ৰাষ্ট্ৰপতি নিৰ্বাচন…

ৰাষ্ট্ৰপতি নিৰ্বাচন…

সোমবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে দেশৰ পঞ্চদশ গৰাকী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব। দেশৰ ৰাষ্ট্ৰপতিগৰাকীক পোনপটীয়াকৈ জনসাধাৰণৰ ভোটেৰে নিৰ্বাচন কৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিয়া নাই। পৰোক্ষ গণতান্ত্ৰিক পদ্ধতিৰে সাংসদ-বিধায়ক হিচাপে নিৰ্বাচিত ৪,৮০৯ গৰাকী প্ৰতিনিধিয়ে ভোটদান কৰি নিৰ্বাচন কৰিব ৰাষ্ট্ৰপতিগৰাকীক। ৰাষ্ট্ৰপতিগৰাকী দেশৰ সাংবিধানিক মুৰব্বী হ'লেও এই পদটোৰ ক্ষমতা তেনেই সীমিত, যাৰ বাবে পদটোক 'ৰাবাৰ ষ্টাম্প' বুলিও কটাক্ষ কৰে খোদ ৰাজনৈতিক ব্যক্তিসকলেই।

ক্ষমতা যিয়েই নহওক কিয়, দেশৰ মুৰব্বীৰ ৰূপত সংবিধানে পদটো দেশবাসীক দিছে আৰু সেই পদটোত অধিষ্ঠিত হ'বলগা পঞ্চদশগৰাকী নেতাৰ নিৰ্বাচনৰ বাবে জনপ্ৰতিনিধিসকলে ভোটদান কৰিছে। কোনে শেষ হাঁহি মাৰিব পাৰে, তাৰ ৰেঙনি পোৱা গৈছেই যদিও আনুষ্ঠানিক ফলাফল প্ৰকাশ হ'ব অহা ২১ জুলাইত।

গান্ধীবাদীসকলৰ মাজৰ শ্ৰেষ্ঠ গান্ধীবাদী ড০ ৰাজেন্দ্ৰ প্ৰসাদ, পণ্ডিতসকলৰ মাজৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণন, বিশ্ববিশ্ৰুত বিজ্ঞানী ড০ এ পি জে আব্দুল কালামৰ দৰে ব্যক্তিত্বই অলংকৃত কৰি মহীয়ান কৰা ৰাষ্ট্ৰপতিৰ আসনখনত কোন বহিব, তাৰ প্ৰতি জনসাধাৰণৰ কৌতূহল এইবাবেই থাকে যে ক্ষমতা সীমিত হ'লেও আসনখনৰ মৰ্যাদা সৰ্বাধিক আৰু বিশ্বৰ সন্মুখত তেওঁ হৈ পৰে ভাৰতৰ মুখপাত্ৰ।

দেশৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এই দ্ৰৌপদী মুৰ্মুক মৰ্চাৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনটোত অৱতীৰ্ণ কৰাইছে আৰু তেওঁৰেই বিজয় প্ৰায় নিশ্চিত। গতিকে ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ পিচপৰা আদিবাসী গাঁৱৰ পৰা উত্থান ঘটা দ্ৰৌপদী মুৰ্মুক দেশ আৰু বিশ্বই ভাৰতৰ মুখপাত্ৰৰ ৰূপত দেখাটো একপ্ৰকাৰ খাটাং। গৌৰৱৰ কথা যে মুৰ্মু বিজয়ী হ'লে দেশে পাব প্ৰথমগৰাকী জনজাতীয় তথা আদিবাসী ৰাষ্ট্ৰপতি।

গৌৰৱৰ কথা যে মুৰ্মু বিজয়ী হ'লে দেশে পাব প্ৰথমগৰাকী আদিবাসী নেত্ৰীক দেশৰ সৰ্বোচ্চ সাংবিধানিক পদটোত বহুৱাবলৈ আগবাঢ়িছে, সেই সময়ত তেওঁৰ জন্ম গাঁওখনে প্ৰথমবাৰৰ বাবে বিদ্যুতৰ মুখ দেখাৰ বাতৰি প্ৰচাৰ হৈছে। স্বাধীনতাৰ ৭৫ বছৰলৈকে বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ থকা দ্ৰৌপদী মুৰ্মুৰ জন্ম গাঁও ময়ূৰভঞ্জ জিলাৰ উপৰবেদা গাঁওখনত চৰকাৰে বিদ্যুতৰ খুঁটা পেলোৱাৰ নিৰ্দেশ দিয়ে মুৰ্মুক ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰা পিচদিনা।

মুৰ্মুৰ ভতিজাকৰ পৰিয়ালকে ধৰি গাঁওখনৰ ৰাইজে দীৰ্ঘদিন ধৰি কাকূতি-মিনতি কৰি থকা স্বত্ত্বেও বিদ্যুৎ সংযোগ হোৱা নাছিল, যিটো কাম মুৰ্মুক ৰাষ্ট্ৰপতি প্ৰাৰ্থী ঘোষণা কৰা পিচদিনাই সম্ভৱ হৈ উঠিল। এয়া আচলতে ভাৰতীয় ৰাজনৈতিক শাসন ব্যৱস্থাটোৰ চৰিত্ৰ। ক্ষমতাশালী নেতাৰ পিচতহে দৌৰে চৰকাৰ-প্ৰশাসন। দ্ৰৌপদী মুৰ্মুৱে গাঁওখনৰ পৰা ওলাই গৈ ২০ কিলোমিটাৰ দূৰৈৰ ৰাইৰাংপুৰ নগৰত থাকিবলৈ লোৱা এক দশকৰ বেছি হ'ল।

১৯৯৭ চনৰ পৰাই বিভিন্ন ৰাজনৈতিক পদবীত অধিষ্ঠিত হোৱা মুৰ্মু ওড়িশাৰ মন্ত্ৰী আছিল, ঝাৰখণ্ডৰ ৰাজ্যপালো আছিল। কিন্তু তেওঁ তেতিয়ালৈকে নিজৰ জন্ম গাঁওখনক বিজুলীৰ চাকিৰে পোহৰাব পৰা নাছিল। এইটো ব্যক্তিগতভাৱে দ্ৰৌপদী মুৰ্মুৰ ব্যৰ্থতা বুলি ক'লেও ভুল হ'ব, আচলতে আমাৰ প্ৰশাসনীয় আৰু উন্নয়নী ব্যৱস্থাটোৰহে দুৰ্বলতা। অসমতো বহু আদিবাসী, জনজাতীয় নেতা ক্ষমতাসীন হৈ আছে, গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদো লাভ কৰিছে; কিন্তু তেওঁলোকে প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়ৰ মানুহৰ অৱস্থাৰ পৰিবৰ্তন সাধিবলৈ সক্ষম হোৱা নাই একমাত্ৰ ব্যৱস্থাটোৰ দুৰ্বলতাৰ বাবে।

এতিয়া দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি হৈ ব্যৱস্থাটোৰ পৰিবৰ্তনত কেনেধৰণৰ ভূমিকা ল'ব, সেয়া লক্ষণীয় হ'ব। ইতিপূৰ্বে উল্লেখ হৈছেই যে মুৰ্মু বিজয়ী হ'লে তেওঁ হ'ব দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি। ২০১২ চনতেই আমাৰ দেশ সেই গৌৰৱৰ অধিকাৰী হ'ব পাৰিলেহেঁতেন, যদিহে সেইবাৰৰ নিৰ্বাচনত বিজেপিৰ সমৰ্থনত অৱতীৰ্ণ হোৱা পি এ চাংমাৰ প্ৰাৰ্থিত্বক কংগ্ৰেছকে ধৰি অন্য দলবোৰে সমৰ্থন দিয়াৰ বদান্যতা দেখুৱালেহেঁতেন। চাংমাৰ দৰে শক্তিশালী জনজাতীয় নেতা এগৰাকী ৰাষ্ট্ৰপতি হোৱা হ'লে উত্তৰ-পূবৰ লগতে দেশৰ মান উজ্জ্বল হ'লহেঁতেন।

কিন্তু ভাৰতীয় ৰাজনীতিৰ পাকচক্ৰই সেইটো হ'বলৈ নিদিলে। এইবাৰৰ নিৰ্বাচনত মুৰ্মুৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা একালৰ বিজেপিৰ শক্তিশালী নেতা, দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী যশৱন্ত শুন্হা নিঃসন্দেহে এগৰাকী যোগ্য ব্যক্তি। কিন্তু বিজেপিৰ ৰণকৌশল তথা বিৰোধী শিবিৰত প্ৰকট হৈ পৰা বিভাজনে সিন্হাক বিজয়ৰ হাঁহি মাৰিবলৈ নিদিয়াটোৱেই হয়তো অৱশ্যম্ভাৱী, অৱশ্যে ফলাফল নোলোৱাপৰ্যন্ত জয়-পৰাজয়ক লৈ চূড়ান্ত ধাৰণা লোৱা অনুচিত।

যি কি নহওক, নিৰ্বাচনৰ ভোটদান হৈ গৈছে। যিয়েই নিজিকক, তেওঁ হ'ব দেশৰ প্ৰথমগৰাকী নাগৰিক। তাৰ পিচত আৰু তেওঁৰ জাতি-সম্প্ৰদায়ৰ অতীত বিচাৰ্য হৈ নাথাকিব। তেওঁ হ'ব ৰাষ্ট্ৰনেতা, দেশৰ মুখপাত্ৰ। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ ব্যক্তিত্ব, দক্ষতা, বাকপটুতা, ভাবমূৰ্তিয়ে বিশ্বৰ সন্মুখত দেশখনৰ অৱস্থাটোক প্ৰতিনিধিত্ব কৰে।

আজিৰ বিশ্বায়নৰ যুগত এইটো অতি গুৰুত্বপূৰ্ণ কথা। ট্ৰাম্প আৰু বাইডেনৰ তুলনা যেনেকৈ সমগ্ৰ বিশ্বই কৰে, তেনেকৈ আমাৰ নেতাসকলৰো ভাবমূৰ্তিৰ বিশ্বত তুলনা হৈ আছে, ভৱিষ্যতেও হ'ব। সেইমতে নিৰ্ণয় হ'ব ভাৰতৰ স্থান-মান। পৰৱৰ্তী ৰাষ্ট্ৰপতিগৰাকীয়ে যাতে দেশৰ মান উজ্জ্বল কৰিব পাৰে, সেয়াই দেশবাসীৰ আশা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in