এমাহ ৰোজাৰ অন্তত বুধবাৰে পবিত্ৰ ঈদ-উল-ফিতৰ

এমাহ ৰোজাৰ অন্তত বুধবাৰে পবিত্ৰ ঈদ-উল-ফিতৰ

ডিজিটেল ডেস্কঃ মাহজোৰা অপেক্ষাৰ অন্ত পেলাই বুধবাৰে ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ইদ-উল-ফিতৰ। উছাহৰ ঢল দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদৰ বাবে ইছলামধৰ্মী লোকসকলৰ মাজত। না না বস্ত্ৰ সম্ভাৰৰ লগতে ভিন্ন স্বাদৰ খোৱা সামগ্ৰীৰে মঙলবাৰে মহানগৰীৰ বজাৰ ভৰি পৰা দেখিবলৈ পোৱা যায়।

পুৱাৰে পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে বজাৰত ভিৰ কৰে অজস্ৰ লোকে। মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰিৰ লগতে বহু স্থানত দেখিবলৈ পোৱা যায় অজস্ৰ লোকৰ ভিৰ। দেশৰ লগতে বৰ্হি দেশৰ পৰা অহা সামগ্ৰীয়ে বিভিন্ন বিপণীত সকলো লোকৰে দৃষ্টি হৰণ কৰে।

প্ৰতিকেজি চেৱৈ ১০০ টকাৰ পৰা ৪০০ টকালৈকে বিক্ৰী হোৱাৰ লগতে বিভিন্ন ফল মূল, মিঠাই ইত্যাদিও বজাৰত বিক্ৰী কৰা দেখা যায়। ইদ-উল- ফিতৰ মানে হৈছে ৰোজা ভঙাৰ দিৱস। এমাহ ৰোজা ৰখাৰ পাছত ইছলামধৰ্মী লোকসকলে এই দিনটো ধৰ্মীয় কৰ্তব্যপালনসহ খুব আনন্দৰ সৈতে পালন কৰা দেখা যায়।

এমাহজোৰা ৰোজাৰ বাবে উপবাসে থকাৰ অন্তত ৰাইজে আকাশত জোন দেখাৰ পিছতে পবিত্ৰ ঈদ-উল-ফিতৰ পালন কৰে। ইজনে সিজনক আলিংগন কৰি ঈদতে সমাজৰ বাবে ভাতৃত্বৰ এনাজৰি অধিক মজবুত কৰে। সমগ্ৰ অসমৰ ইছলামধৰ্মীলোকসকলে ঈদগাহ মৈদানত পবিত্ৰ ঈদৰ নামাজ পঢ়ে।

নামাজৰ অন্ততে বিশ্বশান্তিৰ বাবে দোৱা অনুষ্টিত কৰা হয়। এই ঈদত বিশেষকৈ ইছলামধৰ্মাৱলম্বী লোকসকলে বিভিন্ন চেৱৈ, পাপৰ, ফল-মূল, বিৰিয়ানীৰ দৰে সুস্বাদু খাদ্যৰে অতিথিসকলক আপ্যায়ন কৰে। ঈদত ধনী ব্যক্তিসকলে জাকাত আৰু ফিৎৰা প্ৰদান কৰে।

উল্লেখ্য যে, এই ফিৎৰা হৈছে ধনী ব্যক্তিসকলে তেওঁলোকৰ সামৰ্থ অনুসৰি নিজৰ উপাৰ্জনৰ কিছু পৰিমাণ দুখীয়া লোকসকলক প্ৰদান কৰাৰ প্ৰাচীন কালৰ পৰা চলি অহা এক পৰম্পৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in