জাতীয় স্বাভিমানৰ সুৰক্ষা

জাতীয় স্বাভিমানৰ সুৰক্ষা

নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বস্তৰৰ ৰাইজৰ মাজত প্ৰতিবাদী আন্দোলন হৈছে কিন্তু শাসকীয় শক্তিটোৱে কোনোপধ্যে এই প্ৰতিবাদৰ ওচৰত নতি স্বীকাৰ কৰা নাই। জাতীয় দল-সংগঠনবোৰে আশা কৰিছিল যে শেষমুহূৰ্তত হ'লেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ স্থিতি স্পষ্ট কৰি বিধেয়কখন প্ৰত্যাহাৰ কৰিবলৈ নতুন দিল্লীক বাধ্য কৰাব। কিন্তু মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত হয়ভৰ দিয়াই নহয়, ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ লক্ষ্য পূৰণৰ বাবে জাতিধ্বংসী বিধেয়কখনৰ পক্ষত পূৰ্বতকৈ অধিক স্পষ্টভাৱে অৱস্থান লৈছে।

কিছুদিন আগলৈকে মুখ্যমন্ত্ৰী সোণোৱালে বিধেয়কখনৰ কথা উল্লেখ নকৰাকৈ 'বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম'ৰ জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব বুলি বক্তৃতা দিছিল। এতিয়া তেওঁ বিধেয়কখনে অসমৰ থলুৱা জনসাধাৰণৰ ক্ষতি নকৰে বুলি বাগাড়ম্বৰপূৰ্ণ ভাষণ দিবলৈ আৰম্ভ কৰিছে। তাৰ অৰ্থ হ'ল- একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ইতিমধ্যে সম্পূৰ্ণৰূপে সংঘ পৰিয়ালৰ হিন্দুৰাষ্ট্ৰ নিৰ্মাণৰ এগৰাকী সপোনৰ সদাগৰলৈ ৰূপান্তৰিত হৈছে। তেওঁৰ গেৰুৱাকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। আছুৰ কোলাৰ পৰা গৈ সোণোৱাল এতিয়া নাগপুৰৰ বিশ্বস্ত নেতা হৈ পৰিছে। গতিকে অসমীয়াই তেওঁক ওভতাই অনাৰ চিন্তা পৰিহাৰ কৰাই শ্ৰেয়। এতিয়া হয়তো অসম চৰকাৰ তথা ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাচামৰ মাজত নিজকে কোন কিমান অমিত শ্বাহৰ ওচৰত মানুহ হিচাপে সাব্যস্ত কৰিব পাৰে তাৰহে প্ৰতিযোগিতা চলিব।

'গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয়' বুলি দুবছৰমানৰ আগতে বচন আওৰোৱা ন-বিজেপিজনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ হয়তো প্ৰত্যক্ষ সংঘাত চলিব। কিৱ্তু সেই সংঘাত অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ৰক্ষাৰ সংঘাত বুলি কোনেও ভাবিব নালাগে। এয়া হ'ল নতুন দিল্লীকেন্দ্ৰিক ক্ষমতাৰ কেন্দ্ৰবিন্দুত নিজকে প্ৰতিষ্ঠা কৰাৰ ৰাজনৈতিক ছল-চাতুৰীহে। সন্মুখত লোকসভা নিৰ্বাচন। অসমৰ পৰা কেইটা সমষ্টি জিকাই লৈ মোডী-অমিত শ্বাহৰ আশীষধন্য হ'ব পাৰি- সকলোৰে লক্ষ্য হ'ব একেটাই। অসমক ধৰ্মৰ নামত, ভাষাৰ নামত, গোষ্ঠীৰ লামত যিমানেই হিংসা-বিদ্বেষৰ সৃষ্টি নহওক কিয়; তেওঁলোকক ক্ষমতা লাগে।

আমি ধাৰণা কৰিছো লোকসভা নিৰ্বাচনৰ আগতে অসমত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক কেন্দ্ৰ কৰি শাসকপক্ষৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু অধিক তুংগত উঠিব। দেখা গৈছে যে সত্ৰৰ ভূমি বেদখল কৰা, অসমৰ বিভিন্ন জিলাত ধৰ্মীয় সংখ্যালঘুৰ জনসংখ্যা বৃদ্ধি হোৱা আদি বিভিন্ন বিষয় উত্থাপন কৰি এইকেইদিন সংঘ পৰিয়ালৰ একাংশ নেতাই সংবাদ মাধ্যমযোগে কিছুমান বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলাই জাতিধ্বংসী বিধেয়কবিৰোধী সংগ্ৰামখনক বিপথে পৰিচালিত কৰিব বিচাৰিছে। দায়িত্বশীল মন্ত্ৰীৰ বাবদ থকা নেতাই মুকলিমুৰীয়াকৈ ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ বুলি ঘোষণা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা লোকৰ মাজত বিভাজনৰ সৃষ্টি কৰি হিন্দু-মুছলমানৰ প্ৰসংগ উত্থাপন কৰা হৈছে।

কথা হ'ল- বহুত্ববাদী সমাজ-সংস্কৃতিৰ এই দেশত এইসকল নেতাৰ হিন্দু ৰাষ্ট্ৰ স্থাপনৰ স্বপ্ন কাহানিও দিঠকত পৰিণত হ'ব নোৱাৰে। কিন্তু তেওঁলোকৰ বক্তব্যই অসমৰ সমাজ জীৱন বিষময় কৰি তুলিব। আমাৰ নতুন প্ৰজন্মই বিকাশ-উন্নয়নৰ পথত অগ্ৰসৰ হোৱাৰ সলনি দশকৰ পিছত দশক ধৰি অসমীয়া-বঙালী, হিন্দু-মুছলমানৰ ৰাজনীতিত আবদ্ধ হৈ থাকিব লাগিব। ইয়ে বৃহত্তৰ অসমীয়া জাতিৰ চৰম দুৰ্যোগ মাতি আনিব। হিন্দুত্ববাদী এচাম নেতাই বাৰে বাৰে গোকাট মিছা কথাবোৰ কৈ অসমৰ ইতিহাস বিকৃত কৰিব খুজিছে। প্ৰায় এশ বছৰ আগতে অসমৰ সমাজ জীৱনৰ লগত সম্পৃক্ত হৈ পৰা এটা জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। আজিলৈকে মনে-প্ৰাণে অসমীয়া হ'ব নোৱাৰা এইসকল নেতাই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক নসাৎ কৰিবলৈ গৈ অসমত হিন্দুত্ববাদ জাপি দিব বিচাৰিছে।

আজি ভাৰতবৰ্ষৰ যিবোৰ ৰাজ্যত ভাষিক জাতিয়তাবাগ শক্তিশালী ৰূপত আছে, সেইবোৰ ৰাজ্যত শাসক গোষ্ঠীৰ হিন্দুত্ববাদে খোপনি পুতিব পৰা নাই। অসমতো সদৌ অসম ছাত্ৰ সন্থাকে ধৰি জাতীয়তাবাদী নেতৃত্বই সুদৃঢ়ভাৱে ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিক অৱস্থান লৈ এনে ৰাষ্ট্ৰীয় ৰাজনীতিক প্ৰতিহত কৰি আহিছে। সাময়িক ক্ৰুটি-বিচ্যুতি অতিক্ৰম কৰি হ'লেও আছুৰ নেতৃত্বই সামগ্ৰিকভাৱে জাতিৰ স্বাভিমান ৰক্ষা কৰি আহিছে। আশা ৰাখিছো- নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী জাতীয় সংগ্ৰাম আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া জাতিয়ে সন্মুখীন হ'বলগা জটিল সময়বোৰতো ছাত্ৰ সন্থাই ঐতিহাসিক ভূমিকা লৈ জাতিটোক জীপাল কৰি ৰাখিবলৈ অধিক যত্নপৰ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in