প্ৰতিবাদৰ জুই

প্ৰতিবাদৰ জুই

উত্তৰপ্ৰদেশৰ লখিমপুৰৰ খেৰিত প্ৰতিবাদী কৃষকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাই দেশৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ে চাৰিগৰাকীকৈ খেতিয়কক মহটিয়াই নিয়া আৰু সেই ঘটনাত প্ৰত্যক্ষভাৱে মন্ত্ৰী-পুত্ৰৰ নাম জড়িত হৈ পৰা বিষয়টোৱে সম্প্ৰতি সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ ভিডিঅ' ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। সংযুক্ত কিষাণ মৰ্চা নামৰ যিটো সংগঠনৰ উদ্যোগত প্ৰায় ১০ মাহ ধৰি ৰাজনীতি দিল্লীৰ সীমান্ত অঞ্চলত বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলন চলি আছে, সেই সংগঠনটোৰ নেতৃত্বই কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। ইফালে কৃষক সংগঠনটোৰ তৰফৰ পৰা কৃষকৰ প্ৰতিবাদক লৈ বিতৰ্কিত মন্তব্য কৰা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীও কৰা হৈছে। ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলৰ মতে, উক্ত কনভয়ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীৰ পুত্ৰই চলোৱা গাড়ীখনো আছিল।

মন্ত্ৰী পুত্ৰৰ মতে তেওঁ ঘটনাস্থলীৰ পৰা ৪ কিলোমিটাৰ দূৰত্বত আছিল। কিন্তু এতিয়া এই ধৰণৰ অভিযোগ প্ৰতিঅভিযোগতে বিষয়টো সীমাবদ্ধ হৈ থকা নাই। বিৰোধী ৰাজনৈতিক শিবিৰত উত্তৰপ্ৰদেশৰ যোগী চৰকাৰৰ বিৰুদ্ধে প্ৰবল জনমত সৃষ্টি হৈছে। ছোনিয়া গান্ধী, অখিলেশ যাদৱকে ধৰি বিৰোধী নেতৃত্বক ঘটনাস্থলীলৈ যাবলৈ দিয়া হোৱা নাই যদিও সংবাদ মাধ্যমযোগে বিষয়টো ক্ৰমান্বয়ে ৰাজনৈতিভাৱে জটিল ৰূপ লৈছে। এই ৰাজনৈতিক জটিলতা সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে ঘটনাৰ লগত জড়িত হৈ পৰা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী আৰু তেওঁৰ পুত্ৰ। যিদিনাখন ঘটনটো ঘটিছিল, তাৰ কিছুদিন আগতে কৃষকৰ আন্দোলনক লৈ ৰাজহুৱা ভাৱে বিৰূপ মন্তব্য কৰা মন্ত্ৰী অজয় মিশ্ৰয়ো মোডী চৰকাৰক নিশ্চয়কৈ বিপাঙৰ পেলাইছে। ইফালে, উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনক লৈ নানা জল্পনা-কল্পনা চলি থকাৰ মাজতো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ঘটনাটোক কেন্দ্ৰ কৰি বিমোৰত পৰিবলগা হৈছে। কথা হ'ল- কৃষক আন্দোলন চলি আছে, চলি থাকিব। কেন্দ্ৰৰ ফালৰ পৰা যিমান পাৰি তাৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান লোৱাৰ চেষ্টা চলোৱা দেখা গৈছে।

বিষয়টোক লৈ কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত নিজৰ স্থিতি দোহাৰিবলৈ এটৰ্নি জেনেৰেলক দায়িত্ব দি থৈছে। তাৰ মাজতে আন্দোলনটোক বিভিন্ন প্ৰকাৰে হিংসাত্মক ৰূপ দিয়াৰ বাবেও অজুহাত বিচাৰি আছিল চৰকাৰী মহলে। কিন্তু লখিমপুৰৰ ঘটনাই যেন সকলো ওলট-পালন কৰি দিলে। ঘটনাটোৰ আলম লৈ এতিয়া কৃষকৰ হিংসাৰ আশ্ৰয় লোৱা বুলি প্ৰত্যক্ষভাৱে অভিযুক্তও কৰিব নোৱাৰি। কাৰণ কৃষকৰ জমু এটাক গাড়ীৰে মহটিয়াই নিয়াৰ পিচত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে কেৱল কৃষকক জগৰীয়া কৰাৰ অৱকাশ নাই। সংযুক্ত কিষাণ মৰ্চাৰ নেতৃবৃন্দয়ো এই কথা দোহাৰি আহিছে যে লখিমপুৰ খেৰিৰ ঘটনাই কৃষকৰ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ ধাৰাটোক ব্যাহত কৰিব নোৱাৰে। এই প্ৰেক্ষাপটত স্বাভাৱিকতে কৃষকৰ প্ৰতিয়েই দেশবাসীৰ সহমৰ্মিতা বাঢ়িছে। ৰাইজৰ ওচৰত সকলো কথা স্পষ্ট হৈ পৰিছে। কাৰণ মন্ত্ৰীৰ কনভয়ে প্ৰতিবাদী কৃষকক মহটিয়াই নিয়া দৃশ্যক লৈ ইতিমধ্যে সৰ্বত্ৰ চৰ্চা চলিছে। তাৰ পাছতো মুখ্যমন্ত্ৰী আদিত্যনাথে লক্ষ্ণৌত অমৃত মহোৎসৱত অংশ লৈছে।

কিন্তু লখিমপুৰ খেৰিৰ দুৰ্ভাগ্যজনক ঘটনাটোত নিহত কৃষকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এটা বাক্যও তেওঁ উচ্চাৰণ নকৰিলে। মুখ্যমন্ত্ৰীৰগ কথা বাৰু বাদেই দিলো, আজিলৈকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আনকি কৃষক আন্দোলনত ভাগ ল'বলৈ আহি বিভিন্ন কাৰণত মৃত্যুক সাৱটি লোৱা প্ৰায় ৭০০ কৃষক ছহিদৰ স্মৃতিচাৰণৰ অৰ্থে ৰাজহুৱাকৈ ক'তো এষাৰ মন্তব্যও প্ৰকাশ কৰা নাই। চৰকাৰৰ কথা হ'ল- প্ৰতিবাদী কৃষকক বিৰোধীয়ে প্ৰৰোচিত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত দাঙি ধৰা চৰকাৰী প্ৰতিনিধিৰ বক্তব্যয়ো এই কথাৰে উমান দিছে। যোৱা সোমবাৰে এটৰ্নি জেনেৰেল কেকে বেনুগোপাল আৰু ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই সৰ্বোচ্চ ন্যায়ালয়ৰ সন্মুখত কৃষক আন্দোলনৰ আইনগত বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁলোকৰ মতে কৃষকে যি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলন কৰিছে, তাৰ সাংবিধানিক বৈধতাৰ বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্ধাৰণ কৰিব। উল্লেখ্য যে, শাসক পক্ষৰ পৃষ্ঠপোষকতাতেই ৰাজস্থানৰ এক অখ্যাত কৃষক সংগঠনে সৰ্বোচ্চ ন্যায়ালয়ত কৃষি আইনক লৈ আবেদন দাখিল কৰিছিল। কিন্তু সেই সংগঠনটো সংযুক্ত কিষাণ মৰ্চাৰ অন্তৰ্ভুক্ত নহয়।

উক্ত আবেদনৰ ভিত্তিতে যোৱা জানুৱাৰী মাহত সৰ্বোচ্চ ন্যায়ালয়ে কৃষি আইন ৩খনৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ আৱেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ শুনানি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তাৎপৰ্যপূৰ্ণভাৱে সংযুক্ত কিষাণ মৰ্চাই এতিয়ালৈকে এই ধৰণৰ গোচৰ বা আবেদনৰ পৰা নিজকে নিলগাই ৰাখিছে। তেওঁলোকৰ দাবী হ'ল চৰকাৰে কৃষি আইন প্ৰত্যাহাৰ কৰিব লাগে। গতিকে দেখা গৈছে যে কৃষক আন্দোলনৰ নেতৃত্বই অতি বিচক্ষণতাৰে তেওঁলোকৰ গণতান্ত্ৰিক প্ৰতিবাদেৰে দেশব্যাপী জনমত গঠন কৰাৰ সুযোগ লৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে কৃষক আন্দোলনটোক দমন কৰা বা বিপথে পৰিচালিত কৰাৰ সুযোগো নাইকিয়া হৈ পৰিছে। যেতিয়ালৈকে সৰ্বোচ্চ ন্যায়ালয়ে এইক্ষেত্ৰত স্পষ্ট নীতি-নিৰ্দেশনা জাৰি নকৰে, তেতিয়ালৈকে অন্ততঃ কৃষকৰ প্ৰতিবাদ গণতান্ত্ৰিকভাৱেই চলি থাকিব। ইতিমধ্যে এই প্ৰতিবাদে সময়ৰ হিচাপত এক ইতিহাস সৃষ্টি কৰিছে। কিন্তু এই ইতিহাসে শাসক পক্ষৰ অৱস্থান কিদৰে নিৰ্ণয় কৰে, সেয়াহে লক্ষণীয় হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in