এই মৃত্যু অসহনীয়

এই মৃত্যু অসহনীয়

বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত শতাধিক লোকে কৰুণ মৃত্যুক সাৱটিবলগীয়া হোৱা ঘটনাই একপ্ৰকাৰ চৰকাৰ তথা প্ৰশাসনৰ চৰম ব্যৰ্থতাকে উদঙাই দিছে। কাৰণ চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ জীৱন-জীৱিকা সুৰক্ষাৰ দায়িত্ব ভালদৰে পালন কৰিব নোৱাৰাৰ ফলতে এনে দুৰ্ভাগ্যজনক ঘটনাবোৰ সংঘটিত হ'বলৈ পাইছে। সংবাদ মাধ্যমযোগে ইয়াক শতিকাৰ বৃহত্তম ট্ৰেজেডি আখ্যা দিয়া হৈছে। কিন্তু ইয়াৰ আঁৰৰ মূল কাৰকবোৰ এতিয়াও পোহৰলৈ অহা নাই। প্ৰথম কথা- কিছুদিন আগতে এইখন চৰকাৰেই সুৰা বিক্ৰীৰ বিনিময়ত লাভ কৰা আবকাৰী ৰাজহ সংগ্ৰহৰ তথা ৰাজহুৱা কৰি সাফল্যৰ হিচাপ দাঙি ধৰিছিল।

যিসকল লোক এই ঘটনাৰ বলি হৈছে, তেওঁলোকে চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰা দেশী-বিদেশী সুৰা পান নকৰিব পাৰে কিন্তু স্থানীয়ভাৱে তৈয়াৰ কৰা সেই বিষাক্ত সুৰাৰ যোগান নিয়ন্ত্ৰণ কৰাৰ দায়িত্বও আছিল চৰকাৰী বিভাগৰে। গণতান্ত্ৰিকভানে নিৰ্বাচিত এখন জনকল্যাণকামী চৰকাৰৰ কাম-কাজ সুচাৰুৰূপে চলি থাকিলে ৰাজ্যত এইদৰে চুলাইৰ ৰমৰমীয়া ব্যৱসায় চলি থাকিব নোৱাৰে। আচলতে ৰাজ্য চৰকাৰৰ অধীনত থকা আবকাৰী, স্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান দপ্তৰকে ধৰি আৰক্ষী-নিৰাপত্তা বাহিনীৰ এক সামগ্ৰিক ব্যৰ্থতাৰ ফলতে ৰাজ্যখনত সকলোধৰণৰ চোৰাং ব্যৱসায়-বাণিজ্য অনায়াসে চলি আছে।

কিছুদিন আগতে ৰাজ্য চৰকাৰে ঘোষণোা কৰিছিল যে দেশীয় সুৰা তৈয়াৰ কৰাৰ ক্ষেত্ৰতো চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু সেইক্ষেত্ৰত যাৱতীয় নীতি-নিয়ম বলবৎ কৰা হ'ব। অৰ্থাৎ সকলোধৰমৰ সুৰাৰ অবাধ প্ৰচলনক চৰকাৰীভাৱে বৈধতা প্ৰদান কৰাৰ কথা কোৱা হৈছে। আমি ভাবো- সিধী সমাজে নীতিগতভাৱে ইয়াৰ বিৰোধ কৰা উচিত। এইদৰে চৰকাৰী পৃষ্ঠপোষকতাত ৰাজ্যখনত সুৰা উভৈনদী কৰি তোলাৰ উদ্দেশ্য কি?

ইয়াৰ জৰিয়তে আচলতে একো একোটা প্ৰজন্মক চিৰদিনৰ বাবে ধ্বংসৰ গৰাহলৈ থেলি দিব বিচৰা হৈছে নেকি? আমাৰ ৰাজ্যত এতিয়া সামাজিক বিশৃংখলতা সৃষ্টিৰ মূল কাৰণটোৱে হৈছে সুৰা। বিশেষকৈ যুৱচামে সুৰাৰ ৰাগিত মতলীয়া হৈ থাকি যাতে সকলো সমস্যাৰ কথা পাহৰিব পাৰে তাৰেই চৰকাৰীভাৱে সু-বন্দৱস্ত কৰা হৈছে। বহুতেই কৈছে যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হ'ল সুৰা। তেওঁলোকৰ যুক্তি হৈছে- এই চৰকাৰৰ দিনতে সুৰাৰ সৰ্বাধিক ৰাজহ সংগৃহীত হৈছে।

তদুপৰি প্ৰশাসন যন্ত্ৰটোৰ চকুৰ আগতে অবৈধ সুৰাৰ ব্যৱসায় চলাই থকা সকলো আনকি চৰকাৰৰে অনুগ্ৰহপ্ৰাপ্ত লোক। পূৰ্বৰ কংগ্ৰছী আমোলৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰ, চেকগে'ট-ছিণ্ডিকেটকৰ ব্যৱস্থা সম্প্ৰতি নতুন ৰূপত নতুন প্ৰচলন হৈছে বুলিও গুৰুতৰ অভিযোগ আহিছে। কিন্তু কথা হ'ল- এইধৰণৰ অভিযোগ-প্ৰতিঅভিযোগে নিৰ্মম সত্যক ঢাকি ৰাখিব নোৱাৰে। সেয়ে যিসকলে এইদৰে দুৰ্বিষহ মৃত্যুক আঁকোৱালি ল'লে, তেওঁলোকৰ পৰিয়ালৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব এতিয়া চৰকাৰে নীতিগতভাৱে মূৰ পাতি লোৱা উচিত।

ঔপনিবেশিক কালৰে পৰাই শোষণ-বঞ্চনাৰ চিকাৰ হৈ অহা ৰাজ্যৰ সবাতোকৈ অবহেলিত জনগোষ্ঠীটোক কেৱল ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা শাসকপক্ষই সুৰাত বিষাক্ত দ্ৰব্য মিহলোৱা দুষ্কৃতিকাৰীসকলকো চিনাক্ত কৰিব লাগিব। আমি ভাবো- এই ঘটনাই শাসক গোষ্ঠীৰ বিকাশ-উন্নয়নৰ দৰ্প-অহংকাৰৰো ফোঁপোলা স্বৰূপটো উদঙাই দিছে। চৰকাৰী উন্নয়নে যে আদিবাসী-চাহ জনগোষ্ঠীয় ৰাইজৰ জীৱন-জীৱিকাৰ মান উন্নীত কৰিব পৰা নাই, তাৰো এক স্পষ্ট ছবি ইয়াৰ দ্বাৰাই প্ৰতিফলিত হৈছে।

সেয়েহে চৰকাৰে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ ব্যৱস্থাৰ বিষয়ে যুক্তিসহকাৰে বিবেচনা কৰা উচিত। আমাৰ জনগোষ্ঠীয় সমাজে তৈয়াৰ কৰা পৰম্পৰাগত সুৰা বাদ দি কোনোপক্ষই যাতে এইদৰে বিষাক্ত সুৰাৰ ব্যৱসায়েৰে জনজীৱন বিপৰ্যস্ত কৰিব নোৱাৰে, তাৰ এক স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰেই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in