ওলমা সময়ৰ লগ্ন

ওলমা সময়ৰ লগ্ন

বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ ক্ষেত্ৰত ওলমা সময়ৰ লগ্ন চলা দেখা গৈছে৷ যি দিশলৈকে চকু দিয়া নাযাওক কিয়, সম্ভাৱনাৰ আৰু অনিশ্চয়তাৰ এনে বিচিত্ৰ দৃশ্য চকুত পৰে যিটোৱে সাধাৰণ ৰাইজক বিভ্ৰান্তিত পেলাইছে৷ এখন ৰাষ্ট্ৰত গণতান্ত্ৰিক প্ৰমূল্যৰ শেষ আশ্ৰয় হ'ল ন্যায়ালয়৷ দেশৰ জনগণৰ বাবে ভাৱমূৰ্তিৰ ঐতিহ্য থকা দেশৰ ন্যায়ালয় ব্যৱস্থাতো অতি সম্প্ৰতি অগণতান্ত্ৰিক প্ৰৱণতাই ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে৷

তেনে এটা দৃষ্টান্ত ফুটি উঠিছে মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে এটা গোচৰৰ ৰায়দানত অভাৱনীয় ঘোষণাৰে কৈছে যে দেশ বিভাজনৰ সময়ত যিহেতু ইছলামীয় ৰাষ্ট্ৰ হিচাপে পাকিস্তান ৰাষ্ট্ৰৰ জন্ম হৈছিল, সেয়ে হিন্দু ৰাষ্ট্ৰ হিচাপে ভাৰত ৰাষ্ট্ৰৰো জন্ম হোৱা উচিত আছিল৷ ৰায়দানত লগতে কোৱা হৈছে- এই 'ইতিহাস'ক চকুত ৰাখি এতিয়া চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা অমুছলমান সকলো বিদেশীকে নাগৰিক্তব প্ৰদান কৰা উচিত৷ ৰায়টোত ব্যক্ত হোৱা বাঞ্চা পূৰণত প্ৰধানমন্ত্ৰী মোডীয়ে উদ্যোগ লোৱাৰ আশা কৰা হৈছে৷

আইনৰ শাসনেই গণতন্ত্ৰৰ ভেটি৷ ন্যায়ালয় হ'ল সেই ভেটিৰ ৰক্ষক৷ তেনেক্ষেত্ৰত বিশ্বৰ বৃহত্তম গণতন্ত্ৰখনৰ এখন মাননীয় উচ্চ ন্যায়ালয়ৰ এগৰাকী সন্মানীয় ন্যায়াধীশে এনে স্তম্ভিত হ'বলগীয়া ৰায় দিয়াটো দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই ভীষণ চিন্তাৰ কথা৷ ভাৰতৰ স্বাধীনতা লাভৰ ইতিহাস ৰায়টোত কোৱাবিধৰ নাছিল৷ জিন্নাৰ নেতৃত্বত অবিভক্ত ভাৰতৰ এচাম মুছলমানে ইছলামীয় ৰাষ্ট্ৰ হিচাপে পাকিস্তান সৃষ্টিৰ বাবে আন্দোলন কৰিছিল আৰু অৱশেষত তেনে ৰূপৰ পাকিস্তান ৰাষ্ট্ৰৰেই সৃষ্টি হ'ল৷- এইটো ঐতিহাসিক সত্য৷

কিন্তু তাৰ বিপৰীতে কংগ্ৰেছেই হওক, কমিউনিষ্টেই হওক, ফৰৱাৰ্ড ব্লকেই হওক- ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা ৰাজনৈতিক শক্তিবোৰে 'হিন্দু ৰাষ্ট্ৰ' কাহানিও বিচৰা নাছিল৷ বিচাৰিছিল ধৰ্মনিৰপেক্ষ ভাৰত ৰাষ্ট্ৰ৷ আৰু অৱশেষত ধৰ্মনিৰপেক্ষ ভাৰত ৰাষ্ট্ৰৰেই সৃষ্টি হ'ল৷ এই ৰাজনৈতিক শক্তিবোৰে দেশ বিভাজনৰ বাব আন্দোলন কৰা নাছিল৷ শেশত পৰিস্থিতিৰ বাধ্যবাধকতাৰ বাবেহে দেশ বিভাজন আৰু ইছলামীয় ৰাষ্ট্ৰ হিচাপে পাকিস্তানৰ সৃষ্টি মানি ল'বলগাত পৰিছিল৷ -ইও ঐতিহাসিক সত্য৷

সেয়ে স্বাধীনতা লাভৰ সময়ত ভাৰত এখন 'হিন্দু ৰাষ্ট্ৰ' হিচাপে ঘোষিত হোৱাৰ কোনো প্ৰশ্নই উঠা নাছিল৷ ভাৰত 'হিন্দু ৰাষ্ট্ৰ' হোৱাৰ প্ৰসংগটো উত্থাপন কৰিছিল হিন্দু মহাসভা আৰু আৰ এছ এছেহে, যি শিবিৰটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল সুঁতিৰ অংশীদাৰ হিচাপেতো নাছিলেই, বৰং সাম্ৰাজ্যবাদী ইংৰাজ শক্তিৰ লগত কৰা সহযোগৰ দৃষ্টান্তহে আছে৷ ইতিহাসৰ এই পৰিপ্ৰেক্ষিতত বিচাৰ কৰিলে আলোচিত ন্যায়াধীশগৰাকীৰ ৰায়টো কেনে ইতিহাসবিৰুদ্ধ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত সেইটো ওলাই পৰে৷

তদুপৰি ন্যায়ালয়ৰ এটা মুখ্য দায়িত্ব হ'ল- সংবিধানক ৰক্ষা কৰাটো৷ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত স্পষ্টভাৱে লিখা আছে যে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ৷ তেনেক্ষেত্ৰত এজন খোদ ন্যায়াধীশে ধৰ্মতন্ত্ৰৰ সপক্ষে ৰায় দিওঁতে মাত মাতিব পাৰেনে? দেশৰ গণতান্ত্ৰিক ব্যৱস্থালৈ ই ভয়ানক ৰূপেৰে অমংগলীয়া সংকেত নহয়নে? তদুপৰি ৰায়টোত মাথোন 'হিন্দুত্ববাদ'ৰ সপক্ষে সংবিধানৰ মৰ্মৰ বিৰুদ্ধে গৈ থিয় হোৱা নাই, লগতে আশা ব্যক্ত কৰা হৈছে যে একালৰ আৰ এছ এছৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া তথা হিন্দুত্ববাদৰ সমৰ্থক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ন্যায়াধীশগৰাকীৰ বাঞ্ছা পূৰণত উদ্যোগ ল'ব৷

দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি ই কেনে ভয়ানক বাঞ্ছা তাক নক'লেও চলে৷ বৰ্তমান বিজেপিয়ে নিজ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে আনকি উচ্চতম ন্যায়ালয়কো বিপথে পৰিচালিত কৰিবলৈ কেৰেপ কৰা নাই- তেনে সন্দেহ উদ্ৰেক হোৱাৰ পৰিস্থিতিত এনে ৰায়ে দেশৰ গণতন্ত্ৰীসকলক অধিক দুশ্চিন্তাত পেলাইছে৷ ন্যায়ালয়ে আইনৰ গণ্ডীত কাম কৰিবই লাগিব৷ অনুমানৰ ভিত্তিত নহয়৷

'ৰাফেল কাণ্ড'ৰ ক্ষেত্ৰত বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ক তথ্য যোগানৰ ক্ষেত্ৰত স্তম্ভিত হ'বলগীয়া ধৰণৰ কৌশলী প্ৰয়োগেৰে কৰা দেখা গ'ল৷ দেশৰ হিচাপ পৰীক্ষকে 'ৰাফেল চুক্তি' সম্পৰ্কে দিয়া প্ৰতিবেদন সংসদৰ হিচাপ সমিতিৰ হাতত নপৰা অৱস্থাতেই উচ্চতম ন্যায়ালয়ক চৰকাৰে এনে কৌশলী শব্দ প্ৰয়োগেৰে তথ্যৰ যোগান ধৰিলে, যাৰ ফলত ন্যায়ালয়ে ৰাফেল গোচৰ খাৰিজ কৰি ৰায় দিবলগা হ'ল৷ এতিয়া শব্দচয়নত ভুল হৈছিল বুলি চৰকাৰেই উচ্চতম ন্যায়ালয়ক জনাবলগাত পৰিছে৷ দেশৰ গণতান্ত্ৰিক ব্যৱস্থা কেনে সংকটৰ সন্মুখীন হৈছে এইবোৰ তাৰেই প্ৰমাণ৷ ৰাইজ হাতসাবটি বহি থাকিলে নচলিব৷ গণতন্ত্ৰক শক্তিশালী কৰিবলৈ ওলাই আহিবই লাগিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in