দুৰ্গ পতন

দুৰ্গ পতন

হিন্দী বলয়ৰ তিনিখন ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিৰ যি নিৰ্বাচনী বিপৰ্যয়, সেয়া এক কথাত ক'বলৈ গ'লে এক ৰাজনৈতিক চমক। কিয়নো এই বলয়টো বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। তদুপৰি ৫ বছৰৰ আগতে দেশত যেতিয়া কংগ্ৰেছৰ শাসন আছিল, তেতিয়াও বিশেষকৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশত বিশাল ভোটাধিক্যৰে বিজয়ী হৈ বিজেপিয়ে উক্ত ৰাজ্যকেইখনৰ ক্ষমতাত আৰোহণ কৰিছিল। ৰাজস্থানত ২০০ আসনৰ ভিতৰত ১৬০খন আৰু মধ্যপ্ৰদেশত ২৩০খন আসনৰ ১৬৫ খন লাভ কৰিছিল বিজেপিয়ে।

শিৱৰাজ সিং চৌহান একেলেথাৰিয়ে তৃতিয়টো কাৰ্যকালৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। ছত্তীশগড়তো ৰমণ সিঙে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিছিল। পাঁচটা বছৰৰ পিচতে এই দৃশ্যপটে 'ইউ টাৰ্ণ' লোৱাটোক সেয়েহে এক ৰাজনৈতিক চমক বুলি ক'ব লাগিব আৰু দুৰ্ধৰ্ষ বিজেপিক এনে এক দুৰ্যোগলৈ ঠেলি দিয়াৰ কৃতিত্বৰ দাবীদাৰ হৈছে কংগ্ৰেছ। যাক ২০১৪ বৰ্ষত দেশৰ জনতাই ক্ষমতাৰ পৰা অপসাৰণ কৰিছিল ভ্ৰষ্টাচাৰ-অপশাসনৰ অভিযোগত।

গতিকে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ'ব ২০১৪ ত মোডী লহৰে প্লাৱিত কৰা দেশত ২০১৮ ত বিজেপিৰ এনে দুৰ্যোগৰ কাৰণ কি? ৰাজস্থানৰ বিপৰ্যয়ৰ কাৰণ হিচাপে ৰাজনৈতিক পৰ্যবেক্ষকসকলে ৰাজ্যখনত সৃষ্টি হোৱা শক্তিশালী অধিষ্ঠানবিৰোধী (Anti Incumbency) পৰিৱেশকে ঠাৱৰ কৰিব খুজিছে। প্ৰকাৰান্তৰে বসুন্ধৰা ৰাজেলৈ আঙুলিয়াই একাংশ বিজেপি নেতায়েই দাবী কৰিব খোজে যে ৰাজ্যখনৰ নেতৃত্বৰ বিৰুদ্ধে ৰাজপুতসকলৰ প্ৰচণ্ড ক্ষোভৰ মূল্য ভৰিবলগা হ'ল বিজেপিয়ে।

আনহাতে বসুন্ধৰা ৰাজেৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সংঘাতক বিজেপিৰ পৰাজয়ৰ কাৰণ বুলি চিহ্নিত কৰিব খোজে একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে। কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ অতি আস্থাভাজন হোৱা সত্বেও এইবাৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ৰমণ সিং ক্ষমতাচ্যুত হ'বলগা হ'ল কিয় সেই প্ৰশ্নটোও কিন্তু উদয় হৈছে বহুতৰ মনত। আনহাতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ব্যক্তিগত ভাৱমূৰ্তি ৰাজ্যখনত যথেষ্ট উজ্জ্বল। তথাপি তেও নিজৰ দলক ৰাজ্যখনত পুনৰবাৰ সংখ্যাগৰিষ্ঠতা দিওৱাত ব্যৰ্থ হ'ল।

কংগ্ৰেছ-বিজেপিৰ কাণে কাণ মৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ কাৰ হ'ব সেইটো অদ্যপৰিমিত থিৰাং নহ'লেও নিৰ্বাচনী যুঁজখনত চৌহান কংগ্ৰেছতকৈ পিচ পৰিবলগীয়া হোৱাটো তাৎপৰ্যপূৰ্ণ। ইফালে, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত দীৰ্ঘদিন বিৰতিৰ পিচত কংগ্ৰেছৰ পুনৰুত্থান ঘটিলেও পাঁচ ৰাজ্যৰ এই নিৰ্বাচনটোক কংগ্ৰেছৰ সপক্ষে জনতাৰ ৰায় বুলিও একে আষাৰে ক'ব পৰাৰ থল নাই এইবাবেই যে নিৰ্বাচনটোত কংগ্ৰেছে উত্তৰ পূৱৰ শেষ দুৰ্গ মিজোৰাম হেৰুৱাবলগা হৈছে। তদুপৰি তেলেংগানাত চন্দ্ৰবাবু নাইডুৰ টি ডি পিৰ লগতে টি জে এছ, চি পি আইৰে মিলি কংগ্ৰেছে 'প্ৰজা কুটমি' নামৰ জোঁট বন্ধন গঢ়ি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও কে চন্দ্ৰশেখৰ ৰাৱৰ তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ হাতত এই জোঁট বন্ধন শোচনীয়ভাৱে পৰাস্ত হোৱাটোৱে কংগ্ৰেছৰ প্ৰতি জনতাৰ সামগ্ৰিক আস্থা নথকাটোৱে প্ৰতিপন্ন কৰিছে।

এই সামগ্ৰিক দৃশ্যপটলৈ লক্ষ্য ৰাখি যদি ৫ ৰাজ্যৰ নিৰ্বাচনত ফলাফলৰ কাৰণ বিশ্লেষণ কৰিব খোজা হয়, তেনেহ'লে দেখা যাব যে জনতাই কোনো বিশেষ দলৰ প্ৰতি মোহাগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে কিছুমান স্পৰ্শকাতৰ বিষয়ক গুৰত্ব দিহে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। প্ৰথম কথা হ'ল বিমুদ্ৰাকৰণ আৰু জি এছ টি- এই দুই অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ মোডী চৰকাৰে ইমান বাছ-বিচাৰহীনভাৱে সম্পন্ন কৰি দিলে, যাৰ বাবে ই সাধাৰণ মানুহৰ ওপৰত সৰগ ভাগি পৰাৰ দৰে হ'ল। জি এছ টিৰ ফলত বহু ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱনলৈ নামি আহিল চৰম দুৰ্যোগ। কৃষকেও ইয়াৰ মূল্য ভৰিব লগা হ'ল। তদুপৰি নূন্যতম সমৰ্থনমূল্য বৃদ্ধি নোহোৱাৰ পৰিপ্ৰেক্ষিতত বহু কৃষকে উৎপাদিত ফচলৰ উচিত দাম নোপোৱাত এই দৰিদ্ৰ কৃষক সকলে জীৱন ধাৰণ কৰাটোৱেই দুৰূহ হৈ পৰে।

ইফালে কৃষি ঋণৰ বোজাৰ সমস্যাটোৱেও জুৰুলা কৰি আছে কৃষকসকলক। যাৰ বাবে ২০১৬ চনৰ পৰা দেশৰ ১২ হেজাৰ কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। কেইবাটাও বিশাল কৃষক বিদ্ৰোহৰ সন্মুখীন হ'বলগা হৈছে চৰকাৰ। এইবোৰ হৈছে অৰ্থনৈতিক সমস্যা। আনহাতে মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিচত দেশত বিৰাজ কৰা ধৰ্মীয় উন্মাদনাৰ বলি হ'বলগা গৈছে বহু সাধাৰণ মানুহ। ৰাজস্থানত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে। বিভিন্ন ধৰণৰ মন্দিৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত দুখীয়া মানুহ উচ্ছেদিত হ'বলগীয়া হোৱা ঘটনাই ৰাজ্যখনত অসন্তুষ্টিৰ পৰিৱেশ সৃষ্টি কৰিছিল।

ইফালে ৰমণ সিঙৰ আমোলত ছত্তীশগড়ত নিম্ন পৰ্যায়ৰ প্ৰশাসন একেবাৰে সোলোক-ঢোলোক হৈ পৰাৰ উপৰি বিজেপি কৰ্মীসকলে সুলভ মূল্যৰ দোকানৰ কৰ্তৃত্ব, বাট-পথৰ ঠিকাৰ পৰা বনাঞ্চলৰ গছ কটালৈকে সকলো সা-সুবিধা নিজৰ হাতলৈ নি লুণ্ঠনৰ ৰাজত্ব চলোৱাত ৰাজ্যখনৰ জনসাধাৰণ ইমানেই অসন্তুষ্ট হৈ পৰে যে তাৰ অভাৱনীয় মূল্য বিজেপি দলটোৱে এইবাৰৰ নিৰ্বাচনত ভৰিব লগা হ'ল।

গতিকে এই সামগ্ৰিক ছবিখনৰ পৰা এই কথাই স্পষ্ট হৈ পৰিছে যে পাঁচ ৰাজ্যৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰা এই 'ফেক্টৰ'বোৰ দেশৰ জনতাৰ হৃদয়ত উমি উমি জ্বলা ক্ষোভৰেই এক বহিৰ্প্ৰকাশ। মোডীয়ে নিবনুৱাক সংস্থাপনৰ যি সপোন দেখুৱাইছিল, সেই সপোন সপোন হৈয়ে আছে। গতিকে এই যি ক্ষোভ তাৰ প্ৰভাৱ চাৰি মাহৰ পিছত দেশত অনুষ্ঠিত হ'বলগা লোকসভা নিৰ্বাচনতো যে নপৰিব, তাৰ মানে নাই। অৱশ্যে ৰাজ্যৰ নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ কেতবোৰ চৰিত্ৰগত পাৰ্থক্যও আছে। তথাপি দেশৰ জনতাৰ ক্ৰমবৰ্ধমান যি ক্ষোভ-অসন্তুষ্টি, তাক প্ৰশমনৰ বাবে অহা ৪ টা মাহত কি ৰণকৌশল গ্ৰহণ কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰিব মোডী-অমিত শ্বাহৰো ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in