নিৰ্বাচনী ব্যয়

নিৰ্বাচনী ব্যয়

চেন্টাৰ ফৰ মিডিয়া ষ্টাডিজ নামৰ বিশ্বস্ত তথা প্ৰতিষ্ঠিত সংস্থাটোৱে অলপতে লোকসভা নিৰ্বাচনী ব্যয় সম্পৰ্কীয় কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। এই তথ্যবোৰে দেশৰ সচেতন মহলক জোকাৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভাৱনীয় প্ৰত্যাৱৰ্তন আৰু শাসক পক্ষৰ অভূতপূৰ্ব বিজয়ে সম্প্ৰতি দেশবাকীক উদ্বেলিত কৰি ৰাখিছে বাবেই হয়তো এইধৰণৰ বিষয়ক লৈ বিশেষ চৰ্চা হোৱা নাই। বিজয়ৰ আৱেগেৰে পৰিৱেষ্টিত জনসাদাৰণে ক্ষমতাসৰ্বস্ব ৰাজনীতিয়ে কোন দিশে গতি কৰিছে, তাক অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই।

কিন্তু সেই বুলিয়েই বাস্তৱতাক অস্বীকাৰ কৰিব নোৱাৰি। চেন্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ প্ৰতিবেদনমতে এইবাৰৰ লোকসভা নিৰ্বাচনত দেশত প্ৰায় ষাঠি হাজাৰ কোটি টকা ব্যয় হৈছে। ইয়াৰে প্ৰায় ৪৫ শতাংশ ধন, অৰ্থাৎ প্ৰায় সাতাইশ হেজাৰ কোটি টকা ব্যয় কৰি শাসক দল বিজেপি শীৰ্ষত আছে। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিয়ে ব্যয় কৰা এই ধন আমাৰ দেশৰ বাৰ্ষিক শিক্ষা বাজেটৰ প্ৰায় ৩০ শতাংশ, স্বাস্থ্য খণ্ডৰ বাবে নিৰ্ধাৰিত বাজেটৰ হিচাপত মুঠ ধনৰ ৪০ৰ পৰা ৪৩ শতাংশ আৰু দেশৰ প্ৰতিৰক্ষা বাজেটৰ প্ৰায় ১০ শতাংশ ধনৰ সম পৰিমাণৰ।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে এম জি এনৰেগাৰ নামত ব্যয় হোৱা বাৰ্ষিক ধনৰ প্ৰায় ৪৫ শতাংশ হৈছে ২৭ হেজাৰ কোটি টকা। আন এক হিচাপমতে ১৩ হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্য গংগা নৈৰ পৰিষ্কাৰৰ আঁচনি 'নমামি গংগা'ৰ নামত ২০১৪চনৰ পৰা চলিত বৰ্ষলৈ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছিল প্ৰায় ২৪ হেজাৰ কোটি টকা। গতিকে বিজেপিয়ে এই নিৰ্বাচনত ব্যয় কৰা ধনৰ পৰিমাণ তাতকৈও বেছি।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- সংস্থাটোৱে প্ৰকাশ কৰা নিৰ্বচনী ব্যয়ৰ তথ্য অনুসৰি শাসক দলটোৰ ব্যয়ৰ হিচাপত দ্বিতীয় স্থানত থকা আন দলবোৰৰ কোনো তুলনাই নহয়। সেই দলবোৰৰ স্থান মুঠ ব্যয়ৰ ১২ৰ পৰা ২০ শতাংশলৈ নিৰ্ধাৰিত হৈছে। তাৰ অৰ্থ হ'ল কেৱল আসনৰ ক্ষেত্ৰতে নহয়, ধনবলতো শাসক পক্ষৰ পৰা শ যোজন দূৰত্বত আছে বিৰোধী শিবিৰ।

ইফালে, উক্ত সংস্থাটোৰ প্ৰতিবেদনমতে ১৯৯৮চনৰ পৰা চলিত বৰ্ষলৈকে বিগত ২১টা বছৰত সৰ্বভাৰতীয় স্তৰত নিৰ্বাচনী ব্যয়ৰ হাৰ সাত গুণলৈকে বৃদ্ধি পাইছে। ইয়ে নিশ্চিতভাৱে নিৰ্বাচনৰ অত্যধিক বাণিজ্যিকীকৰমৰ দিশটোকে উন্মোচিত কৰিছে। যদি দেশৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যাৰ সৈতে এই নিৰ্বাচনত ব্যয়ৰ তুলনা কৰা হয়, তেন্তে প্ৰতিটো সংসদীয় সমষ্টিত ১০০ কোটিকৈ ব্যয় হোৱা বুলি ধৰিব পাৰি। লক্ষণীয়ভাৱে নিৰ্বাচনী ব্যয়ৰ এই ক্ৰমবৰ্ধমান গতিয়ে আমাৰ দেশৰ গণতন্ত্ৰৰ সম্পূৰ্ণ এক ওলোটা ছবিও প্ৰতিফলিত কৰিছে।

ধনবলেই যে নিৰ্বাচনত এক বিশেষ ভূমিকা পালন কৰিবলৈ লৈছে, সেই কথাও প্ৰতিপন্ন হৈছে। মুক্ত আৰু নিকা নিৰ্বাচনৰ ধাৰণাটোও এইক্ষেত্ৰত সলনি হ'বলৈ ধৰিছে। দৰাচলতে কথাটো কেৱল কোনো ৰাজনৈতিক দলকেন্দ্ৰিক নহয়। আজি বিজেপিয়ে দেশ শাসন কৰিছে, অহাবাৰ হয়তো অন্য দলৰ নেতৃত্বলৈ দেশৰ শাসনভাৰ যাব। কিন্তু বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ শাসন ব্যৱস্থা সুচাৰুৰূপে চলি থকাৰ ক্ষেত্ৰত নিৰ্বাচনী ব্যয়ৰ এই বৃহৎ অংকই যে এদিন প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব, সিও ধুৰুপ।

সেয়েহে গণতন্ত্ৰক সবল কৰি ৰখাৰ স্বাৰ্থত নিৰ্বাচনৰ যি সক্ৰিয় ভূমিকা থাকে তাত ধনবলে যাতে প্ৰভাৱান্বিত কৰিব নোৱাৰে, সেই দিশত সকলো পক্ষ সতৰ্ক হোৱাটো জৰুৰী হৈ পৰিছে। যিবোৰ কৰ্পৰেট গোষ্ঠীয়ে নিজ নিজ ব্যৱসায়িক স্বাৰ্থত ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনত পুঁজিৰ যোগান ধৰে, তেওঁলোকে দেশৰ গৰিব-দুখীয়া জনসাধাৰণৰ জীৱন-জীৱিকাৰ সুৰক্ষাৰ নিশ্চয়তা দিব নোৱাৰে। বৰং শাসন ক্ষমতালৈ অহাসকলহে নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত বৃহৎ কৰ্পৰেট গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন হ'বলৈ বাধ্য হোৱা পৰিলক্ষিত হয়। এয়া মুঠেই জনকল্যাণকামী ৰাজনীতিৰ পৰিচায়ক নহয়। কথাটো গভীৰভাৱে বিবেচনাযোগ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in