জাতীয় বিদ্যালয় আন্দোলন

জাতীয় বিদ্যালয় আন্দোলন

প্ৰচণ্ড অসমপ্ৰেমেৰে উদ্বুব্ধ কেইগৰাকীমান ডেকাই দিগন্তপ্ৰসাৰী লক্ষ্যৰে আৰম্ভ কৰা অসম জাতীয় বিদ্যালয় নামৰ শিক্ষানুষ্ঠানখনে ২৫ টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰি ৰুপালী জয়ন্তী পৰিক্ৰমা সম্পূৰ্ণ কৰাটোৱে কেৱল এখন শিক্ষানুষ্ঠানক মৰ্যাদাসম্পন্ন ৰূপত তুলি ধৰাই নহয়, ইয়াৰ সমান্তৰালভাৱে জন্ম দিলে জাতীয় বিদ্যালয়ৰ আন্দোলনৰ৷ 'অসম জাতীয় বিদ্যালয়'- এই নামটোতে সোমাই আছে শিক্ষানুষ্ঠানখন স্থাপনৰ আঁৰৰ চেতনা৷ ছবছৰীয়া অসম আন্দোলনেই যথাৰ্থতে জন্ম দিছিল এই চেতনাৰ৷ কিয়নো বিদেশী অনুপ্ৰৱেশৰ বিৰুদ্ধে '৭৯ৰ পৰা '৮৫লৈ হোৱা সেই আন্দোলনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰবল গণজোৱাৰৰ সৃষ্টি কৰাৰ সময়ত জাতীয় বিকাশৰ প্ৰশ্নত জাতিটোৱে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বান বিলাকৰ ব্যাপক চৰ্চা হৈছিল৷

সেই সময়ৰ তৰুণ প্ৰজন্মৰ সচেতন অংশটোৱে এই কথাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে স্বৰাজোত্তৰ দেশৰ দিল্লীকেন্দ্ৰিক শাসন ব্যৱস্থাই বৰ্তাই ৰখা আধিপত্যবাদৰ মাজত অসম-অসমীয়াৰ শক্তি বৰ্তাই ৰাখিবলৈ তথা বিশ্বৰ বুকুত শক্তিশালী ৰূপত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে কেৱল আবেগেই যথেষ্ট নহয়, প্ৰতিজন অসমীয়াই নিজক উপযুক্তভাৱে গঢ়ি তুলিব পাৰিবও লাগিব৷ নিজক গঢ়াৰ এই পৰ্ব আৰম্ভ হ'ব লাগিব প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ পৰাই৷ সেয়েহে ইয়াৰ বাবে বিদ্যালয় পৰিৱেশ তথা পাঠদানো হ'ব লাগিব উন্নত, বহিৰ্জগতৰ সৈতে ফেৰ মাৰিব পৰা ধৰণৰ আৰু এই বিদ্যালয়ে উচ্চ শিক্ষাৰ জগতখনলৈ উলিয়াই দিব পাৰিব লাগিব জাতীয়তাবোধসম্পন্ন চামে চামে শিক্ষাৰ্থীক৷

অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থাটোৱে জাতিটোৰ সেই প্ৰয়োজন পূৰণ কৰাত প্ৰদৰ্শণ কৰা ব্যৰ্থতাৰ বাবে উল্লিখিত ডেকা চামটোৰ মনত অংকুৰিত হ'ল অসম জাতীয় বিদ্যালয় স্থাপনৰ বীজ৷ সেই বীজেই এতিয়া এজোপা ২৫ বছৰীয়া পূৰঠ গছ হৈ জাতীয় জীৱনত এক সুকীয়া স্থান অধিকাৰ কৰিছে আৰু ইয়াৰ ছাঁ, ফল, সুবাসে অসমবাসীৰ মনত জাগ্ৰত কৰিছে আশা-প্ৰত্যয়ৰ বিমল অনুভৱ৷ অসম জাতীয় বিদ্যালয়ৰ আদৰ্শ তথা ইয়াৰ শিক্ষণ পদ্ধতিৰ বৈশিষ্ট্যই উদ্বুব্ধ কৰা বাবেই যোৱা দুটা দশকত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আন বহু জাতীয় বিদ্যালয়ৰ জন্ম হৈ ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত কি এক নতুন জোৱাৰৰ সৃষ্টি কৰিছে তাক দোহাৰা নিস্প্ৰয়োজন৷

অসম জাতীয় বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে সমূহ জাতীয় বিদ্যালয়ৰ সমন্বয় ঘটাই এটা ছাতিৰ তলৰ পৰা এই শৈক্ষিক আন্দোলনটো আগবঢ়াই নিয়াৰ যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া ৰাজ্যবাসীয়ে দেখিছে আৰু অদূৰ ভৱিষ্যতে এই সমন্বিত যাত্ৰাই ৰাজ্যৰ মাতৃভাষাৰ শিক্ষা ব্যৱস্থাটোলৈ অধিক শক্তিশালী অৱদান আগবঢ়াবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে৷

এটা কথা অৱশ্যেই উল্লেখ কৰিব লাগিব যে স্বাধীনতা সংগ্ৰামৰ সমান্তৰাকৈ অসমত আধুনিক শিক্ষাৰ প্ৰসাৰৰ যাত্ৰাটোও আৰম্ভ হৈছিল আৰু শিক্ষাৰ পোহৰেৰে সমাজ আলোকিত কৰা সেই আন্দলনোৰো নেতৃত্ব দিছিল গ্ৰাম্য জনতায়ে৷ ৰাইজৰ আশাশুধীয়া শ্ৰম আৰু এচাম নিষ্ঠাবান, প্ৰাজ্ঞ, শিক্ষাব্ৰতীৰ তত্বাৱধানত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতিস্কাৰ হৈ উঠিছিল এই শিক্ষানুষ্ঠানবোৰ৷ এই শিক্ষানুষ্ঠানবোৰে জন্ম দিয়া শিক্ষিত সন্তানসকলেই পৰৱৰ্তী সময়ত বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিছে, প্ৰবাসতো উজলি উঠিছে বহুজন৷

কিন্তু এটা সময়ত দুৰ্নীতিয়ে কোঙা কৰি পেলোৱা চৰকাৰী ব্যৱস্থাটোৰ মাজত সোমাই পৰা বাবেই মাতৃভাষাৰ সেই সুন্দৰ শৈক্ষিক পৰিৱেশটোৰ আপাততঃ পতন ঘটিল৷ এই অৱক্ষয়ৰ সুযোগ লৈয়ে হঠাৎ ৰাজ্যখনত কাঠফুলাৰ দৰে ঠন ধৰি উঠিল ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰ৷ ফলত অৱধাৰিতভাৱে জাতীয় জীৱনত এক সংঘাতৰ সৃষ্টি হ'ল৷ এনে এক পৰিস্থিতিত জাতীয় বিদ্যালয় জিলিকি উঠিছে আশাৰ এক প্ৰতীক হৈ৷

গতিকে অৱশ্যম্ভাৱীভাৱেই জাতীয় বিদ্যালয়ৰ কৰ্ণধাৰসকলৰ কান্ধত ন্যস্ত হৈ পৰিছে গধুৰ দায়িত্ব৷ অসম জাতীয় বিদ্যালয়ৰ অনুপ্ৰেৰণাত জাতীয় বিদ্যালয়ৰ যি আন্দোলন গঢ় লৈ উঠিছে, তাৰ লগতে জাতিটোৰ ভৱিষ্যতো সাঙোৰ খাই পৰিছে৷ বৰ্তমানৰ সামাজিক পৰিৱেশ, ক্ষয়িষ্ণু মূল্যবোধ, ব্যক্তিকেন্দ্ৰিক মানসিকতা, ভোগবাদী চেতনা আদি নেতিবাচক কাৰকবোৰৰ প্ৰতাপৰ মাজত ঈপ্সিত লক্ষ্য লৈ এনে এটা শৈক্ষিক আন্দোলন সূচাৰুৰূপে আগবঢ়াই নিয়াটো সহজ কথা নহয়৷

জাতীয় দায়বদ্ধতা থকা মানৱ সম্পদ গঢ়াৰ এই সংগ্ৰাম সফল কৰিবলৈ হ'লে জাতীয় বিদ্যালয়ৰ নেতৃত্ব শক্তিশালী হ'ব লাগিবই, লগতে অসমক ভাল পোৱা, শুভ চেতনাসম্পন্ন ব্যক্তিসকলেও এই আন্দোলনটোৰ প্ৰতি নিৰন্তৰ পৃষ্ঠপোষকতা আগবঢ়াই থাকিব লাগিব৷

যোৱা ২৫টা বছৰত অসম জাতীয় বিদ্যালয়ে সেই নিষ্ঠা, সাহস, দায়বদ্ধতা অক্ষুণ্ন ৰাখিব পৰা বাবেই এই শিক্ষানুষ্ঠানে সৃষ্টি কৰা মানৱ সম্পদে দেশ-বিদেশৰ কৰ্মক্ষেত্ৰত উচ্চ শিক্ষাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ লক্ষ্য যিহেতু মহান, গতিকে জাতীয় বিদ্যালয়ৰ আন্দোলন দিনকদিনে শক্তিশালী হৈ গৈ থাকিব আৰু মাতৃভাষাৰ অন্য শিক্ষানুষ্ঠানৰ বাবে ই হ'ব প্ৰেৰণাৰ উৎস৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in