শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

বিকাশৰ স্বপ্ন!

আমাৰ দেশত কভিড মহামাৰীয়ে ভাঙি পেলোৱা দেশৰ অৰ্থনীতিৰ মাধমাৰটো খাবলগীয়াত পৰিছে নিম্ন মধ্যবিত্ত আৰু দৰিদ্র শ্রেণীৰ লোকসকলে। কিন্তু প্রতিপত্তিশালী শ্ৰেণীটোৰ আয়ৰ পৰিমাণ এই কোৰোনা কালতো তীব্ৰ গতিত বৃদ্ধি পাইছে। দৰাচলতে অর্থনৈতিক বৈষম্যই ভাৰতবর্ষকে ধৰি সমগ্ৰ তৃতীয় আৰু চতুর্থ বিশ্বৰ উন্নয়নশীল তথা দৰিদ্র দেশসমূহত প্রবল ৰূপ ধাৰণ কৰিছে।

ইয়াৰ পৰা নিস্তাৰ পাবলৈ হ’লে এই দেশসমূহৰ অর্থনৈতিক নীতিৰ ব্যাপক পৰিবর্তন সাধন কৰিব লাগিব বুলি বিশিষ্ট অর্থনীতিবিদেও মত প্ৰকাশ কৰিছে। কিন্তু এই দিশত সেই দেশসমূহৰ শাসক পক্ষৰ সক্রিয়তা পৰিলক্ষিত হোৱা নাই। এইক্ষেত্ৰত আমাৰ দেশৰ দৃষ্টান্তও উনুকিয়াব পাৰি। কেন্দ্ৰীয় চৰকাৰে যি সময়ত জনসেৱাৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠানসমূহ শক্তিশালী কৰি তুলিব লাগিছিল, সেই সময়তে তেওঁলোকে নিৰ্বিনিয়োজনৰ নীতি কাৰ্যকৰী কৰিছে।

চৰকাৰী যগুৰ প্ৰতিষ্ঠানৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া তুৰান্বিত কৰিছে। যিবোৰ খণ্ডত কর্মসংস্থানৰ সুযোগ-সুবিধা বেছি, সেই খণ্ডতে চৰকাৰী বিনিয়োগৰ হার হ্রাস কৰা হৈছে। ৰাজহুৱা স্বাস্থ্য, শিক্ষা খণ্ডৰ ক্ষেত্ৰতো পুঁজিব আকটন বৃদ্ধি কৰা হোৱা নাই। তাতোকৈও ডাঙৰ কথাটো হ’ল, এইবাৰৰ কেন্দ্ৰীয় বাজেটত কৃষি খণ্ডৰ উন্নয়নৰ দিশত চৰকাৰে কোনো বিশেষ পেকেজ ঘোষণা নকৰিলে। বৰং এম জি এনৰেগাৰ দৰে গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বাবে নিৰ্ধাৰিত পুঁজিৰ পৰিমাণো পূৰ্বৰ তুলনাত হ্রাস কৰা হৈছে।

এনেস্থলত গ্রামাঞ্চলৰ গৰিষ্ঠসংখ্যক লোকৰ জীৱিকাৰ প্ৰশ্নটোৰ সমাধান হ’ব কেনেকৈ? আর্থিক প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবৰ জোখাৰে চৰকাৰী আঁচনি ৰূপায়ণ কৰা আৰু চৰকাৰৰ বৰমুৰীয়াসকলে জনসভাত দাঙি ধৰা প্ৰতিশ্ৰুতিৰ মাজত আকাশ-পাতাল পার্থক্য থাকে। বিগত প্রায় আঠটা বছৰত মোড়ী চৰকাৰে গৰিব, দুখীয়াৰ উন্নয়নৰ শ্ল’গান দিছে। কিন্তু বাস্তবিকতে তৃণমূলত সেই শ্ল’গানৰ কাৰ্যকাৰিতা দেখা পোৱা নাই। এই সময়ছোৱাতে দেশৰ জনসাধাৰণৰ আর্থিক দুৰৱস্থাৰ বাবে মোডী চৰকাৰে কংগ্ৰেছৰ যাঠি বছৰীয়া শাসনকে দোষাৰোপ কৰি ক্ষমতাসবহু ৰাজনীতিৰ লক্ষ্য পূৰণ কৰিছে। অথচ বিমুদ্ৰাকৰণ, জি এছ টিৰ দবে আর্থিক সংস্কাৰৰ বাবে সৰ্বসাধাৰণে এই চৰকাৰৰ দিনতে চৰম দুর্ভোগ ভুগিবলগীয়াত পৰিছিল।

মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা ধাৰাবাহিক লকডাউনৰ ফলতো শ্রমজীবী লোকসকলেই সর্বাধিক ক্ষতিগ্ৰস্ত হৈছিল। তাৰ পিচতো কিন্তু চৰকাৰে নিৰৱচ্ছিন্নভাৱে বিকাশ, উন্নয়নৰ শ্ল’গান আওৰাই গৈছে। শেহতীয়াভাৱে বিভিন্ন ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় সমীক্ষাবোৰৰ জৰিয়তেও ভাৰতবৰ্ষৰ আৰ্থিক দুৰ্দশাৰ ছবিখন ওলাই পৰিছে। ইয়াৰ পিচতো শাসকৰ দৃষ্টিভাগী সলনি হোৱা নাই। অলপতে ৰাইট টু ফুড কেম্পেইন নামৰ এক স্বেচ্ছাসেবী সংস্থাই চলোৱা ‘দা হাংগাৰ ৱাটছ ছাৰ্চে-11’ শীর্ষক এক সমীক্ষাত আমাৰ দেশৰ প্ৰান্তীয় শ্রেণীর লোকসকলৰ মাজত দেখা দিয়া খাদ্য সংকটৰ বিষয়টো প্রতিফলিত হৈছে। ২০২১ চনৰ ডিচেম্বৰ মাহৰ পৰা চলিত বৰ্ষৰ জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাক লৈ উক্ত সমীক্ষা চলোৱা হৈছিল।

তাত তথ্যপূর্ণভাৱে দেখুওৱা হৈছে যে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ছোৱাত প্রায় ৪১ শতাংশ লোকৰ দৈনিক খাদ্য তালিকাত পুষ্টিজনিত গুগৰ সাংঘাতিক অভাব পৰিলক্ষিত হৈছিল। সেইদৰে সমীক্ষাটোত ৬০ শতাংশ লোকে পর্যাপ্ত পৰিমাণৰ স্বাস্থ্যকর খাদ্য যাব নোৱৰাৰ কথাও দৌহাৰিছিল। পঞ্চাশ শতাংশ লোকে সমীক্ষাটোত কৈছিল যে তেওঁলোকে মাহেকত দুই-তিনিবাৰতকৈও কম হাৰত কর্মী, মাংস বা ফলমূল আদি খাবলৈ সক্ষম হৈছিল। সমীক্ষাটোৰ জৰিয়তে এই কথাও পোহৰলৈ আহিছে যে কভিডকালীন পৰিস্থিতিৰ মাজতে ১৮ শতাংশ পৰিয়ালৰ শিশুসকলে আর্থিক কাৰণত বিদ্যালয় এৰিবলগাত পৰিছিল।

আনহাতে ৬ শতাংশ পৰিয়ালৰ ১৪ বছৰ বয়সৰ তলৰ শিশুসকলে পৰিয়াল পোহদাল নিবৰ বাবে বিভিন্ন কামত নিয়োজিত হ’বলগা হৈছিল। এই সময়ছোৱাতে ৭০ শতাংশ পৰিয়ালে মাহিলি সাত হেজাৰতকৈও কম আয়েবে জীবন নির্বাহ কৰিছিল। এই সমীক্ষা চলোৱা সংস্থাটোৱে নিশ্চয়কৈ এক নির্দিষ্টসংখ্যক লোকক নমুনা হিচাপে লৈছিল যদিও দেশৰ বেছিভাগ অঞ্চলতে সেই সময়ছোৱাত তেনে পৰিস্থিতিবেই সৃষ্টি হৈছিল। তাৎপর্যপূর্ণভাবে সেই পৰিস্থিতিৰ পৰা সেই লোকসকল এতিয়াও মুক্ত হ’ব পৰা নাই। কোটি কোটি দুখীয়া শ্রমজীবী লোকে আমার দেশত কর্মসংস্থান হেৰুৱাইছে।

তাৰ বিপৰীতে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে তেওঁলোকৰ জীৱন চৰম বিপর্যয়ৰ মাজলৈও ঠেলি দিছে। কভিড মহামাৰীত মৃত্যু হোৱা লক্ষ লক্ষ লোকৰ পৰিয়ালৰ যি দুর্দশা, সেই একেই দুর্দশা ক’ভিডত কর্মসংস্থান হেৰুৱাই জীৱন জীৱিকাৰ অনিশ্চয়তাত ভোগাসকলৰো। কিন্তু তথাপি আমাক নতুন ভাৰতৰ সপোন দেখুওৱা হৈছে। মোডী চৰকাৰৰ আৰ্থিক নীতিৰ দ্বাৰা লাজদিত পুঁজিপতি গোষ্ঠীর অন্যতম আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিয়ে তেওঁলোকৰ সাধারণ বার্ষিক সভাত কৈছিল যে পৰবৰ্তী দুটা দশকৰ ভিতৰতে ভাৰতৰ অর্থনীতি পোন্ধৰ ত্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব। আদানি গ্ৰুপৰ বাৰ্ষিক আয় ইতিমধ্যে সকলোতকৈ শীৰ্ষত উপনীত হৈছেই!

কিছুদিন আগতে আহ্বানি গোষ্ঠীৰ মুৰব্বী মুকেশ আহ্বানিয়েও গৌতম আদানিৰ সুৰতে সুৰ মিলাই এক অনুষ্ঠানত কৈছিল যে ২০৩০-৩২ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতির দেশ হিচাপে পৰিগণিত হ’ব। আম্বানিয়ে এইক্ষেত্ৰত কেন্দ্রীয় চৰকাবলৈ বিভিন্ন পৰামৰ্শও আগবঢ়াইছিল। ভাৰতে শক্তি খণ্ডৰ দ্রুত উন্নয়নৰ দ্বাৰা দিবে জি ডি পিব হাব বৃদ্ধি কৰিব পাৰে, তাৰ আভাস দাঙি ধৰিছিল বিশ্বৰ আগশাৰীৰ উদ্যোগপতিগৰাকীয়ে। এতিয়া কথা হ’ল- বিকাশ, উন্নয়নৰ এই সপোনে ভাৰতৰ দৰিদ্ৰ ৰাইজক উপকৃত কৰিব কিদৰে?