দুৰ্ভাৱনাৰ আৰম্ভণি

223

সংবাদ মাধ্যম, জাতীয় দল-সংগঠন আৰু সামাজিক সংস্থাবোৰে যিমানেই নতুন বছৰটোক লৈ ইতিবাচক দৃষ্টিভংগী পোষণ নকৰক কিয়; ইয়াৰ আৰম্ভণি কিন্তু দুৰ্ভাৱনাৰ মাজেৰেই হোৱা পৰিলক্ষিত হ’ল৷ আমি যিমানেই ইতিবাচক হ’বলৈ চেষ্টা নকৰো কিয়, শাসকীয় ৰাজনীতিয়ে আমাক সুখে-সন্তোষে জীয়াই থাকিবলৈ নিদিয়ে৷ এই কথা পুনৰবাৰ প্ৰতিপন্ন হ’ল বিগত বৰ্ষটোৰ শেষৰ দিনা৷

নগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ গঠিত যুটীয়া সংসদীয় সমিতি অৰ্থাৎ জে পি চিৰ একত্ৰিশ ডিচেম্বৰৰ বৈঠকত সকলোধৰণৰ সংশোধনী প্ৰস্তাৱ অগ্ৰাহ্য কৰি অসমবাসীলৈ এই বাৰ্তা প্ৰেৰণ কৰা হ’ল যে নতুন দিল্লীৰ ওচৰত তেওঁলোকৰ গণতান্ত্ৰিক প্ৰতিবাদৰ কোনো মূল্য নাই৷ আমি পূৰ্বেও বহুবাৰ এইকথা উনুকুয়াইছো যে হিন্দুত্ববাদী সাংস্কৃতিক ৰাষ্ট্ৰবাদে অসমীয়াৰ জাতীয়তাবাদী শক্তিৰ উত্থান হ’বলৈ নিদিয়ে বিজেপি তথা সংঘ পৰিয়ালৰ ৰাষ্ট্ৰীয় ৰাজনীতিয়ে৷

যিবোৰ ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিয়ে প্ৰতিষ্ঠা লাভ কৰিছে সেইবোৰত গেৰুৱা বাহিনী তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ তামিল, তেলেগু, উড়িয়া-বাঙালীৰ জাতিয়তাবাদী ৰাজনীতিক হিন্দুত্ববাদীসকলে নস্যাৎ কৰিব পৰা নাই৷ আমাৰ অসমতো অসম গণ পৰিষদৰ নেতৃত্বত আঞ্চলিক শিবিৰ ঐক্যবদ্ধ হোৱাৰ এক পৰিৱেশ ৰচনা হৈছিল আশীৰ দশকতে৷ কিন্তু অগপ নেতৃত্বই সেই পৰিৱেশ-পৰিস্থিতিৰ সুযোগ ল’ব নোৱাৰিলে৷

সৰ্বভাৰতীয় দলৰ অনুগ্ৰহত ক্ষমতা লাভৰ অংক কৰাতেই ব্যস্ত অগপ নেতৃত্বৰ উদ্যোগতে দলটোৰ প্ৰায় তিনি দশকজোৰা বৰ্ণিল ইতিহাসৰ বিয়োগাত্মক সামৰণি পৰিবলৈহে বাকী! অসমৰ ভূ-ৰাজনৈতিক বৈচিত্ৰ্য আৰু ইয়াৰ জাতি-জনগোষ্ঠীৰ ভিন্নতাই ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে তাহানিৰ পৰাই প্ৰতিকূলতাৰ সৃষ্টি কৰি আহিছিল৷ কিন্তু জাতীয়তাবাদী নেতৃত্বই হিন্দুত্ববাদীসকলৰ ওচৰত নতিস্বীকাৰ কৰাৰ পিচৰ পৰাই কেৱল সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰতেই নহয়; আনকি বৃহত্তৰ অসমীয়া সমাজখনতো ভাঙোনমুখী প্ৰক্ৰিয়াৰ সূচনা হৈছে৷

ৰাজ্যত কাহানিও নোহোৱা-নোপজা ঘটনাবোৰ ঘটিবলৈ লৈছে৷ অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰাধিকাৰীসকলে এতিয়া নিজকে হিন্দু-মুছলমান হিচাপে পৰিচয় দিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ চৰম দুৰ্ভাৱনাৰ বিষয়টো হ’ল- মহাপুৰষ শংকৰদেৱ, লাচিত বৰফুকনক লৈও আনকি ৰাষ্ট্ৰীয়তাবাদী আৰু জাতীয়তাবাদীৰ মাজত টনা-আঁজোৰা চলা পৰিলক্ষিত হৈছে৷

সামগ্ৰিকভাৱে এইবোৰ জাতিৰ দুৰ্দিনৰ পূৰ্বাভাসৰূপে পৰিগণিত হৈছে৷ সেই অৰ্থতে ২০১৯ বৰ্ষটো অসমীয়া জাতিৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ বছৰ হিচাপে চিহ্নিত হৈছে৷ জাতিটো সবল ৰূপত থিয় দি উঠিব নে অস্তিত্বৰ সংকটত ভুগি নিঠৰুৱা হ’ব; সেয়া এই নতুন বছৰটোতে নিৰ্ধাৰণ হ’ব৷

অসম গণ পৰিষদৰ নেতৃত্বত আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান ঘটিব নে তাৰ বিকল্পৰ সৃষ্টি হ’ব তাক লৈও ৰাজ্যৰ জাতীয় শিবিৰে চিন্তা-চৰ্চা চলাব লাগিব এই বৰ্ষটোতে৷ কাৰণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ’ব এই বছৰটোতে৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ক্ষেত্ৰতো স্পষ্ট ছবি এখন বছৰটোৰ আৰম্ভণিৰ পৰ্যায়তে ওলাই পৰিব৷ এন আৰ চিৰ দাবী-আপত্তি দাখিলৰ সময়সীমাও একত্ৰিশ ডিচেম্বৰতে উকলি গ’ল৷ ইয়াৰ পিচত সম্পূৰ্ণ তালিকা প্ৰকাশ হ’ব৷ যিসকলে এন আৰ চিৰ বাহিৰত থাকি গ’ল তেওঁলোকৰ নাগৰিকত্বৰ দাবী বিদেশী ন্যায়াধিকৰণ তথা ন্যায়ালয়ে বিচাৰ কৰিব৷

শেষত গৈ যিসকল লোকক অবৈধ বিদেশী হিচাপে চিনাক্ত কৰা হ’ব তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও গুৰুত্বপূৰ্ণ হ’ব৷ মুঠতে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সুমীমাংসা নোহোৱালৈকে অসমীয়া জাতিৰ দুৰ্যোগ আঁতৰিব নোৱাৰে৷ অৰ্থাৎ বছৰটোৰ আৰম্ভণিতে অসমীয়াক দুৰ্ভাৱনাই লগ দিছে৷ জাতি-ধৰ্ম-ভাষা-গোষ্ঠী নিৰ্বিশেষে সকলোৱে মিলি এই দুৰ্ভাৱনা আংতৰ কৰিব লাগিব৷ নিশ্চিতভাৱে ঐক্যবদ্ধ গণ সংগ্ৰামৰ জৰিয়তেহে ই সম্ভৱপৰ হ’ব৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি