বাহ্যিক

68

বাহ্যিক আড়ম্বৰে কোনো অনুষ্ঠানৰ স্থায়িত্ব প্ৰদান নকৰে। ‘স্বচ্ছ সৰ্বেক্ষণ’ত দেশৰ ভিতৰতে ৩০৩ সংখ্যক স্থান লাভ কৰিছে গুৱাহাটী মহানগৰে। একেবাৰে থ্ৰী নট থ্ৰী ৰাইফলৰ ব্ৰেণ্ড।  হাতত ঝাড়ু লৈ ফুৰা মানুহবোৰ কেনি গ’ল? কৰ্পূৰৰ দৰে উৰি গ’ল সেই বাহ্যিক আড়ম্বৰ, যাৰ নাই কোনো স্থায়িত্ব। গুৱাহাটীৰ ৰাজপথত পৌৰ নিগমৰৰ দুটা ক্ষুদ্ৰ প্লাষ্টিকৰ বাকচ শেহতীয়াকৈ ওলমি থকা দেখা গৈছে। এটা সেউজীয়া, এটা নীলা। সেউজীয়াত পেলাব লাগিব ভিজা জাবৰ আৰু নীলাত পেলাব লাগিব শুকান জাবৰ। ধুনীয়াকৈ প্ৰচাৰ হৈছে। কিন্তু নাগৰিকে তাৰ ওলোটাহে কৰিছে।

গুৱাহাটীৰ জনসংখ্যা ২০১১ৰ পিয়ল অনুসৰি ৯.৫৭ লাখ। মধ্যপ্ৰদেশৰ ইণ্ডোৰ মহানগৰৰ জনসংখ্যা ২০১১ৰ পিয়ল অনুসৰি ১৯.৯ লাখ। তথাপিত স্বচ্ছতাৰে এক নম্বৰত ইণ্ডোৰ আৰু গুৱাহাটী ৩০৩ নম্বৰত। গুৱাহাটীত কথাচহকী মানুহ, পাবতগজা নেতা সৰহ। কৃত্ৰিম বানত দুবছৰ পূৰ্বে এজন ব্যক্তিৰ মৃত্যু হোৱা বাবে মন্ত্ৰীক জবাবদিহি কৰা এজন জ্যেষ্ঠ নাগৰিকক নিন্দা কৰাৰ দৃশ্য সকলোৱে দেখিছিল। প্ৰশ্ন কৰিলে জগৰ লাগে। মহানগৰিক লেতেৰা, তাতকৈও জহুদ নাগৰিকৰ বুকুৰ ওপৰত কালীৰ দৰে জিঙা উলিয়াই থকা নেতাবোৰ। প্ৰতিখন দোকান, হোটেল,ৰেস্তোৰা, ফাষ্টফুডৰ দোকানৰ সন্মুখত ডাষ্টবিন ৰখাটো পৌৰ নিগমে কিয় বাধ্যতামূলক আজিলৈকে কৰিব নোৱাৰিলে, সেইটোহে আশ্চৰ্যকৰ। য’তে-ত’তে পিক পেলোৱাটো নিষিদ্ধ কৰিবলৈ চৰকাৰী আইনে ব্যৱস্থা লোৱাতকৈ অসভ্য নাগৰিকসকলেহে লাজ পোৱা উচিত।

এসময়ত ইউৰোপত থু-পিক পেলোৱাটো সামাজিকভাৱে গ্ৰহণযোগ্য আছিল। কিন্তু ঊনবিংশ শতিকাৰ পৰা সেয়া সলনি হৈ পৰে। ১৯৪০ৰ সময়চোৱাত যক্ষ্মা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পিচতে থু পেলালে সংক্ৰামক ৰোগ বৃদ্ধি পায় বুলি ইউৰোপৰ বাছবোৰত প’ষ্টাৰ লগোৱা হ’ল। মানুহবোৰৰ চৰিত্ৰ-স্বভাৱ সলনি হ’ল। ২০০৮চনত বেইজিং অলিম্পিকৰ সময়ত স্বেচ্ছাসেৱকসকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকক য’তে-ত’তে থু নেপেলাবলৈ অনুৰোধ জনাইছিল। ২০১৬চনৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নন্দাই ৰাজ্যসভাত প্ৰতিশ্ৰুতি দিছইল যে ৰাজহুৱা স্থানত থু-পিক পেলোৱাটো নিষিদ্ধ কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিব।

আচলতে মানুহবোৰৰ স্বভাৱ-চৰিত্ৰ সলনি নহ’লে সমাজখনো থু-পিকৰ পৰা মুক্ত নহয়। বোকাত লেটি লৈ থকা চিৰিয়াখানাৰ জলহস্তীকেইটা দেখি নাক কোঁচোৱা মানুহখিনিও দৰাচলতে একোটা জলহস্তীয়েই। অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তু কেইটাৰ যি অৱস্থা গুৱাহাটীৰ নাগৰিকৰ অৱস্থা তাতকৈও অধইচ। চিটিবাছৰ পৰা পিকৰ ফিচকাৰি বিগত কেইটামান বছৰৰ পৰা প্ৰধান সমস্যা হৈ দেখা দিছে। ইয়াৰ পৰা নিৰ্গত ফিচকাৰিয়েই ৰাজপথৰ চৌপাশৰ ‘সৌন্দৰ্যবৰ্ধন’ কৰি আহিছে।

গাড়ীৰ চালক-হেণ্ডিমেনৰ পৰা স্কুল- কলেজৰ পিলিঙা কেইটালৈকে সকলোৰে কৰ্কট ৰোগে ঘা কৰি পেলোৱা মুখবোৰৰ দৰে মুখকেইখনত সোমাই থাকে কে পি-ৰজনীগন্ধাৰ টোপোলা। যেন মাতৃদুগ্ধতকৈও তৃপ্তিদায়ক এই পাণমছলা! শুৱনি-সুগঢ়ী মানুহবোৰ যেন এনে পাণমছলাৰ ৰুচিত হেৰাই গৈছে এটা জলহস্তীৰ দৰে, একোটা জহুদৰ দৰে। ‘স্পচ্ছ সৰ্বেক্ষণ’ত আমি পিচ নপৰি থাকো কেনেকৈ? বাহ্যিকতাৰ প্ৰদৰ্শন যিখন সমাজৰ ভূষণ, তাত নাই যোগ্য আসন।

 

প্ৰমাণ

অতি নিঃকিন অৱস্থাৰ পৰা খ্যাতিৰ শিখৰত আৰোহণ কৰা মানুহবোৰলৈ আঙুলিয়াই দি সমাজে প্ৰায়েই প্ৰমাণ দিব বিচাৰে যে চেষ্টাৰ অসাধ্য একো নাই। সন্তানক ভাল কৰিবলৈ, শিক্ষাৰ্থীক মানুহ হিচাপে গঢ় দিবলৈ মহাপুৰুষৰ কামৰ প্ৰমাণ-নিৰ্দেশনবোৰ দাঙি ধৰা হয়। আচল কথাটো হ’ল প্ৰমাণ। আমেৰিকৰা কিংবদন্তি কমেডিয়ান ৰ’ডনী ডেঞ্জাৰফিল্ডে এবাৰ কৈছিল- কৈশোৰত মোক টকা বিচাৰি দুৰ্বৃত্তই মোৰ এটা আঙুলি কাটি পিতৃলৈ প্ৰেৰণ কৰিছিল। তেতিয়া দেউতাই অধিক প্ৰমাণ লাগে বুলি দুৰ্বৃত্তক জনাই দিছিল। প্ৰমাণ নহ’লে আদালতত সত্য প্ৰতিষ্ঠিত নহয়। ভগৱান ৰাজচন্দ্ৰয়ো প্ৰমাণ অবিহনে সীতাক সতী বুলি আঁকোৱালি ল’ব খোজা নাছিল।

প্ৰমাণ বিচাৰি স্বয়ং ভগৱানেও হামৰাও কাঢ়িছিল। সেইখন ‘ৰাম’ৰ দেশত হিন্দুত্ববাদী শাসকৰ পৰা ৰাইজে বিভিন্ন কামৰ প্ৰমাণ বিচাৰিটো স্বাভাৱিক। শাসকৰ আৰাধ্য দেৱতা ৰামে যদি স্বয়ং পত্নীৰ সতীত্বৰ প্ৰমাণ বিচাৰে, তেন্তে ভক্তৰ পৰাও ৰাইজে প্ৰমাণ বিচাৰিবই। তথ্য নহ’লে একোকে নহয়।

মোগল সম্ৰাট বাবৰে অযোধ্যাত যি প্ৰমাণ এৰি থৈ গৈছে, তাতেই দোমোজাত পৰি ছুপ্ৰিম ক’ৰ্টেও এতিয়া ৰামমন্দিৰ নিৰ্মাণৰ সমাধান সূত্ৰ হিন্দু-মুছলমানক আলোচনাৰ মাধ্যমেৰে উলিয়াবলৈ পৰামৰ্শ দিছে। য’ত জীৱ, তাতেই শিৱ থকাৰ দৰে য’ত প্ৰমাণ তাতেই সত্য প্ৰমাণিত। পুলৱামাত দুকুৰি জোৱান ছহিদ হোৱা ঘটনাৰ প্ৰতিশোধ ল’বলৈ ভাৰতীয় বায়ুসেনাই চুবুৰীয়া দেশৰ সীমা পাৰ হৈ বোমা পেলালে। এহেজাৰ কেজি বোমাত ৩০০-৩৫০ সন্ত্ৰাসাদী নিহত হোৱা বুলি বাতৰি ওলাল। তাৰ পিচত এজনে ক’লে ২৫০জন নিহত। বিমানৰ ভগা টুকুৰা প্ৰদৰ্শন কৰি যুদ্ধৰ প্ৰমাণো দিলে।

কোনোবাই খঙতে কৈয়েই দিলে আমি বোমাহে পেলাইছো, মৃতদেহ গণিব খোজা নাই। তাকে দেখি ধেমালি কৰি ভালপোৱা শাসক দলৰ এজনে কৈয়েই দিলে- যিসকলে বিমান আক্ৰমণৰ প্ৰমাণ বিচাৰিছে তেওঁলোকক বিমানত বান্ধি পাকিস্তানত পেলাই দিওঁ আৰু তাতে গৈ গণ্টি কৰি আহক কিমান সন্ত্ৰাসবাদী মৰিল? যাৰ প্ৰতিশোধ ল’বলৈ আক্ৰমণ চলোৱা হ’ল, সেই ছহিদ জোৱানৰ পত্নী-মাতৃ-ভগ্নীয়েও এতিয়া প্ৰমাণ বিচাৰি হাইৰাণ।

শাসকে কিন্তু মদগৰ্বীৰ দৰে কৈছে- প্ৰমাণ কিয় লাগে? শত্ৰুৱে লাই পোৱা কাম কিয় কৰে? সেনাৰ বীৰত্বক লৈ প্ৰশ্ন নকৰিব? আৰে ভাই, সেনাৰ বীৰত্বক কোনে প্ৰশ্ন কৰিছে? সেনাৰ পৰাক্ৰম থকা বাবেইতো ৰাষ্ট্ৰ জিন্দাবাদ হৈ আছে। কিন্তু মানুহ যে মাৰিলে তাৰ প্ৰমাণ? যেনে- ডেডবডী, মৰাশৰ গোন্ধ কিবা এটাতো ওলাব লাগিব। ৰাফেল চুক্তিৰ গোন্ধ ওলাব বুলি চৰকাৰে আদালতত কৈয়েই দিলে- চুক্তিৰ কাগজবোৰ হেৰাল। তাৰ মানে প্ৰমাণ নাইকিয়া হৈ গ’ল! আমাৰ চকীদাৰৰ ঘৰতেই চুৰি? তাৰমানে বিৰোধীয়ে কৈ থকা ৰাফেল কেলেংকাৰীৰ তথ্য আৰু কেতিয়াও প্ৰমাণিত নহ’ব।

ৰামৰ বাৰম্বাৰ প্ৰমাণ বিচৰাৰ উৎপাত সহিব নোৱাৰি ‘ফাট মেলা বসুমতী পাতালে লুকাওঁ’ বুলি সীতা অন্তৰ্ধান হৈছিল। ৰামভক্তবোৰেও হয়তো এতিয়া অনুৰূপ পন্থা গ্ৰহণ কৰিছে। শাসিতৰ প্ৰমাণ বিচৰাৰ উৎপাত সহিব নোৱাৰি শাসকে পাতাললৈ নিক্ষেপ কৰিলে সকলো প্ৰমাণ। তেনেদৰেই এইবাৰো শাসনলৈ অহাৰ প্ৰমাণ-পাতি গোটাইছে ৰামভক্তই। পিচে ৰাইজে বিচৰা প্ৰমাণহে কোনোদিনে নোলাব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি