আলিয়া-নন্দিতাৰ কথা

আলিয়া-নন্দিতাৰ কথা

যি সময়ত আফগানী নাৰী জীৱনৰ দুৰ্ভাগ্যৰ কথা ভাবি বিশ্বৰ মানৱ সমাজ উদ্বিগ্ন আৰু ব্যথিত, সেই একে সময়তে আমাৰ অসম মুলুকত নাৰী লাঞ্ছিত হৈছে সৰ্বপ্ৰকাৰে। শিশুকন্যাৰ পৰা অশীতিপৰ বৃদ্ধালৈ – ৰাজ্যখনত নাৰীৰ সামাজিক নিৰাপত্তা বিঘ্নিত হ'বলগা হোৱাৰ ছবিখনলৈ মন কৰিলে পুৰুষপ্ৰধান আমাৰ সমাজখনৰ স্বৰূপটোক কোনো অৰ্থতে তালিবানী মানসিকতাৰ পৰা পৃথক কৰি চাব নোৱাৰে। যদিও এই প্ৰসংগটোৰ অৱতাৰণা কৰা হৈছে নন্দিতা শইকীয়া বা আলিয়া তাঁতীৰ নৃশংস হত্যাৰ আঁত ধৰি। বিষয়টোৰ গুৰুত্ব পিচে এই দুটা হত্যাকাণ্ডৰ মাজতে সীমাবদ্ধ হৈ থকা নাই।

নাৰীয়ে যেতিয়া সমাজত নিৰাপত্তা হেৰুৱাই পেলায়, তাৰ প্ৰতিফলন সকলোতে ঘটে- প্ৰেম বা যৌনতাৰ নামত নাৰীয়ে প্ৰাণ দিবলগীয়া হোৱাটো তাৰ মাজৰ একোটা সহজাত দৃষ্টান্তহে। ৰাজ্যত চলা নীৰি নিগ্ৰহ বা নাৰী লাঞ্ছনাৰ খতিয়ানবোৰলৈ যদি চাওঁ আমি দেখিম, কি ঘৰ কি বাহিৰ সৰ্বত্ৰ কিদৰে নাৰীসকলে এই পুৰুষ পৃথিৱীৰ অবিৰত যৌন শোষণ সহি থাকিব লগা হৈছে।

মন কৰক নাৰী ক'ত শোষণ- বৈষম্যৰ বলি হ'ব লগা হোৱা নাই? শিক্ষাৰ ক্ষেত্ৰত পাৰিবাৰিক অৱহেলাৰ বলি হ'বলগা হৈছে, আত্মসংস্থাপিত হ'বলৈ বা কৰ্মসংস্থান পাবলৈ কৰিব লগা হৈছে। যৌতুক , বিবাহ বিচ্ছেদ এইবোৰৰ জৰিয়তেও নাৰী মূলতঃ বলি হৈছে লিংগ বৈষম্যৰে। আনকি নাৰীৰ মাজত ৰক্তস্বল্পতাৰ ব্যপকতা বা প্ৰসূতিৰ মৃত্যুৰ হাৰৰ তথ্যোবোৰো প্ৰকৃততে নাৰীৰ সামাজিক নিৰাপত্তাহীনতাৰ স'তেই সম্পৰ্কিত।

নন্দিতা শইকীয়া বা আলিয়া তাঁতী পুৰুষ মানসিকতাৰে পৰিচালিত এই সমাজখনৰ অসহায় ভুক্তভোগী মাথোঁ। চোকা অস্ত্ৰৰ আঘাতত জীৱন দিব লগা হোৱা নন্দিতাৰ অপৰাধ আছিল এয়ে যে তেওঁ সঁহাৰি-সমৰ্থনেৰে পুৰুষ মনত জাগি উঠা প্ৰণয় আকাংক্ষাক সাকাৰ কৰি তুলিবলৈ অসমৰ্থ হৈছিল। আনহাতে সাত বছৰীয়া আলিয়া তাঁতীৰ অপৰাধ আছিল-তেওঁ পুৰুষৰ যৌনক্ষুধা নিবাৰণত সহায় কৰিবলৈ শাৰীৰিৰ আৰু মানসিকভাৱে আছিল অক্ষম-অপৈণত।

নন্দিতা শইকীয়াৰ ঘাতকৰ যি একপক্ষীয় প্ৰণয় আকাংক্ষাক সাকাৰ কৰি তুলিবলৈ অসমৰ্থ হৈছিল। আনহাতে সাত বছৰীয়া আলিয়া তাঁতীৰ অপৰাধ আছিল- তেওঁ পুৰুষৰ যৌনক্ষুধা নিবাৰণত সহায় কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে আছিল অক্ষম-অপৈণত।নন্দিতা শইকীয়াৰ ঘাতকৰ যি একপক্ষীয় প্ৰণয় আকাংক্ষা আৰু সেই আকাংক্ষা পূৰণ কৰিব নোৱাৰি হতাশগ্ৰস্ত ঘাতকগৰাকীয়ে প্ৰকাশ কৰা যি বৰ্বৰতা, তাৰ ব্যাখ্যা বিচাৰি বহুতে হয়তো প্ৰেম-পীৰিতিজনিত মনস্তত্ত্বৰ কথা দোহাৰিব। কিন্তু প্ৰেমনিবেদনৰ মাজেৰে পুৰুষে কোনো নাৰীক পাব খোজাৰ এই আগ্ৰাসী মানসিকতাৰ আঁৰত আচলতে যে অৱদমনৰ প্ৰক্ৰিয়া এটাই সংগোপনে ক্ৰিয়াশীল হৈ আছে, তাক বুজিবলৈ একো কঠিন নহয়।

ফে'চবুক-হোৱাটছএপ জাতীয় আধুনিক প্ৰযুক্তিনিৰ্ভৰ এই পৃথিৱীত মূল্যবোধৰ সলনি হৈছে দ্ৰুততাৰে। ভোগসৰ্বস্ব-বজাৰসম্ভূত সংস্কৃতিৰ ধামখুমীয়াত পৰি সলনি হৈছে প্ৰেম-যৌনতাৰ প্ৰতি থকা মানুহৰ পুৰাতন দৃষ্টিভংগী। বিৱৰ্তিত হৈছে মনস্তত্ত্বও।শান্ত-সৌম্য-সৰগীয় বা শাশ্বত এক অনুভৱ বুলি প্ৰেমক লৈ অতকালে যি ধাৰণা এটাৰ প্ৰচলন আছিল, সেয়া যেন আজি হঠাৎ অন্তৰ্ধান। কেৱল সকলোতে উগ্ৰতা, অসহনশীলতা আৰু নৃশংসতা।

প্ৰিয়জনৰ প্ৰতি অন্তৰত আজীৱন শুভকামনা কঢ়িয়াই লৈ ফুৰাৰ মাজেৰেই য'ত প্ৰেম-ভালপোৱাৰ মহত্ত্ব প্ৰকাশ পোৱাৰ কথা আছিল, আজি তাৰ ৰূপ দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ বিপৰীত। প্ৰেমিক পুৰুষৰ মনত যদি প্ৰেমাস্পদকো বৰ্বৰৰ দৰে হত্যা কৰিবলৈ ইচ্ছা জাগি উঠে, তেন্তে বুজিব লাগিব এই বিকৃত-উগ্ৰতা বা নৃশংসতাৰ আঁৰত আচলতে ক'ৰবাত আছে বৃহত্তৰ এই সমাজখনৰে কেৰোণ। সমাজত বিকৃতি নঘটিলে সামগ্ৰিকভাৱে মানুহৰ মানসিকতাত ইমান ব্যাপক পৰিবৰ্তন নাহে। মানুহৰ কাম-কাজ, আচাৰ-আচৰণৰ সৰ্বত্ৰ আৰু সততে হিংস্ৰতা-নৃশংসতাৰ প্ৰতিফলন দেখিবলৈ পোৱাটো সামাজিক মনস্তত্বৰ বিসংগতিৰ বাদে আন একো হ'ব নোৱাৰে। এয়া পুৰুষ তান্ত্ৰিক চেতনাৰ বিকৃতি।

ইয়াৰ অৰ্থ-শিক্ষা-দীক্ষাৰ ইমান ব্যাপক প্ৰসাৰ পিচতো পুৰুষ পৃথিৱীত মানৱীয়তাৰ স্খলন ঘটিছে আৰু অধিক আৰু ইয়াৰ সমান্তৰালকৈ নাৰীৰ প্ৰতি থকা মধ্যযুগীয়া মনোভাব সন্তৰ্পণে পুৰুষৰ মনগহনত আজিও অক্ষুন্ন আছে। কণমানি আলিয়াৰ প্ৰতি যন লোলুপ দৃষ্টি দিয়াটো যে পাশৱিকতাৰ সমান, তাক বুজিবলৈ কোনো উচ্চ শিক্ষাৰ প্ৰয়োজন নাই, শিশুক সুৰক্ষা বা নাৰীক সম্ভ্ৰম দিয়াৰ এই বোধ সমাজে স্বতঃস্ফূৰ্তভাৱে দিয়ে। গভীৰ অৰণ্যত বসবাসকাৰী আদিম মানৱ মাজতো এই শিকনি আছে- কিয় নাৰী বা শিশুকন্যাক মৰ্যাদা দিব লাগে! গতিকে আলিয়াৰ হত্যাকাৰীক আমি অশিক্ষিত-অনাখৰী বুলি ঘটনাৰ সৰলীকৰণ কৰিব নোৱাৰো অথবা আইন-আৰক্ষীকো তাৎক্ষণিক বা একপক্ষীয়ভাৱে দোষী সাব্যস্ত কৰিব নোৱাৰো।

এই সমস্ত অপঘটনাৰ বাবে গা পাতি ল'ব লাগিব আমি নিজেই-যিয়ে এই সমাজখন পুনঃগঠনত আগভাগ লৈ আহিছো। আগভাগ লৈছো পৰিবৰ্তিত মুল্যবোধৰ প্ৰতিষ্ঠাকৰণত। যদি এই ভুল বা বিকৃতিৰ শুধৰণি বিচৰাৰ ক্ষেত্ৰত সমাজৰ এজনো বাদ পৰি যাওঁ, তেনেহ'লে এনেবোৰ ঘটনা কাহানিও শেষ নহ'ব। ঘটিয়ে থাকিব চিৰকাল। ফলত মানৱ সমাজ থাকে মানে পুৰুষৰ হাতত লাঞ্ছিত, নিগৃহীত হৈ থাকিব লাগিব অলেখ নন্দিতা, অলেখ আলিয়াই। তেওঁলোকে পুৰুষ পৃথিৱীৰ স্বাৰ্থত কৰুণাভাৱে উৎসৰ্গা কৰিব লাগিব নিজৰ প্ৰাণটো। কোনোবাই হয়তো প্ৰেমৰ নামত, কোনোবাই যৌনতাৰ নামত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in