নোকোৱাই ভাল

নোকোৱাই ভাল

প্ৰথমতে ঈশ্বৰ, তাৰ পিছতহে সংবিধানখন। ভাৰতীয় গণতন্ত্ৰৰ ধমনীও ঈশ্বৰৰ পৰাই আৰম্ভ হৈছে। ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী, মন্ত্ৰীৰ পৰা চন্তৰীলৈকে সকলোৱে ঈশ্বৰৰ নামটো লৈয়েই শপতবাক্য পাঠ কৰে। তাৰ পিচতহে সংবিধানৰ কথা আহে। অস্তিত্বহীন, নিৰাকাৰ এজনৰ নামত শপত থাই কাৰ্যনিৰ্বাহ কৰা মানেই গোকাট ফাঁকিৰ আশ্ৰয় লোৱা। যাৰ অস্তিত্ব নাই, তেওঁৰ নামত শপত খাই ৰজা হোৱাৰ অৰ্থ কি? তেনে বৃহৎ ফাঁকি এটাৰে এইখন দেশ শাসন কৰি অহা হৈছে বাবেই স্বাধীনতাৰ সত্তৰটা বছৰেও ইয়াত ধৰ্ম-ঈশ্বৰক লৈ ওখনা-উখনি চলি আছে।

যদি অন্য দেশৰ দৰে নিজৰ সততাক সাক্ষী কৰি শাসকে শপত ল'লেহেঁতেন, তেন্তে ছবিখন হয়তো সলনি হ'লহেঁতেন। যেনে-বাংলাদেশ। ভাৰতেই জীয়াই ৰথা বাংলাদেশত মন্ত্ৰী-প্ৰধানমন্ত্ৰীয়ে শপত লয় নিজৰ সততাক সাক্ষী কৰি। আমাৰ চুবুৰীয়া দেশ পাকিস্তানতো এজন মন্ত্ৰীয়ে শপত লোৱাৰ সময়ত নিজকে মুছলমান বুলি কৈহে আৰম্ভণিৰ বাক্য পাঠ কৰে। হিন্দু হিন্দু বুলি লম্ফ-জম্ফ কৰা ভাৰতত মন্ত্ৰী-প্ৰধানমন্ত্ৰীসকলে শপতবাক্যৰ আৰম্ভণিতে নিজৰে 'হিন্দু' বুলি ক'ব নোৱাৰে। হিন্দুস্তানী বুলিও ক'বলৈ টান পায়। অথচ এজন ঈশ্বৰৰ কাল্পনিক অস্তিত্ব সন্মুখত ৰাখি শপত লয়।

ৰাম মন্দিৰক লৈ উত্ৰাৱল হিন্দুত্ববাদীসকল এতিয়াও এই ক্ষেত্ৰত আধা সিজা বা হাফ বয়লড। প্ৰকৃত হিন্দুৰ লেবেল থাকিলে সংবিধান সলনি কৰি  মন্ত্ৰী-প্ৰধানমন্ক্ৰীৰ শপতবাক্যৰ আদিপাঠ হিন্দুৰে হ'লহেঁতেন। সেইটোও হোৱা নাই দেখোঁ। ভগৱানৰ নামত শপত খাই ৰাজত্ব কৰা মানুহবোৰে যদি অস্তিত্বহীনতাৰে কৰ্মৰ পাতনি নেমেলে, তেন্তে কামবোৰতো সততা প্ৰকাশ পাব।

সংবিধানৰ জনকগৰাকীক আমি মূৰ্তি সাজি স্মৰণ কৰো, শ্ৰদ্ধা জনাওঁ, অথচ সেইগৰাকী জনকৰ সম্প্ৰদায়ৰ লোকসকলক চুলি খুৰাই, নাঙঠ কৰি আঁঠু কঢ়াই থওঁ। ই কেনে সন্মান? যদি ভগৱানৰ নামত শপত খোৱা, তেন্তে সকলোৰে ভগৱানক সমান স্থান দিয়া উচিত। যদি দলিত আম্বেদকাৰক শ্ৰদ্ধা কৰা, তেন্তে প্ৰতিজন দলিতকে সন্মান দিয়া। ন্যায়পালিকাৰ ৰায়লৈ হিন্দুত্ববাদীসকলে অনন্তকাল অপেক্ষা কৰিব নোৱাৰে বুলি কৈছে। অযোধ্যাত হিন্দুক ৰাম মন্দিৰ লাগেই।

নৱবৰ্ষৰ দিনা ৭০ হাজাৰ শিশুৰ জন্ম দিয়া ভাৰতত প্ৰতিটো শিশুৰ স্বাস্থ্যৰ বুজ ল'বলৈ 'আয়ুষ্মান ভাৰত' ঠিকে-ঠাকে চলি আছেনে? ৰাফেল চুক্তিৰ নামত কিমান দুৰ্নীতি হ'ল, সেই কথাটোক লৈ তাল-ফাল কৰা প্ৰয়োজন নে সীমান্তত পৰ্যাপ্ত সুৰক্ষা আহিলা নাপাই সৈনিকৰ মৃত্যু হৈছে, সেইটোহে গুৰুত্ব দিয়া উচিত? সংবিধানে ধৰ্মনিৰপেক্ষতাক ছীল-মোহৰ লগাই থৈছে। অথচ হিন্দুস্তানৰ নামত বিভোৰ এটা চাম। আমি ঈশ্বৰৰ নামত শপত খাই মন্ত্ৰী হওঁ যদিও সংবিধানখনো এৰিব নোখোজো।

ভাৰত কি, হিন্দু কি? নে চূড়ান্ত ভেল্কী আৰু ফাঁকিৰ মাজত চলিছে হিন্দুত্ববাদীৰ নীতি? এইবোৰ কথা স্পষ্ট নোহোৱালৈ অযোধ্যাত কি হ'ব, তাক লৈ অন্ততঃ কঠোৰপন্থীসকলে মাত নমতাই ভাল। আচলতে কোনোৱাই ভাল। নৱবৰ্ষত প্ৰধানমন্ত্ৰীয়ে মন্দিৰক লৈ কোৱা কথাৰ পিচত ৰাইজে মনে মনে থকাই ভাল।

শগুন

শগুনেও হেনো মৰাশ পাখিৰে ঢাকি খায়। কিছুমান কামত লুক-ঢাক লাগে, আবুৰৰ প্ৰয়োজন থাকে। মুখ বেছিকৈ মেলিলে কোৱাৰি ফটাৰ ভয়। অসম চুক্তিৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ বনাম হিন্দু বাংলাদেশীৰ সংস্থাপন- এই দুই ফৈদৰ যুঁজখন লগাই দি নৱবৰ্ষৰ পৰা অসমত আন এক অস্থিৰতা সৃষ্টিৰ প্ৰয়াস চলোৱা হৈছে। ই এক নিৰ্বাচনী টোপ। লোকসভা নিৰ্বাচনলৈ এই টোপ গিলাবলৈ চেষ্টা কৰিব দিল্লীৱালা বাজিকৰে। দীৰ্ঘ সময় ধৰি কাকো মন্ত্ৰমুগ্ধ কৰি ৰাখিব নোৱাৰি। মন্ত্ৰৰ সন্মোহন ক্ষণিক। দিল্লীৱালা ভেল্কীও তেনেধৰণৰ।

খিলঞ্জীয়াক লৈ যদি দিল্লী ইমানেই চিন্তিত, তেন্তে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে খিলঞ্জীয়াৰ প্ৰতিবাদৰ ভাষা দিল্লী-দিছপুৰে নুশুনে কিয়? খিলঞ্জীয়াক লৈ যদি দিল্লী ইমানেই চিন্তিত, তেন্তে ১৯৮৫ চনৰ চুক্তিখন কাৰ্যকৰী কৰিবলৈ তিনি দশকৰো অধিক কাল কিয় লাগিল? চৰকাৰহে সলনি হৈছে, দিল্লী কা লাড্ডু বেচা মানুহবোৰৰ চৰিত্ৰটো সলনি হোৱা নাই! শগুনৰ শাপত বুঢ়া গৰু নমৰে সঁচা, কিন্তু বুঢ়া গৰু মৰিলে শগুন শাপমুক্ত হয়। শগুনে সভা পাতে, ভোক গুচায়। তেনেকৈয়ে শাপমুক্ত হয় শগুনৰ জাক। কোন শগুন, কোন বুঢ়া গৰু সেয়া দিল্লী-দিছপুৰলৈ চাই থাকিলে ৰাইজে বুজি পাব।

শগুনে সদায় মৰা গৰুৰ চকু দুটা খায়। জানোচা চকু দুটাৰে শগুনক দেখা পায়! ৰজা হোৱাসকলেও পোনপ্ৰথমতে প্ৰজাৰ চকু দুটাই উলিয়াই থয়। চকু দুটাৰে মাৰ্বল গুটি বনাই খেলে। প্ৰজাই গমকে নাপায়। তেনেদৰে পাঁচটা বছৰ যায়। দিল্লীৱালাই তেনেকৈয়ে পাঁচটা বছৰ পাৰ কৰিলে। এতিয়াহে প্ৰজাই অনুভৱ কৰিছে যে তেওঁলোকৰ চকু দুটা নাই।

এই যে ৰক্ষাকৱচ বনাম হিন্দু বাংলাদেশীৰ ৰক্ষাকৱচ যুঁজখন, সেইখন দেখুৱাবলৈকে চকু দুটা পুনৰ লগাই দিছে দিল্লীয়ে। দিছপুৰেতো চকু দুটা ওভতাই দিব খোজাই নাছিল। চকু দুটা বিচাৰি কাউ-বাউ কৰাকেইটাক দিছপুৰে চয়তান, বেইমান বুলি গালিকে পাৰিলে। গালি খাই হ'লেও সেই দিছপুৰীয়াৰ সৈতেই কিন্তু গা লগাই বহি আছে আমাৰ পঁচাশীৰ খিলঞ্জীয়াকেইটা। চুক্তি কৰি ৩৪ বছৰে পাহৰি থাকিল তেওঁলোক ভূমিপুত্ৰ নে খিলঞ্জীয়া? পাহৰি থকা দিনকেইটাতে দিল্লীৰ ভেল্কীবাজী চলি আছিল।

ভাগ্য ভাল খিলঞ্জীয়া আকৌ জাগিছে। দিল্লীৱালা টোপ নিগিলাৰ সংকল্প লৈছে। কিন্তু পঁচাশীৰ খিলঞ্জীয়াকেইটাই যদি শগুনৰ দৰে পাখিৰে ঢাকি টোপ গিলে অৰ্থাৎ মৰাশ খায় কোনে গম পাব? সেইকেইটালৈহে ভয়। কাৰণ তেওঁলোক ছিষ্টেমৰ ভিতৰত আছে। প্ৰথাৰ ভিতৰত থাকি কোনেও সেই প্ৰথাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে। নতুন বছৰটোৰ আৰম্ভণিতে সেইবোৰ শগুনক চিনি থোৱা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in