ঈদগাহ ময়দান, মছজিদ, ৰাজহুৱা স্থানত ঈদুল ফিতৰৰ সমূহীয়া নামাজ নপঢ়িবঃ ঈদুল ফিতৰ সন্দৰ্ভত সজাগতা সভা বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ, VIDEO

ঈদগাহ ময়দান, মছজিদ, ৰাজহুৱা স্থানত ঈদুল ফিতৰৰ সমূহীয়া নামাজ নপঢ়িবঃ ঈদুল ফিতৰ সন্দৰ্ভত সজাগতা সভা বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুল ফিতৰ সমাগত। ঈদুল ফিতৰ উপলক্ষ্যে তৎপৰ হৈ পৰিছে বৰপেটা জিলা আৰক্ষী প্ৰশাসন। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ বাবে এইবাৰ ঈদুল ফিতৰৰ নামাজ সমূহীয়াকৈ নপঢ়িবলৈ আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে। এই উপলক্ষ্যে শনিবাৰে ঈদগাহ আৰু মছজিদ কমিটিৰ বিষয়ববীয়াক লৈ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা আৰু সৰ্থেবাৰী আৰক্ষী থানাত পৃথকে পৃথকে ঈদুল ফিতৰৰ নামাজ সন্দৰ্ভত দুখন সজাগতা সভা অনুষ্ঠিত হয়।

সজাগতা সভা দুখনত বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্য উপস্থিত থাকি ঈদগাহ ময়দান, মছজিদ অথবা ৰাজহুৱা স্থানত সমূহীয়াকৈ ঈদৰ নামাজ আদায় নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ঘৰতে পৰম্পৰা ৰক্ষা কৰি সামাজিক দূৰত্ব বজাই ৰাখি ঈদৰ নামাজ সমাপন কৰিবলৈ ডি এচ পি সমীৰণ বৈশ্যই ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আহ্বান জনাইছে।

সন্ধিয়া তাৰাবাৰী আৰক্ষীয়ে মুছলমান অধ্যুষিত অঞ্চলত মাইকযোগে সমূহীয়াকৈ ঈদৰ নামাজ নপঢ়িবলৈ ঘোষণা কৰে। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস, সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়ো উপস্থিত থাকে।

ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুকাৰপাৰ ঈদগাহ ময়দানত ঈদুল ফিতৰৰ সমূহীয়া নামাজ নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাজদিয়া-চেঙা-কুকাৰপাৰ আঞ্চলিক মিলন ঈদগাহ সমিতিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in