মাইণ্ডফুলনেছ 

মাইণ্ডফুলনেছ 

কিছুমান শব্দ যুগ যুগ ধৰি প্ৰচলিত হৈ আহিছে। হয়তো তেনে শব্দৰ ব্যৱহাৰকে সণ্ঢালনিকৈ হয়। তিব্বতী ধ্যান-ধেয় শক্তি হিচাপে ১৯২৬ চনমানৰ পৰাই ব্যৱহাৰ হৈ আহিছে 'মাইণ্ডফুলনেছ' শব্দটো। হতাশা, চাহ, উদ্বেগৰ পৰা মুক্ত হ'বলৈ মনটোক শক্তিশালী কৰাৰ মন্ত্ৰ হ'ল মাইণ্ডফুলনেছ। আমাৰ ভাষাত ক'বলৈ হ'লে একাগ্ৰতা, মনোযোগক মাইণ্ডফুলনেছৰ সৈতে ৰিজাব পাৰি। মানুহৰ স্খলিত মানসিক অৱস্থাক যৌগিক বিদ্যাৰে শক্তিশালী কৰাৰ নাম মাইণ্ডফুলনেছ। মানসিক স্বাস্থ্যৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক।

সম্প্ৰতি ব্ৰিটেইনৰ ৩৭০খন বিদ্যালয়ত শিক্ষাৰ্থীক অংক, বিজ্ঞান আৰু বুৰঞ্জীৰ লগতে মাইণ্ডফুলনেছ বিষয়টোৰো পাঠ দিয়া হ'ব। ২০১৭ বৰ্ষত সম্পন্ন এটা সমীক্ষা অনুসৰি ব্ৰিটেইনত পাঁচৰ পৰা ঊনৈশ বছৰ বয়সৰ প্ৰতি আঠটা শিশুৰ ভিতৰত এজন মানসিক ৰোগী। ২০২১চনলৈ বিশ্বত মানসিক ৰোগাক্ৰান্ত শিশুৰ বিষয়ে অধ্যয়ন অব্যাহত ৰখাৰ চেষ্টা চলোৱা হৈছে। কিন্তু তাৰপূৰ্বে ব্ৰিটেইনত এনে ৰোগৰ পৰা মুক্ত হোৱাৰ অভিযান শক্তিশালী কৰি মাইণ্ডফুলনেছকো এটা পাঠ্যক্ৰম হিচাপে অন্তৰ্ভুক্ত কৰিছে দেশখনে।

দৰাচলতে মানুহৰ মন আৰু মানসিকতা শব্দ দুটাই আচল। অসৎ মনোবৃত্তিৰ মানুহে সুস্থ মানসিকতা প্ৰদৰ্শন কৰিবলৈ গৃহ মন্ত্ৰালয়ে চলোৱা প্ৰচেষ্টাৰ বিৰুদ্ধে ছুপ্ৰিম ক'ৰ্টে যে মাত মাতিবলগীয়া হ'ল, তাতেই প্ৰমাণিত হয় দিল্লীয়ে অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কিমান আগ্ৰহী। অসমীয়াৰ সাংবিদানিক ৰক্ষা কৱচৰ টোপ দি এন আৰ চিৰ কামত বিধি পথালি দিয়ে। মুছলমান বাংলাদেশীৰ পৰা অসমক ৰক্ষা কৰিবলৈ হিন্দু বাংলাদেশী জাপি দিয়ে। এনে কিছুমান মানসিকতাৰে কাম কৰা দল আৰু চৰকাৰৰ মনোবৃত্তি কেনেকুৱা, সেয়া সহজে অনুমান কৰিব পৰাি। দৰাচলতে এতিয়া ৰাজ্যখনৰ সামগ্ৰিক পৰিৱেশ মানেই কিবা এটা অশান্তি আৰু কোলাহলৰ মাজত থকা যেন লাগে। শাসিত-শোষিত শ্ৰেণীটো যেন শাসকৰ প্ৰতিটো কাম-কাজতে ক্ষুব্ধ।

অথচ এইখন চৰকাৰেই যেতিয়া শাসনভাৰ হাতত লৈছিল, তেতিয়া বেছ কেইমানমান ৰাজ্যত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছিল। জনতা ভৱনত দোভাগ নিশালৈ মুখ্যমন্ত্ৰীৰ কাম, ৰাজপথবোৰৰ নিৰ্মাণৰ নামত বহু নিশালৈ ৰোড ৰোলাৰ চলাৰ শব্দ, মাজ ৰাতিও মন্ত্ৰীৰ কাম তদাৰক কৰাৰ দৃশ্য। সকলোবোৰ ভালেই আছিল। কিন্তু হঠাতে ক'ল হ'ল? দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰি জাকে জাকে জে'লত ভৰোৱা হ'ল বহুতক। এতিয়া দেখোন ৰাজ্যত শিল-বালিৰ অবৈধ ছিণ্ডিকেট চলি থকা বুলি বিধানসভাতেই স্বীকাৰ কৰিছে মন্ত্ৰীয়ে। ভোট পালে মত সলনি হয়। এয়া ভাৰতীয় গণতন্ত্ৰৰ তথাকথিত ৰখীয়াসকলৰ মানসিকতা। আচলতে চৰিত্ৰও।

এই চৰিত্ৰ লংকালৈ যোৱা প্ৰতিজন বিষয়া নিশিকাৰ পৰিণাম এয়া। ব্ৰিটিছসকলে এই পাঠ্যক্ৰম শিকোৱাৰ কাম আৰম্ভ কৰিছে। ব্ৰেক্সিটক লৈ ব্ৰিটেইনত শাসকৰ সমৰ্থনৰ বিৰুদ্ধে থিয় দিছে শাসকৰেই মানুহ। এয়া মাইণ্ডফুলনেছৰ প্ৰভাৱ। আমাৰ ইয়াত জাতিধ্বংসী বিধেয়কৰ সপক্ষে ৰজাঘৰ উঠিপৰি লগাৰ সময়তো তাৰ মাজৰ পৰা প্ৰতিবাদী সত্তা জাগ্ৰত নোহোৱাটো আচৰিত কথা। মাইণ্ড হট্- এয়াও মাইণ্ডফুলনেছৰ অভাৱ অসমীয়াৰ মাজত।

বাস্তৱ

সহজ-সৰল ল'ৰাজনে পাওভাজি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিব বুলি ভাবিছিল। পিচে এদিন ল'ৰাজন মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ ডন হ'ল। কঁকালৰ খোঁচনিত পিষ্টল আৰু ডিঙি-হাত সোণৰ অলংকাৰ ওলোমাই সি এদিন মাকৰ সন্মুখতো গুণ্ডাৰ দৰে কথা কোৱা হ'ল। ডিঙিৰ চেইনডাল পঞ্চাশ তোলা সোণৰে বনোৱা বুলি মাকক দেখুৱাই গৰ্ব কৰিব পৰা হ'ল 'ৰঘুভাই' হৈ পৰা সেই ল'ৰাজনে। কাহিনীটো বলিউডৰ 'বাস্তৱ' ছবিখনৰ। ৰঘুভাইৰ চৰিত্ৰত শক্তিশালী অভিনয় কৰা বাবে সঞ্জয় দত্তই ২০০০ চনত সৰ্বাধিক ধন উপাৰ্জন কৰাৰ চতুৰ্দশ ছবি হিচাপে বিবেচিত হৈছিল 'বাস্তৱ'খন।

কিন্তু ইয়াত মুখ্য প্ৰসংগটো হ'ল ৰঘুভাইৰ ডিঙিৰ পঞ্চাশ তোলাৰ সোণৰ চেইনডাল। এই যে অসমৰ বাজেটখনত ৰাজ্যৰ অৰ্থনৈতিকভাৱে পিচপৰা লোকৰ কন্যাৰ বিয়াৰ সময়ত এতোলাকৈ সোণ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে, তাতেই যেন প্ৰতিফলিত হৈছে ৰঘুভাইৰ ডিঙিৰ পঞ্চাশ তোলাৰ সোণৰ চেইনডাল। দৰিদ্ৰৰ বাবে সোণ আকাশকুসুম। সেই সোণৰ টোপ দি চৰকাৰে বিনিময়ত কি বিচাৰিব, সেয়া স্পষ্ট হৈ পৰিছে।

নিৰ্বাচন আহি আছে, গতিকেসোণৰ লালসা দৰিদ্ৰৰ বাবে 'দে ধনা ধন' সদৃশ। আজিৰ বজাৰত এতোলা সোণৰ মূল্য ৩৮ হাজাৰ টকা। চৰকাৰে হিচাপ কৰিছে যে সোণ বিলোৱাৰ নামত ব্যয় হ'ব তিনিশ কোটি টকা। দুখৰ দিনত দৰিদ্ৰকো সোণ বিক্ৰী কৰি হ'লেও ভাতমুঠি মোকলোৱাৰ ব্যৱস্থা কৰি দিছে চৰকাৰে। অৱশ্যে এটকীয়া চাউলো দিছে বাজেটত। কিন্তু দৰিদ্ৰৰ বাবে এতোলা সোণ সম্পদো আৰু আপদ। ৰঘুভাইৰ ডিঙিৰ পঞ্চাশ তোলা সোণৰ চেইনডালৰ চিকমিকনিয়ে বৃদ্ধ মাতৃক ভুলাব পৰা নাছিল।

তেওঁ জানিছিল যে পুতেকে তেজেৰে হাত ৰাঙলী কৰিহে সেইডাল চেইন ডিঙিত পিন্ধিব পাৰিছে। মাকৰ দৃষ্টিত ৰঘুৰ পঞ্চাশ তোলাৰ সোণৰ চেইন মূল্যহীন। সাইলাখ জাতকৰ সেই বান্দৰৰ ডিঙিত মুকুতাৰ মালাৰ সাধুটোৰ দৰে। ৰঘুৰ ছবিখনৰ নাম যিদৰে 'বাস্তৱ', সত্যতাও সিমানেই বাস্তৱ। জাতকৰ সাধুটোৰ বাস্তৱিকত যিমান, বান্দৰৰ ডিঙিৰ মুকুতাৰ মালাৰ মূল্যহীন বাস্তৱো সিমানেই। দৰিদ্ৰৰ ঘৰত এতোলা সোণৰ শোভা যিমান বাস্তৱ, চৰকাৰী ভোট কিনা বাজেটৰ বাস্তৱো সমানেই ।

দৰিদ্ৰৰ কন্যাৰ বিয়াত এতোলা সোণ দিয়াৰ পৰিৱৰ্তে তেনে দৰিদ্ৰৰ কন্যাক স্বনিৰ্ভৰশীলতাৰ পাঠ দিয়া আঁচনি ঘোষণা কৰা উচিত আছিল। বৃত্তমূলক প্ৰশিক্ষণ, জলপানি আদিৰ ব্যৱস্থা কৰি দৰিদ্ৰ পৰিয়ালৰ সন্তানকো এতোলা এতোলাকৈ সোণ গোটোৱাৰ ক্ষমতা আৰু শক্তি দুয়োটাই দিব পাৰিব লাগে। হিতাধিকাৰীক ভোটাৰৰ ৰূপত কল্পনা কৰিলে ৰাজ্যৰ আৰু ৰাইজৰ কোনো হিত নহয়। হিত হয় কেৱল চৰকাৰৰ। সূচা-কম্বল, টিনপাট, দমকল বিতৰণৰ ৰাজনীতি সকলোৰে চকুত পৰা হোৱাত এতিয়া দৰিদ্ৰৰ কন্যাৰ বিয়াখনকে ভোট ক্ৰয়ৰ মঞ্চ কৰি লোৱা হৈছে। সময়ে এদিন তাকো মূল্যহীন কৰিব। সেইটোও এটা বাস্তৱ। ৰঘুভাইৰ ডিঙিৰ পঞ্চাশ তোলা সোণৰ চেইনডাল অৰ্থহীন হৈ পৰাৰ দৰেই এয়া 'বাস্তৱ'। সোণৰ অসম নিৰ্মাণ কৰিব নোৱৰা শাসকৰ পৰা এতোলা সোণৰ বাস্তৱো তাতেই লুকাই আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in