অগ্নিগৰ্ভ সময়

অগ্নিগৰ্ভ সময়

বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ- ভাৰত ৰাষ্ট্ৰৰ বাবে বৰ্তমানৰ সময় অগ্নিপৰীক্ষাৰ সময় হৈ পৰিছে। আজিৰ ভাতৰত দৰে শ্ৰেণী বিভক্ত সমাজত শ্ৰেণী শোষণ থকাটো স্বাভাৱিক। কিন্তু সেই ব্যৱস্থাৰ মাজতো গণতান্ত্ৰিক অধিকাৰে উচিত গুৰুত্ব পাবই লাগিব। অন্যথা সেই ব্যৱস্থাক গণতান্ত্ৰিক বোলাৰ কোনো অৰ্থই নাথাকিব। যিকোনো নিকা গণতন্ত্ৰীয়ে ইয়াক মানি লয় যে ভাৰত এখন বহু জাতিক ৰাষ্ট্ৰ। সেয়ে সেই ৰাষ্ট্ৰৰ ৰাষ্ট্ৰশক্তিৰ এটা অপৰিহাৰ্য দায়িত্ব হ'ল- যিবোৰ জাতি-জনগোষ্ঠীৰে ভাৰতৰ বিচিত্ৰতাৰ সৃষ্টি হৈছে, সেই জাতি-জনগোষ্ঠীবোৰৰ সত্তাগত চিনাকি তথা অস্তিত্বক সুৰক্ষিত কৰি ৰখাৰ উপৰি সেইবোৰৰ সমৃদ্ধিৰ ব্যৱস্থা কৰাটো।

জনসংখ্যাৰ দিশত ভাৰতৰ স্থান দ্বিতীয়। এই সুবৃহৎ জনসংখ্যাসম্পন্ন দেশখন মাথোন বহুজাতিকেই নহয়, লগতে বহুধৰ্মীও। এইক্ষেত্ৰত হিন্দুসকলৰ পিচতেই মুছলমানৰসকলৰ স্থান। ভাৰততকৈ অধিক মুছলমান লোক থকা দেশ বিশ্বত মাথোন তিনিখনহে আছে। গণতান্ত্ৰিক অধিকাৰসমূহৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ তিনিটাৰ প্ৰথমটো হ'ল- নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ। কৃষিপ্ৰধান দেশ ভাৰতত সম্প্ৰতি নিতৌ জীৱিকাৰ হেঁচাত কৃষকে আত্মহত্যা  কৰিব ধৰিছে। শ্ৰমিকৰ পৰা আন নালাগে ট্ৰেড ইউনিয়ন কৰাৰ মৌলিক অধিকাৰখনিও ব্যক্তিগতকৰণৰ চেপাৰে কাঢ়ি নিব ধৰিছে।

জবলেছ গ্ৰোথৰ নিৰ্মম নীতিৰে মধ্যবিত্তৰ সংস্থাপনৰ বজাৰখনত হাহাকাৰৰ সৃষ্টি কৰিছে। অৰ্থাৎ আজিৰ শাসকশ্ৰেণীয়ে আমাৰ নাগৰিকসকলৰ জীয়াই থকাৰ অধিকাৰেই কাঢ়ি নিব ধৰিছে। বিশ্বৰ মুছলমানসকলৰ মুঠ সংখ্যাৰ এটা বৃহৎ অংশ বসবাস কৰা ভাৰতক হিন্দুৰাষ্ট্ৰ কৰাৰ ভয়ানক চক্ৰান্তৰে বিজেপি নেতৃত্বাধীন হিন্দুত্ববাদী শাসকচক্ৰই দেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত জাপি দিছে নিৰ্যাতন। তাকো কৰা হৈছে তথাকথিত দেশপ্ৰেমৰ নামত। অথচ ধৰ্মৰ নামত দেশীয় সমাজক কৰা হৈছি ছিৰাছিৰ। হিন্দুত্ববাদী শিবিৰে বৰ্ণবাদী মানসিকতাৰে দলিতসকলৰ ওপৰত জাপি দিছে বৰ্ণ অত্যাচাৰ। ইতিমধ্যে আধিপত্যৰ অৱস্থানত থকা উচ্চবৰ্ণৰ সুবিধাভোগী অংশৰ সুবিধা অধিক প্ৰসাৰিত কৰাতহে হিন্দুত্ববাদী শাসকচক্ৰই মনোনিৱেশ কৰা দেখা গৈছে।

ভাৰতৰাষ্ট্ৰৰ অস্তিত্বক টিকাই ৰাখিছে তাৰ বহুজাতিক চৰিত্ৰক বান্ধি ৰখা এনাজৰীডালে। অথচ হিন্দী-হিন্দু-হিন্দুস্তানৰ স্বৈৰাচাৰী নীতিক অনুসৰণ কৰা বিজেপি নেতৃত্বাধীন হিন্দুত্ববাদী শিবিৰে- ভাৰত সৰু-বৰ নিৰ্বিশেষে সকলো জাতি-জনগোষ্ঠীৰ সমঅধিকাৰৃ এই অপৰিহাৰ্য গণতান্ত্ৰিক নীতিক কেনে নিলৰ্জভাৱে উপলুঙা কৰিছে সেইটো 'নাগৰিকত্ব সংশোধনী বিধেয়ক'খনৰ ক্ষেত্ৰত হিন্দুত্ববাদী বিজেপি নেতৃত্বই সম্প্ৰতি লোৱা চৰম প্ৰতাৰণামূলক তথা স্বৈৰাচাৰী কুপদক্ষেপবোৰেই পুনৰ প্ৰমাণ কৰিছে।

এই বিধেয়কখন হিন্দুত্ববাদী শিবিৰে আইনত পৰিণত কৰিলে যে দেশৰ সংবিধানৰ মৌলিক ধর্মনিৰপেক্ষ চৰিত্ৰ ধ্বংস হোৱাৰ লগতেই অসমৰ অসমীয়াকে ধৰি সকলো থলুৱা জাতি-জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ'ব, তাক জানিও সেই হিন্দুত্ববাদী বিজেপি শাসকচক্ৰই সেইখনক সম্পূৰ্ণ স্বেচ্ছাচাৰিতাৰে আইনত পৰিণত কৰিব খুজিছে। অসমীয়াকে ধৰি বৈধ অসমবাসীৰ আন সকলো অংশৰ সাধাৰণ ৰাইজে লুইতৰ দুয়োপাৰ এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি কেনেকৈ কঁপাইছে, তাক এই বিধেয়কখন সম্পৰ্কে জনমত ল'বলৈ অহা যুটীয়া সংসদীয় সমিতিৰ সদস্যসকলৰ নিজ চকুৰে দেখি গৈছে। সেইবাবেই সমিতিৰ অধ্যক্ষ ডাঙৰীয়াই জনমত ল'বলৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতি দিছিল।

পিচে অসমলৈতো নাহিলেই, কেৱল সংখ্যাগৰিষ্ঠতাক প্ৰয়োগ কৰি অগণতান্ত্ৰিক পদ্ধতিৰে সেই সমিতিৰ প্ৰতিবেদন সংসদক দাখিল কৰিলে আৰু সেইখন আইনত পৰিণত কৰি অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ অস্তিত্বক বিপন্ন কৰিবলৈ হিন্দুত্ববাদী বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে। চৰকাৰে নকৰিবলগীয়া কাম কৰাৰ পৰা চৰকাৰক বিৰত ৰখাৰ একমাত্ৰ গণতান্ত্ৰিক উপায় হ'ল- অহিংস  প্ৰতিবাদ। অসমবাসীয়ে গণতান্ত্ৰিক প্ৰতিবাদৰ সকলো ৰূপেই এই বিধেয়কৰ বিৰুদ্ধে প্ৰয়োগ কৰিলে। আনকি অসমৰ কেইগৰাকীমান বীৰ সন্তানে খোদ দিল্লীৰ সংসদ ভৱনৰ সন্মুখত উলংগ প্ৰতিবাদো সাব্যস্ত কৰিলে। কেইগৰাকীমানে আমৰণ অনশনতো বহিছিল।

তাতোকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰু কি পন্থা থাকিব পাৰে? অথচ হিন্দুত্ববাদী বিজেপি চৰকাৰৰ গা নলৰিল। কেইটামান ভোটৰ আশাত অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ স্বাৰ্থক সৰ্বনাশৰ গৰাহলৈ ঠেলি দি প্ৰমাণ কৰিছে এই শাসক শ্ৰেণীক উচ্ছেদ নকৰাপৰ্যন্ত অসমৰ থলুৱা জাতি-জনগোষ্ঠীৰ নিস্তাৰ নাই। অৱশেষত অগপ নেতৃত্বয়ো এই সত্যক উপলব্ধি কৰাটো শুভবাৰ্তা। অসমৰ নাগৰিকসকলে এই অগ্নিগৰ্ভ সময়ত জাতীয় দায়িত্ব ঐক্যৱদ্ধ হৈ পালন কৰিবই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in