কেন্দ্ৰীয় বাজেট

কেন্দ্ৰীয় বাজেট

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণত এই কথা স্পষ্ট হৈ পৰিছে যে দেশৰ অৰ্থনীতিত বহুজাতিকৰণৰ পৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰা হ'ব। ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ পৰাই যি নিৰ্বিনিয়োজন নীতি কাৰ্যকৰী কৰিবলৈ লৈছে, এইবাৰৰ বাজেটৰ দ্বাৰা তাক বিধিসন্মতভাৱে শক্তিশালী ৰূপ দিয়া হৈছে। বিত্ত মন্ত্ৰীয়ে তেওঁৰ ভাষণত কৈছে যে তৰকাৰে অবিত্তীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ ক্ষেত্ৰত নিৰ্বিনিয়োজনৰ নীতি কঠোৰভাৱে প্ৰয়োগ কৰিব।

অৱশ্যে বাজেট উত্থাপন কৰাৰ পিচতে কিছু বছা বছা সাংবাদিৰ সৈতে হোৱা কথা-বতৰাত বিত্ত মন্ত্ৰীয়ে প্ৰতিষ্ঠানবোৰৰ ক্ষেত্ৰত চৰকাৰৰ অংশীদাৰিত্ব একাৱন্ন শতাংশতকৈ কম হ'বলৈ দিয়া নহ'ব বুলিও উল্লেখ কৰিছে। কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰৰ ক্ষিপ্ৰতাৰে বেচৰকাৰীকৰণ আৰু বিলগ্নীকৰণৰ ক্ষেত্ৰত দেশৰ অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলব। ইতিমধ্যে তেনে উদ্যোগ বিক্ৰী কৰি এক লাখ পাঁছ হেজাৰ কোট টকা সংগ্ৰহৰ লক্ষ্য বাজেটত নিৰ্ধাৰণ কৰা হৈছে। যাৰ ফলত দেশী-বিদেশী বহুজাতিক গোষ্ঠীৰ হাতত পানীৰ দৰত জাতীয় সম্পদ বিক্ৰীৰ অভিযান চলিব।

ইফালে অসমত ইয়াৰ পৰিণাম আৰম্ভ হৈছেই। ৰাজ্যৰ তৈলক্ষেত্ৰবোৰকে ধৰি কাগত কল আৰু বিমান বন্দৰপৰ্যন্ত ব্যক্তিগত গোষ্ঠীৰ হাতত নিলাম কৰাৰ প্ৰক্ৰিয়া চলিছে। এক কথাত ক'বলৈ গ'লে দেশত অহা পাঁচ বছৰৰ ভিতৰতে বিভিন্ন দেশী-বিদেশী ব্যক্তিগত খণ্ডৰ কোম্পানীৰ আগ্ৰাসন আৰম্ভ হ'ব। ইয়াৰ ফলত নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হ'ব জনকল্যাণকামী অৰ্থনীতিৰ মূল আধাৰবোৰ। তাৰ প্ৰধান চিকাৰ হ'ব দৰিদ্ৰ জনসাধাৰণ। কাৰণ মুনাফালোভী কোম্পানীয়ে বহল পৰিসৰত কৰ্মসংস্থানৰ সৃষ্টি নকৰে। বিপৰীতে আকৌ এইবাৰৰ বাজেটত দেশৰ কৃষি খণ্ডত প্ৰতীয়মান হোৱা গভীৰ সংকটৰ সৈতে মোকাবিলা কৰাৰ কোনো বাস্তৱসন্মত কৰ্মসূচী নাই।

সম্প্ৰতি দেশত কৃষি উৎপাদনৰ ব্যস বৃদ্ধিৰ সমান্তৰালকৈ কৃষিজাত সামগ্ৰীৰ মূল্যও হ্ৰাস পাইছে। ক-ষিজাত সামগ্ৰীৰ নূন্যতম সমৰ্থনমূল্য আদায় দিয়াৰ লগতে স্বামীনাথন আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ কথাও এই বাজেটত উল্লেখ নাই। বৰং কৃষি খণ্ডৰ বহুজাতিকৰণৰ ওপৰতহে অধিক জোৰ দিয়া হৈছে। ইয়াৰ ফলতো সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব দুখীয়া তথা মজলীয়া খেতিয়কসকল। ঋণৰ বোজা সহিব নোৱাৰি আত্মহননৰ পথ ল'বলৈ বাধ্য হৈ পৰা খেতিয়কৰ কৃষিভূমিও লাহে লাহে বহুজাতিক কোম্পানীৰ হাতলৈ যাহ।

ইতিমধ্যে কেন্দ্ৰই ঘোষণা কৰিছে যে অচিৰে বহুজাতিক কোম্পানী আৰুু ব্যক্তিগত খণ্ডক চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ বিষয়টো সুচাৰুৰূপে সমাধা কৰা হ'ব । তাৰ লগে লগে কেন্দ্ৰ ভূমি অধিগ্ৰহণ বিধেয়কৰ আৰ্হিত বিভিন্ন ৰাজ্যত কৃষিভীমি সংকুচিত কৰাৰ এক প্ৰক্ৰিয়া চলি আছে।গতিকে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালতে দেশৰ বিভিন্ন প্ৰান্তৰ বিস্তীৰ্ণ কৃষিভূমিত শাসকপক্ষৰ অনুগ্ৰহতে কৰ্প'ৰেট গোষ্ঠীবোৰক সংস্থাপিত কৰাৰ কাম সম্পন্ন হ'ব। তাৰ লগে লগে শিক্ষা আৰু স্বাস্থ্যৰ দৰে বিষয়বোৰৰ ক্ষেত্ৰত চৰকাৰী দায়-দায়িত্ব কমাই আনি ব্যক্তিগতকৰণৰ পথ প্ৰশস্ত কৰি তোলা হ'ব।

মুঠতে যিবোৰ বিষয়ক লৈ যোৱা সময়ছোৱাত দেশৰ গৰিষ্ঠসংখ্যক লোকৰ মাজত অসন্তোষ গা কৰি উঠিছিল সেই বিষয়বোৰ এইবাৰৰ বাজেটত অন্তৰ্ভুক্ত কৰা নহ'ল। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ পৰা দায়িত্ব এৰাবলৈ গৈ মন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰ্থিক নীতিৰ ক্ষেত্ৰত যি অভূতপূৰ্ব পৰিবৰ্তন অনাৰ কথা ঘোষণা কৰিছে তাৰ দ্বাৰা কোনোপধ্যে জনসাধাৰণ উপকৃত নহয়।

এই নীতিৰ জৰিয়তে পৰ্যায়ক্ৰমে বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ এশ শতাংশলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰ বিপৰীতে এম জি এনৰেগা, গ্ৰামোন্নয়ন, স্কুলীয়া শিক্ষা আৰু সামাজিক উন্নয়ন আদিকে ধৰি বিভিন্ন বিষয়ত এইবাৰ পূৰ্বতকৈ বাজেট আবণ্টনো হ্ৰাস কৰা হৈছে। ভাৰতবৰ্ষৰ দৰে কৃষিপ্ৰধান দেশৰ সামগ্ৰিক উন্নয়ন ইয়াৰ দ্বাৰা বাধাপ্ৰাপ্ত হোৱাৰ সম্ভাৱনাই অধিক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in