‘পুলিচ ৰাষ্ট্ৰ!’

‘পুলিচ ৰাষ্ট্ৰ!’

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ এন আই এক অধিক ক্ষমতা দিয়াৰ লক্ষ্যৰে সোমবাৰে লোকসভাত সেই সম্পৰ্কীয় সংশোধনী বিধেয়কখন ধ্বনিভোটত গৃহীত হোৱাৰ পিচত বিৰোধীয়ে অভিযোগ আনিছে যে কেন্দ্ৰই ইয়াৰ জৰিয়তে দেশক 'পুলিচ-ৰাষ্ট্ৰ'ত পৰিণত কৰিব বিচাৰিছে। গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে এই সন্দৰ্ভত সদনত তীব্ৰ বাদানুবাদত লিপ্ত হোৱা বিৰোধীৰ কেইবাজনো সদস্যৰ মতে চৰকাৰে প্ৰতিবেশী ৰাষ্ট্ৰ বা বিদেশী ৰাষ্ট্ৰৰ সৈতে কোনোধৰণৰ প্ৰত্যৰ্পণ চুক্তি আি নোহোৱাকৈ এন আই এক বিপুল ক্ষমতা প্ৰদান কৰাৰ কোনো যুক্তি নাথাকে।

অৱশ্যে গৃহ মন্ত্ৰী শ্বাহে সদনত স্পষ্টভাৱে উল্লেখ কৰে যে মোডী চৰকাৰে সংশোধনী বিধেয়কখনৰ জৰিয়তে অকল দেশত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰতেই নহয়; প্ৰতিবেশী ৰাষ্ট্ৰৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলিবলগা তদন্ততো আইনগত বাধা আঁতৰ হ'ব।

গৃহ মন্ত্ৰীয়ে এই ক্ষেত্ৰত বিৰোধীক উক্ত আইনখনৰ অপব্যৱহাৰ নোহোৱাৰ নিশ্চয়তাও দিয়াৰ চেষ্টা চলায়। কিন্তু প্ৰশ্ন হয়- এন আই এৰ দৰে অনুসন্ধানকাৰী সংস্থাই বিগত সময়ছোৱাত দেশৰ আভ্যন্তৰীণ ক্ষেত্ৰত সৃষ্টি হোৱা কেতবোৰ সন্ত্ৰাসজনিত সমস্যাৰ তদন্তৰ ক্ষেত্ৰত লোৱা ভূমিকা কিমানদূৰ নিৰপেক্ষ আছিল? বেছিভাগ ক্ষেত্ৰতে দেখা গৈছিল যে এন আই এৰ তদন্তৰ প্ৰক্ৰিয়া অতি লেহেমীয়া হোৱাৰ লগতে শাসক পক্ষৰ ৰাজনৈত্ক হস্তক্ষেপে সংস্থাটোক নিয়ন্ত্ৰণ কৰাৰ অভিযোগো উত্থাপন হৈছিল।

বিশেষকৈ উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যত ইছলামিক মৌলবাগী সংগঠনৰ বিৰুদ্ধে যোৱা সময়ছোৱাত চলা এন আই এৰ তদন্তবোৰ ভেঁকোভাওনাত পৰিণত হোৱা প্ৰত্যক্ষ কৰা গৈছিল। আনকি আমাৰ অসমতো ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান অঞ্চলবোৰত মৌলবাদী-সন্ত্ৰাসবাদী সংগঠনৰ শুংসূত্ৰ উলিওৱাৰ নামত বহুখিনি কাম 'বহ্বাৰন্তে লঘুক্ৰিয়া'ৰ দৰে হৈছিলগৈ। নিৰ্বাচনৰ আগমুহূৰ্তত এই ধৰণৰ বিষয় লৈ অধিক প্ৰচাৰ চলোৱা হৈছিল যদিও পিচলৈ সকলো কথা তল পৰি ৰৈছিল।

তাৎপৰ্যপূৰ্ণভাৱে মালেগাঁও বিস্ফোৰণ বা সমঝোতা এক্সপ্ৰেছ বোমা বিস্ফোৰণ আদিৰ দৰে ঘটনাবোৰৰ ক্ষেত্ৰতো এন আইৰ এৰ তদন্ত প্ৰক্ৰিয়াক লৈ সচেতন মহলে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন থিয় কৰাইছিল। এইক্ষেত্ৰত অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা আৰু উচ্চ আদালততত গোচৰৰ আপীল কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে শাসক পক্ষৰ দ্বাৰা ব্যৱহৃত হৈ গাফিলতি কৰাৰ অভিযোগ আহিছিল।

তাৰ বাহিৰেও এন আই এ সংশোধনী বিধেয়কখনক লৈ যিটো বি।য় অধিক চৰ্চালৈ আহিছে; সেয়া হ'ল- অন্য ৰাষ্ট্ৰৰ সৈতে কূটনৈতিক দিশত সেউজ সংকেত নোপোৱাকৈ বা প্ৰত্যৰ্পণ চুক্তি আদি সম্পন্ন নকৰাকৈ সংস্থাটোৱে নতুন আইনৰ অধীনত দেশৰ বাহিৰৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সক্ষম হ'ব কিদৰে? অৰ্থাৎ ভাৰতৰ আইনে এন আই এক আফগানিস্তান, পাকিস্তান, শস্ৰীলংকা বা বাংলাদশলৈ গৈ তদন্ত কৰাৰ অধিকাৰ প্ৰদান কৰিব কেনেকৈ?

এই পৰিপ্ৰেক্ষিততে বিৰোধীয়ে বিধেয়কখনৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰিছে। ধৰ্মীয় সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰা দলৰ বিৰোধী সাংসদে আনকি মুকলিভাৱেই অভিযোগ আনিছে যে বিশেষ এটা সম্প্ৰদায়কৰ লোকক ভীতিগ্ৰস্ত কৰি ৰখাৰ বাবেই নিয়াৰ দৰে সংস্থাক বিপুল ক্ষমতা দিয়াৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে আমাৰ দেশত সন্ত্ৰাসবাদবিৰোধী আইনৰ নামত ইতিপূৰ্বেও নীৰিহ লোকৰ ওপৰত দমনমূলক ব্যৱস্থা লোৱাৰ অভিযোগ আহিছিল।

পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনতে সেইবাবেই 'প'টা' আইনখন বাতিল কৰাৰ সিদ্ধান্ত ল'বলগীয়াত পৰিছিল। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ ঘটনাৰ পিচত বাধ্য হৈ সেই ইউ পি এ চৰকাৰেই এন আই এ আইন প্ৰৱৰ্তন কৰি তাৰ অধীনত অনুসন্ধানকাৰী সংস্থাটো গঠন কৰিছিল। কিন্তু কাৰ্যক্ষেত্ৰত এন আই এৰ কাম-কাজক লৈয়ো এতিয়া বিভিন্ন মহলত সন্দেহ-সংশয়ৰ সৃষ্টি হৈছে।

গতিকে বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনত অধিষ্ঠিত হ'লেও গণতান্ত্ৰিক শাসন ব্যৱস্থাত বিৰোধীৰ এই সন্দেহ-সংশয় দূৰ কৰাৰ দায়িত্ব চৰকাৰে অস্বীকাৰ কৰিব নোৱাৰে।    

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in