প্ৰত্যাহ্বানৰ এবছৰ

প্ৰত্যাহ্বানৰ এবছৰ

ইংৰাজী বৰ্ষৰ হিচাপত মোডী চৰকাৰৰ কাৰ্যকালৰ অন্তিমটো বছৰ ২০১৮ চনটো৷ এই বৰ্ষটো যিদৰে দেশৰ জনসাধাৰণৰ বাবে আছিল এক প্ৰত্যাহ্বানৰ বছৰ, সেইদৰে অহা পঞ্চাশ বছৰলৈ দেশ শান কৰাৰ হুমকি দিয়া অমিত শ্বাহ বাহিনীৰ বাবেও ২০১৮ বৰ্ষটো একপ্ৰকাৰ হতাশাৰ বছৰ হিচাপেই চিহ্নিত হৈ ৰ'ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে সমাগত নতুন বৰ্ষটোতে পুনৰ জনসাধাৰণৰ ওচৰলৈ 'জনাদেশ' বিচাৰি যাব৷ মাজতে মাত্ৰ দুটামান মাহহে বাকী৷

২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুখামুখি হ'ব শাসক-বিৰোধী উভয় পক্ষই৷ বঞ্চিত-শোষিত জনসাধাৰণৰ অলেখ প্ৰশ্নৰ সন্মুখীন হ'বলৈ সাজু শাসকীয় দলবোৰক প্ৰত্যাশা পূৰণৰ তাগিদা কিন্তু অনেক৷ তাৰ মাজতে ব্যৰ্থতাৰ দীঘলীয়া তালিকাই ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ লক্ষ্য নিৰ্ধাৰণো কৰিব৷ প্ৰশ্ন উত্থাপন হ'ব- ৰাম মন্দিৰ নিৰ্মাণ নে নিবনুৱাৰ কৰ্মসংস্থাপন? কাক প্ৰাধান্য দিয়া হ'ব৷ লক্ষ লক্ষ কৃষকৰ জীয়াই থকাৰ আহিলাবোৰ সুৰক্ষিত হ'ব নে বৃহৎ কৰ্প'ৰেটৰ স্বাৰ্থ পূৰণ কৰা হ'ব? চলিত বৰ্ষটোত দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বিভিন্ন ৰাজ্য শাসক দলটোৰ অভেদ্য দূৰ্গ হিচাপে চিহ্নিত হৈছিল, সেইবোৰতো শ্ৰমজীৱী জনসাধাৰণে প্ৰচলিত ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে৷

সেয়া লাগিলে উত্তৰ প্ৰদেশৰ গোৰখপুৰ অথবা কৈৰানাই হওক বা বিহাৰ, ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশেই হওক; সকলোতে সংখ্যাগৰিষ্ঠ মানুহে প্ৰতিষ্ঠানবিৰোধী জনমত প্ৰকাশ কৰিছে৷ আমি কেৱল পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বিফলতাৰ কথাই ক'ব বিচৰা নাই; বিহাৰৰ দৰে ৰাজ্যতো আনকি জনসাধাৰণে উপ-নিৰ্বাচনৰ দ্বাৰা শাসকপক্ষৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতমুখী অৱস্থান লৈছে৷ ছত্তীশগড় আৰু ৰাজস্থানৰ দৰে ৰাজ্যত যোগী আদিত্যনাথে ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি অথবা 'গণেশ-হনুমান'ৰ জাত নিৰ্ণয় কৰিও ঋণগ্ৰস্ত কৃষকক টলাব নোৱাৰিলে৷

কংগ্ৰেছ-বিজেপিৰ শাসকীয় ৰাজনীতিৰ গণ্ডীৰ বাহিৰলৈ গৈ জনসাধাৰণে বিকল্প ৰাজনীতিৰো সন্ধান কৰিছে৷ দেখা গৈছে যে ভোটাৰে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছকো একেবাৰে উৎসাহেৰে আদৰি লোৱা নাই৷ কেৱল পৰিৱৰ্তনৰ ইংগিতহে দিছে৷ ইয়াৰ দ্বাৰা প্ৰতীয়মান হৈছে যে অন্ন-বস্ত্ৰ-বাসস্থানৰ নিশ্চয়তাহীন জীৱন অতিবাহিত কৰা গৰিষ্ঠসংখ্যক লোকক কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতিৰে বেছিদিনলৈ আভুৱা ভাঁৰিব পৰা নাযাব৷

এই কথা উপলব্ধি কৰিয়ে কংগ্ৰেছে শপতগ্ৰহণৰ কেইঘন্টামান পাৰ নৌহওঁতেই কৃষকৰ ঋণ ৰেহাইৰ ঘোষণা কৰিবলগাত পৰিছে৷ এই বৰ্ষটোতে দেশৰ প্ৰধান বাণিজ্যিক চহৰ মুম্বাই আৰু ৰাজধানী দিল্লীৰ ৰাজপথ কঁপাই গ'ল বঞ্চিত কৃষকৰ কেইবাটাও প্ৰতিবাদী মিছিলে৷ তাৎপৰ্যপূৰ্ণভাৱে এই প্ৰতিবাদ প্ৰতিষ্ঠিত বাওঁপন্থী দলৰ বেনাৰতে সীমাবদ্ধ নাথাকিল৷ বৰং বিভিন্ন সামাজিক-সক্ৰিয় সংগঠনেও খেতিয়াকক সংগঠিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিলে৷

সবাতোকৈ লক্ষণীয় বিষয়টো হ'ল- দুই বিপৰীতমুখী ধাৰই এই সময়ছোৱাতে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাক সাংঘাতিকধৰণে প্ৰভাৱিত কৰিলে৷ যিসকলক শাসকপক্ষই 'আৰবান নক্সাল' অভিধাৰে সমাজক সমাজক একাষৰীয়া কৰাৰ চেষ্টা চলালে, তেওঁলোকৰ পক্ষতো আনকি সৰ্বস্তৰৰ জনমত প্ৰত্যক্ষ কৰা গ'ল৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়কে ধৰি বহুকেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাওঁপন্থী চিন্তাধাৰাৰ ধাৰাবাহিকতা পুনৰবাৰ প্ৰতিপন্ন হ'ল৷ কেইজনমান বছা বছা ব্যক্তিক গ্ৰেপ্তাৰ কৰি জে'লত ভৰাই থ'লেও ৰাজপথত কিন্তু শাসকে প্ৰতিবাদী কণ্ঠৰ বজ্ৰনিনাদ স্তব্ধ কৰিব নোৱাৰিলে৷ নোৱাৰাৰ যুক্তিসংগত কাৰণো সৃষ্টি হৈছে৷

আম্বানি কন্যাৰ কেইবাশ কোটিটকীয়া বিয়াত ব্যস্ত শাসকগোষ্ঠীৰ অলক্ষিতে দেশৰ জনগণৰ প্ৰতিৰোধ সংগ্ৰাম অব্যাহত আছে৷ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজকে দেশৰ প্ৰধান সেৱকৰ ভূমিকাত অৱতীৰ্ণ কৰোৱাৰ কথা কৈছে, তেওঁৰ অনুচৰবৰ্গৰ কৰ্ম-কাণ্ডই আকৌ দেশবাসীৰ পেটত হাত-ভৰি লুকুওৱাৰ দৰে অৱস্থা কৰিছেগৈ৷ দেশৰ বহুত্ববাদী সাংস্কৃতিক আঘাত কৰা সাম্প্ৰদায়িক ৰাজনীতিয়ে শাসকৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ বৃহৎ কৰ্প'ৰেট গোষ্ঠীয়ে ৰাজহুৱা সম্পদ লুটি বিদেশত আশ্ৰয় লোৱাৰ সময়তে বিমুদ্ৰাকৰণ, জি এছ টিৰ নেতিবাচক ফলাফলে চৰম অৰ্থনৈতিক বিপৰ্যয় নমাই আনিছে৷

এই মুহূৰ্তত দেশৰ এনে কোনো সৰ্বোচ্চ সংস্থা নাই, য'ত শাসকৰ অবাধ হস্তক্ষেপ পৰিলক্ষিত হোৱা নাই৷ৰিজাৰ্ভ বেংক, চি বি আইৰ দৰে প্ৰতিষ্ঠানতো এতিয়া একপ্ৰকাৰ অচলাৱস্থাৰ সৃষ্টি হৈছে৷ সামগ্ৰিকভাৱে এনে এক পৰিস্থিতিয়েই শাসক পক্ষৰ অস্তিত্বৰ সংকট মাতি আনিছে৷ সেই অৰ্থতে এই বৰ্ষটোক প্ৰত্যাহ্বানৰ বছৰ আখ্যা দিব পাৰি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in