অশান্ত কাশ্মীৰ

অশান্ত কাশ্মীৰ

কাশ্মীৰৰ পৰিস্থিতি ক্ৰমে ক্ৰমে অধিক জটিল হৈ আহিছে। ইংগিত আগতেই আছিল, বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ সমস্যা সমাধান কৰিবলৈ আলোচনাতকৈ সংঘাতৰ পথেই বাছি ল'ব। ৰাজনৈতিক আলোচনাৰে নহয়, সম্পূৰ্ণ দমন নীতিৰেই কাশ্মীৰ উদ্ধাৰত ব্ৰতী হ'ব নৱনিৰ্বাচিত মোডী চৰকাৰ। ক্ষমতাৰে মদমত্ত শাসকক কোনে বুজাব যে এই পথ ৰাজনৈতিক প্ৰজ্ঞাৰ নহয়, ই নিৰ্ঘাত ৰাজনৈতিক হঠকাৰিতাহে। কাশমীৰত বিৰ্দোহৰ জুই দুগুণে জ্বলিব- বিচ্ছিন্নতাবাদীহঁতৰ অতপালি বাঢ়িব, নীৰিহ কাশ্মীৰবাসী সন্ত্ৰাসবাদী আৰু ৰাষ্ট্ৰীয় জিংঘাসাৰ বলি হ'ব। এনে অৱস্থাৰ প্ৰতিবাদ কৰা ভাৰতীয় 'ৰাষ্ট্ৰদ্ৰোহী' হ'ব। বিদ্ৰোহ দমনৰ নামত হোৱা জিঘাংসাৰ ৰাজনীতি অব্যাহত থাকিব।

কাশ্মীৰত বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদীসকলৰ কাৰ্যকলাপ যে দিনে দিনে বৃদ্ধি পাইছে আৰু পাকিস্তানে যে এই শক্তিবোৰক অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰি আহিছে, সেই কথাও এতিয়া গোপন হৈ থকা নাই। একে সময়তে এই কথাও সত্য যে তথাকথিত পাকিস্তানী গণতন্ত্ৰও জীয়াই আছে সেই দেশৰ জনসাধাৰণৰ মাজত কাশ্মীৰকেন্দ্ৰিক ভাৰত-বৈৰী আৱেগৰ জোৱাৰ তুলিয়েই। ভাৰত-বৈৰিতা পাকিস্তানী শাসকৰ মোক্ষম অস্ত্ৰ। সেয়ে পাকিস্তানী চৰকাৰে কাহানিও নিবিচাৰে যে কাশ্মীৰ শান্তিত থাকক।

কাশ্মীৰী বিচ্ছিন্নতাবাদীক ধনে-জনে সহায় কৰি আৰু পাকিস্তানত ঘাটি গঢ়ি তোলা বিচিত্ৰ সন্ত্ৰাসবাদী শক্তিক কাশ্মীৰ তথা ভাৰতৰ বিভিন্ন স্থানত কূটাঘাতমূলক ধ্বংস কাৰ্য সংঘটিত কৰিবলৈ পাকিস্তানে চৰকাৰেই যে সহায় কৰে, সেইবোৰ কথাও এতিয়া ইতিহাসৰ গোপন অধ্যায় নহয়। এই পাকিস্তানী মদতপুষ্ট সন্ত্ৰাসবাদীয়ে আমাৰ পবিত্ৰ সংসদ ভৱন আক্ৰমণ কৰিছিল, মুম্বাই চহৰক একাধিকবাৰ ধাৰাবাহিক বিস্ফোৰণেৰে তচনচ কৰিছিল। ইমানখিনিৰ পিছতো ভাৰতে পাকিস্তানৰ লগত সৰ্বাত্মক যুদ্ধত অৱতীৰ্ণ হোৱা নাই। ভাৰতে এতিয়াও আলোচনাৰ পথেৰে আৰু কূটনৈতিক বিচক্ষণতাৰে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলাই আহিছে।

এই পথেৰে সন্ত্ৰাসবাদী ৰাজনীতিৰ পৃষ্ঠপোষক পাকিস্তানক চিহ্নিত আৰু এঘৰীয়া কৰাত ভাৰত ৰাষ্ট্ৰই বহুখিনি সফলতা অৰ্জনো কৰিছে। সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কূটনৈতিক তৎপৰতা নিশ্চয় প্ৰশংসাৰ যোগ্য। কিন্তু আভ্যন্তৰীণ ৰাজনীতিত কেন্দ্ৰত অধিষ্ঠিত তেওঁৰ চৰকাৰখনৰ ভূমিকা সদৰ্থকতো নহয়েই, বৰং সম্পূৰ্ণভাৱে প্ৰৰোচনামূলক। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ জম্মু-কাশ্মীৰত আৰু ছমাহৰ বাবে ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বঢ়োৱা হৈছে।

তাৰ আগতে কেন্দ্ৰীয় গৃহ দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচী লৈ কাশ্মীৰ উপত্যকাৰ পৰিস্থিতি অধ্যয়ন কৰি আহিছিল। সংবাদ মাধ্যম আৰু সংসদত গৃহ মন্ত্ৰীজনে প্ৰায় স্পষ্টভাৱে কৈছে যে বিচ্ছিন্নতাবাদীসকলৰ লগত সদ্যহতে কোনো আলোচনাৰ প্ৰশ্ন উঠিব নোৱাৰে। সংসদৰ জম্মু-কাশ্মীৰৰ বিষয় লৈ হোৱা বিতৰ্কৰ প্ৰত্যুত্তৰত অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে যিয়ে দেশক খণ্ডিত কৰাৰ কথা ক'ব, তেওঁলোকক সেই ভাষাতেই উত্তৰ দিয়া হ'ব। গৃহমন্ত্ৰীজনৰ এনে উক্তি যে স্বৈৰাছাৰী নীতিৰ সমাৰ্থক, সেয়া নক'লেও হ'ব। তেওঁ কাশ্মীৰ ভ্ৰমণৰ সময়তো আৰক্ষী, সামৰিক বাহিনীৰ উচ্চস্তৰীয় বিষয়াবৰ্গ আৰু ৰাজ্য প্ৰশাসনৰ মুৰব্বীসকলৰ বাদে কোনো ৰাজনৈতিক দল-সংগঠনৰ লগত আলোচনাত নবহিল।

একাধিক বিৰোধী দলে জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন বিচাৰিছে। গৃহ মন্ত্ৰীয়ে পোনচাটেই তাক নসাৎ কৰিছে। বিগত লোকশভা নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰকাশ কৰা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত সংবিধানৰ ৩৭০ ধাৰাৰ- যি কাশ্মীৰীসকলক স্বায়ত্বশাসনৰ মৰ্যাদা প্ৰদান কৰিছে, সেই ধাৰাৰ বিলুপ্তিকৰণ কৰা হ'ব বুলি কোৱা হৈছে। এনে কাৰ্য যে সংবিধানবিৰোধী হ'ব, সেয়া মোডী চৰকাৰে নুবুজা নহয়।

কিন্তু দাম্ভিক শাসকক কোনে পতিয়ন নিয়াব! কাশ্মীৰ জ্বলি আছে আৰু জ্বলিব। বিচ্ছিন্নতাবাদী-সন্ত্ৰাসবাদী নিপাত যাওক- সেয়ে আমাৰ কামনা। কিন্তু কাশ্মীৰ উপত্যকাত যিসকল নিৰীহ মানুহৰ ইতিমধ্যে অপঘাত মৃত্যু ঘটিছে আৰু যিসকল নিৰীহ লোক সেই মৰণ পথৰ যাত্ৰী হোৱাৰ সম্ভাৱনা দেখা গৈছে, তাৰ দায়িত্ব কোনে ল'ব?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in