন কৰা ঈদগাহ, VIDEO

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ক্ৰমশঃ ভয়াৱহ হৈ উঠিছে বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে শেহতীয়াকৈ জিলাখনৰ প্ৰায় ৮০%গাও অঞ্চলত প্লাৱনৰ সৃষ্টি কৰিছে।যাৰ বাবে জলবন্দী হৈছে হেজাৰ হেজাৰ পৰিয়াল।

ইয়াৰে বিশেষকৈ দক্ষিণ শালমাৰা বিধান সভা সমষ্টিত বানপানীয়ে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে।সমষ্টিটোৰ ফকিৰগঞ্জ জিলা পৰিষদ এলেকাত এইবাৰৰ বানে ভয়াৱহ ৰূপ লৈছে।অঞ্চলটোৰ সমূহ লোকৰ ঘৰ বাৰী পানীৰ তলত বুৰ যোৱাত ওখ ভেটি-বান্ধ মথাউৰিত আশ্ৰয় লৈ আছে শ শ পৰিয়াল। এনে ওখ ভেটিবোৰত পোহনীয়া জীৱজন্তৰ সতে জীৱন যাপন কৰিব লগা হৈছে গৃহহাৰা পৰিয়ালবোৰে। চতলাৰ পাৰ ওখ ভেটিত ভৰি থবলৈ যেন ঠাই নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে।

আনহাতে অঞ্চলটোৰ শশ পৰিয়ালে স্কুল আৰু আন নিৰাপদ ঠাইতো আশ্ৰয় লবলগীয়া হৈছে।বানপানীৰ ভয়াবহতাৰ সমন্তৰালে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে অঞ্চল টোত।যোৱা কেইদিনৰ গহনীয়াত চতলাৰ পাৰ বজাৰখন সমূলি জাহ গল নদীৰ বুকুত।তেনেদৰে ১৯৮০ ৰ দশকত নিৰ্মাণ হোৱা ঐতিহ্যবাহী ফকিৰগঞ্জ ঈদগাহ ময়দান খন আজি নদীৰ বুকুত জাহ যায়।ইপিনে বন্দিহানা-মাজেৰ চৰ সংযোগী গড়কপ্তানী পথৰ বন্দিহানাত নৱনিৰ্মিত দলংখনৰ দুয়োপাৰ বানৰ কোৱাল সোতত উটি যোৱাত যোগাযোগ বিশ্ছিন্ন হৈছে।

একেদৰেবগৰীবাৰী আৰাই আনি ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায়বোৰ গাওঁ বানৰ কবলত পৰিছে।ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ আৰু টিপকাই নৈৰ গৰাখহনীয়াত ইতিমধ্যে শ শ পৰিয়াল গৃহহীন হৈ পৰিছে । কাতলামাৰী, ৰীভাৰব্লক, পদ্মেৰ আলগা, বন্দিহানা, ভেলেংগামাৰী, ফুলকাটাৰী, মাজেৰ আলগা,চেনিখোৱা, শিবেৰ আলগা ,ঝৰনাৰ চৰ, বাহিৰশালমাৰা আদি প্ৰায় অৰ্ধশতাধি গাও পানীৰ তলত বুৰ গৈছে।

ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ আৰু টিপকাই নৈয়ে কালৰূপ ধাৰণ কৰি পয়েস্তি ডিমাতলা, চেনিখোৱা, ভেৰাখোৱা, চালবান্দা, কাতলামাৰী, পদ্মেৰ আলগা ২য় খণ্ড, ৰীভাৰব্লক, চিৰাখোৱা আদি গাওৰ চল্লিশ টা পৰিয়ালৰ ঘৰ বাৰী নদীৰ বুকুত জাহ নিয়াত দুৰ্গত লোক সকলে ওখ ঠাই বিচাৰি মাজেৰচৰ বন্দিহানা গড়কাপ্তানী পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে হৈছে যদিও বান সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ আছ। লক্ষ্যনীয় যে, যোৱা কালি ধুবুৰীৰ সাংসদ মৌ:বদৰুদ্দিন আজমলে দঃশালমাৰা সমষ্টিৰ মাজেৰ চৰ, কাতলামাৰী আৰু ফকিৰগঞ্জৰ অঞ্চলৰ বানাক্ৰান্ত লোকক সাক্ষাৎ কৰি তেওঁ লোকৰ বিভিন্ন সমস্যাৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in