ঈদৰ সমূহীয়া নামাজ নপঢ়াৰ সিদ্ধান্ত মোৰাঝাৰ আঞ্চলিক ঈদগাহ সমিতিৰ…

ঈদৰ সমূহীয়া নামাজ নপঢ়াৰ সিদ্ধান্ত মোৰাঝাৰ আঞ্চলিক ঈদগাহ সমিতিৰ…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু চৰকাৰী নীতি-নিয়মৰ বাবে ঈদুল ফিতৰৰ নামাজ সমুহীয়াভাৱে নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হোজাই জিলাৰ বৃহত্তৰ মোৰাঝাৰ আঞ্চলিক ঈদগাহ সমিতিয়ে।

দেশত চলি থকা লকডাউনৰ বাবে সকলো ধৰণৰ সভা-সমিতি ধৰ্মীয় অনুষ্ঠান আদি বন্ধ ৰখাৰ নিৰ্দেশ দিছে চৰকাৰে।অহা সোমবাৰে ইছলাম ধৰ্মলম্বী লোকসকলৰ পবিত্ৰ ঈদুল ফিতৰ এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে হোজাই জিলাৰ বিভিন্ন দল-সংঘঠনে ঈদ উপলক্ষে বজাৰত ভিৰ নকৰিবলৈও আহ্বান জনাইছে,মোৰাঝাৰৰ একমাত্ৰ ঈদগাহ ময়দানত অনুষ্ঠিত হবলগীয়া ঈদুল ফিতৰৰ নামাজ এইবেলি দেশৰ বৰ্তমানৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমুহীয়াভাৱে নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে মোৰাঝাৰ আঞ্চলিক ঈদগাহ সমিতিয়ে।

ইছলামিক ইউনিভাৰ্ছিটি দাৰুল উলুম দেওবন্দৰ নিৰ্দেশ অনুযায়ী ঈদৰ নামাজ মছজিদত ৪(চাৰি)জন ব্যক্তিয়ে আদায় কৰিব আৰু বাকী সকলে নিজ নিজ বাসগৃহত ৫(পাচঁ)ওৱাক্তৰ নামাজ নিজ বাসগৃহত আদায় কৰাৰ বাবে অনুৰোধ জনাইছে। কোভিড-১৯ প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰে দিয়া নীতি নিৰ্দেশনা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে অনুৰোধ জনাইছে হোজাই জিলাৰ মোৰাঝাৰ আঞ্চলিক ঈদগাহ সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in