শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদৰ বৃহৎ ভূমিত হ’ব মীন পালন…

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় চৌহদৰ বৃহৎ ভূমিত হ’ব মীন পালন…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া আটুৱাটিকাত নিৰ্মিয়মান অৱস্থাত থকা শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত হয়। বিশ্ববিদ্যালয় চৌহদ পৰিদৰ্শন কৰি তেওঁ এখন সভাত অংশ গ্ৰহণ কৰে।

নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিভাৰে, দলংঘাট উন্নয়ন খণ্ডৰ বিষয়ববীয়া, গাঁও পঞ্চায়ত কৰ্মী , শংকৰদেৱৰ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, বিষয়ববীয়া সকলৰ উপস্থিতিত "অসম চৰকাৰৰ অভিলাষী আঁচনি অমৃত সৰোবৰ অধীনত শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয় চৌহদৰ বৃহৎ ভূমিত মীন পালন" হ'ব বুলি ঘোষণা কৰে।

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জয়সাগৰ পুখুৰী শিৱসাগৰ পুখুৰীৰ কথা উল্লেখ কৰি, তেনে আৰ্হিত বিশ্ববিদ্যালয় চৌহদত পুখুৰীসমূহ খন্দা হ'ব বুলি প্ৰকাশ কৰে। লগতে বিশ্ববিদ্যালয়ৰ চৌহদত হৈ থকা ভূমি বেদখল সন্দৰ্ভত শিঘ্ৰে চৰকাৰী নিয়ম অনুুসৰি উচ্ছেদ চলিব বুলি জানিব দিয়ে। প্ৰতিকূল বতৰকো নেউচি পোন প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়ত শিক্ষামন্ত্ৰীৰ উপস্থিতিত উৎফুল্লিত হৈ পৰে বিশ্ববিদ্যালয় কতৃপক্ষ।

ক্লিক কৰি পঢ়কঃ গুৱাহাটী…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in