ঈদ মোবাৰক…

ঈদ মোবাৰক…

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলে ঘৰে ঘৰে পঢ়িছে নামাজ। অৱশ্যে পূৰ্বৰ দৰে উচাহ নাই এইবাৰ ঈদত। কিয়নো চাৰিওদিশে এতিয়া কোৰোনাৰ সংক্ৰমণ। সোমবাৰ অৰ্থাৎ ১৯ জুলাইত কোৰোনাৰ নতুন এছ অ' পিত উল্লেখ কৰা অনুসৰি, এইবাৰ ৰাজহুৱা স্থানত পঢ়িব নোৱাৰিব ঈদৰ নামাজ। সেয়েহে সকলো ইছলাম ধৰ্মী লোকক ঘৰতে ঈদ উদযাপন কৰিবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

ইফালে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আছু জ্যেষ্ঠ নেতা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বহুজনে ছ'চিয়েল মিডিয়াযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে সকলোৰে সুস্বাস্থ্য আৰু সমাজত শান্তিৰ বাবে কামনা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in