বিজেপিৰ নিৰ্বাচনী সংকট

বিজেপিৰ নিৰ্বাচনী সংকট

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে মোডী চৰকাৰৰ জনমুখী আঁচনিবোৰৰ বিষয়ে সমগ্ৰ দেশতে ব্যাপক প্ৰচাৰ চলাবলৈ দলীয় কৰ্মীসকলক, বিশেষকৈ প্ৰচাৰ কোষৰ সদস্যসকলক কঠোৰ নিৰ্দেশ দিয়াৰ অৰ্থ হ'ল- তেওঁলোক পাঁচ ৰাজ্যৰ বিধানসভা আৰু ২০১৯ লোকসভা নিৰ্বাচনক লৈ অতি সন্ত্ৰষ্ট হৈ পৰিছে। শাসক দল হিচাপে স্বাভাৱিকতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত বিজেপিৰ বাবে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰবল প্ৰত্যাহ্বান থাকিবই কিন্তু সামগ্ৰিকভাৱে কেন্দ্ৰত মোজী চৰকাৰৰ কাম-কাজক ল বিতুষ্ট দেশৰ জনসাধাৰণৰ মনৰ ভাষা বুজিবলৈও আনকি দলটোৰ শীৰ্ষ নেতৃত্ব অপাৰগ হৈ পৰিছে।

মিজোৰামৰ দৰে ৰাজ্যত শাসকীয় কংগ্ৰেছক পৰাভূত কৰিবলৈ বিজেপিয়ে আঞ্চলিক দলৰ সৈতে লগ লাগি কংগ্ৰেছ মুক্ত ভাৰতৰ শ্ল'গান দিছে যদিও সেয়াও অসাৰ হৈ পৰিছে। ইফালে তেলেংগানাত বিজেপিয়ে এতিয়াও এককভাৱে দলৰ সাংগঠনিক স্থিতি কাৰোবাক প্ৰত্যাহ্বান জনোৱাৰ জোখাৰে শক্তিশালী কৰিব পৰা নাই। গতিকে থূলমূলকৈ আগত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অৱস্থা শোচনীয় হৈ পৰাৰ আশংকাই দেখা দিছে।.

ইতিমধ্যে নিৰ্বাচন আয়োগে পাঁচ ৰাজ্যৰ নিৰ্বাচনসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ এদিন পাচতেই দেশৰ আগশাৰীৰ সংবাদ সংস্থা এ বি পি-চি ভোটাৰৰ প্ৰাকনিৰ্বাচনী সমীক্ষাতো এই কথা প্ৰকাশ পাইছে। এই সমীক্ষা অনুসৰি ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপিয়ে ক্ষমতা হেৰুওৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি এই সমীক্ষা শুদ্ধ প্ৰমাণিত হয়, তেন্তে সুদীৰ্ঘ ১৫ বছৰৰ মূৰত মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত কংগ্ৰেছে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ'ব আৰু ৰাজস্থানতো ক্ষমতাচ্যুত হ'ব বসুন্ধৰা ৰাজে চৰকাৰ। আচলতে এই তিনিওখন ৰাজ্যই ২০১৪চনৰ লোকসভা নিৰ্বাচন জৰিয়তে কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

উত্তৰ প্ৰদেশৰ পিচতে এই ৰাজ্য কেইখনত বিজেপিয়ে লোকসভাৰ সৰ্বাধিক আসন লাভ  কৰিছিল। গতিকে তিনিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিব। উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, উত্তৰাখণ্ডকে ধৰি মধ্য প্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু হিমাচল প্ৰদেশক লৈ গঠিত দেশৰ এই হিন্দী বলয়ৰ ওপৰত ভিত্তি কৰিয়েই বিজেপিয়ে অভূতপূৰ্ব ফলাফলেৰে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল।

বহুতে আকৌ ক'ব খোজে যে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়- এই তিনিওখন ৰাজ্য কেৱল হিন্দী বলয়ৰ কেন্দ্ৰস্থলেই নহয়, হিন্দুত্ববাদী সংগঠনবোৰৰ গো-ৰক্ষা আন্দোলনৰো মূল পৃষ্ঠভূমি। একাংশ সংবাদমাধ্যমত তিনিওখন ৰাজ্যকে 'গো-বলয়' আখ্যা দিয়াও হৈছে। যদি প্ৰাক নিৰ্বাচনী সমীক্ষা শুদ্ধ হয়, তেন্তে সেই অৰ্থত বিজেপিয়ে 'গো-বলয়'তে বিৰোধীৰ হাতত পৰাস্ত হ'বলগীয়াত পৰিব। গতিকে সাম্প্ৰদায়িক মেৰু বিভাজনকেন্দ্ৰিক ৰাজনীতি কৰাসকলৰ বাবেও এই ধৰণৰ  ফলাফল উচিত শিক্ষাস্বৰূপ হৈ পৰিব। এই কথা অনস্বীকাৰ্য যে দীৰ্ঘকাল ধৰি বিজেপিৰ শাসনত থকা এই ৰাজ্যবোৰত জনসাধাৰণৰ মৌলিক সমস্যাবোৰৰ সমাধানৰ সলনি শাসক গোষ্ঠীয়ে ধৰ্ম তথা জাত-পাতৰ ইছ্যুবোৰকহে প্ৰাধান্য দি আহিছে।

নিবনুৱাক কৰ্মসংস্থান দিয়া বা কৃষকৰ সমস্যা সমাধানৰ পৰিৱৰ্তে গো-ৰক্ষাৰ নামত জনসাধাৰণৰ মাজত বিভাজনৰ সৃষ্টি কৰা হৈছে। মধ্যপ্ৰদেসত খৰাংপীড়িত খেতিয়কৰ সমস্যাৰ কথা পাহৰি এইবাৰো বিজেপি নেতাই ঘোষণা কৰিছে যে তেওঁলোকে পুনৰ ক্ষমতালৈ আহিলে গো-মন্ত্ৰালয় গঠন কৰিব। ৰাজস্থানত ললিত মোডী কাণ্ডই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যদিও তাৰ দৰিদ্ৰ কৃষক শ্ৰমিকৰ জীৱিকাৰ নিৰাপত্তাৰ দিশটোক ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিছে।

ইফালে ছত্তীশগড়ৰ আদিবাসী অধ্যুষিত অঞ্চলবোৰত বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ সৈতে লগলাগি বিস্তীৰ্ণ কৃষিভূমিত চৰকাৰে খনি উদ্যোগ আদি স্থাপন কৰাৰ আঁচনিহে লৈছে। কিন্তু আজিলৈকে তাৰ দৰিদ্ৰ আদিবাসী-দলিত থকা অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ জীৱনধাৰণৰ মান উন্নত হোৱা নাই। মুঠতে সৰ্বসাধাৰণৰ সমস্যাবোৰ সমস্যা হৈয়েই ৰৈ গৈছে। এনে পৰিস্থিতিত শাসক পক্ষৰ বিৰুদ্ধে পুঞ্জীভূত ক্ষোভৰ উমান পোৱা গৈছে। এই ক্ষোভক নিৰ্বাচনী ৰাজনীতিত ব্যৱহাৰ কৰিবলৈ উদগ্ৰীব হৈ পৰা বিৰোধী শক্তিক শাসক বিজেপিয়ে অহা দিনবোৰত কি অস্ত্ৰ প্ৰয়োগ কৰে, সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in