শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

ভাৰতীয় সেনাৰ বাবে ক্ৰয় কৰা হ’ব ১০ লাখ নতুন হেণ্ড গ্ৰেণেড

305

ডিজিটেল ডেস্কঃ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণৰ পিছত সেনাৰ সুৰক্ষাৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে ভাৰত চৰকাৰে। ভাৰত-পাকস্তিনাৰ মাজত চলি থকা অশান্ত পৰিস্থিতি আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰ বাবে ভাৰতীয় সেনাৰ অধিক শক্তিশালী কৰি তুলিবলৈ এইবাৰ ১০ লাখ নতুন গ্ৰেণেড ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত আলোচনা চলিছে। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীৰ সন্মতি প্ৰদানৰ পিছতে ১০ লাখ হেণ্ড গ্ৰেণেড ক্ৰয়ৰ সিদ্ধান্তত মোহৰ লগোৱা হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, ভাৰতীয় সেনাই বৰ্তমান ব্যৱহাৰ কৰা এইছ ই ৩৬ গ্ৰেণেডৰ পৰিৱৰ্তে এই নতুন গ্ৰেণেড ব্যৱহাৰৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। এই গ্ৰেণেড ক্ৰয়ৰ বাবে ইতিমধ্যে চৰকাৰে ৫০০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা বুলিও এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰিত প্ৰকাশ পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি