জৈৱিক সাৰৰে খেতি কৰি বিশ্বনাথৰ শিক্ষিত যুৱকে পাচলিৰে দখল কৰিছে ৰাজ্যৰ বজাৰ…

জৈৱিক সাৰৰে খেতি কৰি বিশ্বনাথৰ শিক্ষিত যুৱকে পাচলিৰে দখল কৰিছে ৰাজ্যৰ বজাৰ…

ডিজিটেল সংবাদ,বিশ্বনাথ : নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ ফলত ৰাজ্যৰ একাংশ যুৱক যুৱতী বিপথে পৰিচালিত হোৱাৰ বিপৰীতে আন একাংশই আকৌ নিজকে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কোনোৱে যদি ব্যৱসায় কৰিছে, আন কোনোৱে কৃষি কাৰ্যত ব্যস্ত হৈ পৰিছে। বিশ্বনাথৰ কেইগৰাকী মান শিক্ষিত যুৱকে চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি অসম অৰুণাচল সীমান্তৱতী অঞ্চল মিজিকাত 'পাভৈ জৈৱিক কৃষি ফাৰ্ম' নামাকৰণেৰে ২০১৮ চনতে কৃষি ফাৰ্মখন আৰম্ভ কৰে।

নীলম দত্ত, দেববৰত মেধি, কপিল বৰা, দিগন্ত বৰা, কুশল দৈমাৰী, তপন গোস্বামী, ভাস্কৰ বৰা, অঞ্জন ভাগৱতী, জ্যোতিময় বৰকটকী, অভিজিত দাস নামৰ শিক্ষিত যুৱক কেইজনে মিজিকাত ৫১বিঘা মাটিত নিজকে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে জৈৱিক খেতিৰ সূচনা কৰে।

বৰ্তমান ৰাজ্যৰ চাৰিওদিশে মাথো ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ প্ৰয়োগৰে একাংশ কৃষকে মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে এনে শাক পাচলি বিক্ৰী কৰিব অধিক ধন ঘটাৰ প্ৰৱণতা গঢ়ি তুলিছে। শাক পাচলিত অধিক ঔষধ প্ৰয়োগ কৰিছিল খেতিৰ উৎপাদন বৃদ্ধি কৰিছে, যদিও ইয়াৰ ফলত এইসমূহ খাদ্য গ্ৰহণ কৰিছিল ৰোগীয়া হৈ পৰিছে বহুজন। জৈৱিক শাক পাচলি এতিয়া বজাৰত দেখিবলৈ য়ে নোপোৱা হৈ আহিছে।

এই ক্ষেত্ৰত বিশেষ ভাৱে গুৰুত্ব দি বিশ্বনাথৰ এইসকল যুৱকে পাভৈ জৈৱিক কৃষি ফাৰ্ম ত জৈৱিক সাৰ প্ৰয়োগৰে বন্ধা কবি, ফুল কবি, বাকচৈ, বেঙেনা, ওলকবি, বিট, মটৰমাহ, লাও, আলু, ৰঙালাউ,অমিতা, বিলাহী, গাজৰ , মুলা আদি বিভিন্ন ধৰণৰ খেতি কৰিছে।

ফাৰ্ম খনৰ যুৱকসকলে বিশ্বনাথৰ সাপ্তাহিক, দৈনিক বজাৰৰ লগতে বিশ্বনাথ নগৰৰ ঠায়ে ঠায়ে দোকান খুলি ৰাইজক জৈৱিক সাৰৰ শাক পাচলি খুৱাবলৈ সক্ষম হৈছে। এতিয়া বিশ্বনাথৰ পাভৈ জৈৱিক কৃষি ফাৰ্মৰ শাক পাচলিৰে ৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বিশ্বনাথৰ এই শিক্ষিত যুৱকসকলৰ জৈৱিক খেতিৰ প্ৰতি আকৰ্ষিত হৈ বহু কৃষকে এতিয়া জৈৱিক সাৰ প্ৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in