শেহতীয়া খবৰ
আৱাহন থিয়েটাৰৰ মঞ্চত ৰূপকোঁৱৰক স্মৰণ, গীতে-কবিতাৰে জীপাল হ'ল এটি সন্ধিয়া, VIDEO  •  শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে  •  সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ  •  পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য

শিল্প-শিল্পী স্মৃতি-সত্তা

63

শিল্পকৰ্মৰ উৎকৰ্ষ আৰু সামাজিক মূল্য সম্পৰ্কে তাত্ত্বিক ধ্যান-ধাৰণাৰ মাজত নোসোমোৱাকৈ সমৃদ্ধ শিল্পচিন্তাৰ ভেটিত সাধাৰণ মানুহৰ মনৰ ভাষাক ছবিৰ মাজলৈ আনি মাটিৰ মানুহৰ জীৱন-জীৱিকা আৰু সংগ্ৰামৰ ছবিখন- পেইণ্টিঙতেই হওঁক, ড্ৰয়িং অথবা ইলাষ্ট্ৰেচনতেই হওঁক, সাৰ্থকভাৱে উন্মোচন কৰাৰ ক্ষেত্ৰত, আৰু ইয়াৰ জৰিয়তে চিত্ৰশিল্পক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ বেলিকা সদ্যপ্ৰয়াত অসাধাৰণ চিত্ৰশিল্পী বেণু মিশ্ৰ নিঃসন্দেহে স্মৰণীয়।

লগতে, অসমীয়া সাহিত্য জগতখনতো গ্ৰন্থৰ বেটুপাত অংকনৰ ক্ষেত্ৰত কেইবাটাও দশক জুৰি এক সাধাৰণ স্বকীয় শিল্পচিন্তাৰে তেওঁ যি এক বিপ্লৱৰ সূচনা কৰিছিল, সি অসমীয়া গ্ৰন্থক পঢ়ুৱৈৰ অধিক কাষ চপাই নিয়াৰ লগতে ৰুচিশীল পঢ়ুৱৈৰ সংবেদন, শিল্প সৌন্দৰ্যবোধক বিভিন্ন ধৰ্ণে সমৃদ্ধ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ৰামকিংকৰৰ প্ৰিয় ছাত্ৰ বেণু মিশ্ৰই কনকলতা, মুকুন্দ কাকতী, মহাত্মা গান্ধী, বেজবৰুৱা, সন্দিকৈকে আদি কৰি অসংখ্য ভাস্কৰ্য নিৰ্মাণ ৰি নিজকে এগৰাকী দক্ষ চিত্ৰশিল্পী-ভাস্কৰ হিচাপে প্ৰতিষ্ঠা কৰাই নহয়, জীৱনশিল্পৰ যিবোৰ মৌলিক বিষয়, জীৱনৰ যিবোৰ বিশিষ্ট অভিজ্ঞতা, সমাজৰ মহাপ্ৰাণ ব্যক্তিসকলৰ চিন্তাৰ সৈতে যি সহমৰ্মিতাবোধ সেইখিনি ভাস্কৰ্য নিৰ্মাণৰ মাজেদি শিল্পিত ৰূপত প্ৰকাশ কৰি আমাক হিতৈষী চিন্তাৰ অধিকাৰী কৰিও তুলিছে।

প্ৰতিগৰাকী মানুহ এনে কিছুমান অভিজ্ঞতাৰ অধিকাৰী, যিখিনিৰ উন্মোচন কেৱল শিল্পকৰ্মতহে সম্ভৱ- শিল্পৰ এই মহত্ত্বখিনি সদৰ্থক ৰূপত প্ৰকাশৰ বাবে কৰা আত্মিক প্ৰচেষ্টাৰ মাজতেই উন্মোচিত হৈছে বেণু মিশ্ৰৰ শিল্পীসত্তা। অসমত শিল্পচিন্তাৰ ধাৰক আৰু বাহক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে সত্তৰ দশকতে ‘গুৱাহাটী আষ্টিষ্ট গীল্ড’ৰ প্ৰতিষ্ঠা আৰু পৰৱৰ্তী কালত ইয়াৰ অনুপ্ৰেৰণাতে অসমৰ সৰু-বৰ প্ৰতিখন ঠাইত এই ধৰণৰ অসংখ্য প্ৰতিষ্ঠান আদি গঢ়ি তোলাৰ জৰিয়তে চিত্ৰশিল্পক সাধাৰণ মানুহৰ মনত কেৱল নান্দনিক-চেতনাৰ সমল কৰি নাৰাখি জীৱন আৰু জীৱিকাৰো যে ই আধাৰ হ’ব পাৰে প্ৰত্যয়জনকভাৱে এই সত্য প্ৰতিষ্ঠাৰ বাবে কৰা আন্তৰিকতাৰ মাজতেই উন্মোচিত হৈছে বেণু মিশ্ৰৰ সমাজচিন্তা।

স্বৰাজোত্তৰ অসমৰ আধুনিক চিত্ৰকলাৰ অন্যতম প্ৰাণপুৰুষ আশু দেৱ, তাৰো পূৰ্বে অসমত আনুষ্ঠানিক শিল্পচৰ্চাৰ পথিকৃৎ জীৱেশ্বৰ বৰুৱাৰ সান্নিধ্যত যি যাত্ৰাৰম্ভ হৈছিল, বেণু মিশ্ৰই পাইছিল তাৰ উত্তৰাধিকাৰ। শিল্প-সাহিত্য সম্পৰ্কে আধুনিক হৈও এক ঐতিহাসিক চিন্তাৰ অধিকাৰী নহ’লে, আৰু সততে এক জাতীয়-চেতনাৰ দ্বাৰা নিজকে উদ্বুদ্ধ কৰিব নোৱাৰিলে যে মহৎ শিল্প সৃষ্টি অসম্ভৱ সেই উপলব্ধিৰ গৰাকী আছিল বাবেই বেণু মিশ্ৰই দৃঢ়তাৰে ক’ব পাৰিছিলঃ ‘আমাৰ আৰ্টিষ্টসকলে আমাৰ পৰম্পৰা-ইতিহাস সম্পৰ্কে গোটেই কথাবোৰ জানিব লাগিব। আমাৰ সমাজত অন্তৰ্হিত হৈ থকা সাংস্কৃতিক ধ্যান-ধাৰণা, সাধুকথা আৰু লোকশিল্পৰ উপাদানসমূহৰ বিষয়ে নজনালৈকে তেওঁলোকৰ কোনো শিল্পকৰ্মই পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰিব।

অসমৰ লোক-সংস্কৃতিৰ জগতখনত এক সমৃদ্ধ পৰম্পৰা থকা সত্ত্বেও এই লোকশিল্পকলাৰ পৰা যেন আমি এতিয়াও প্ৰয়োজনীয় প্ৰেৰণা সম্পূৰ্ণকৈ ল’ব পৰা নাই, সকলো কথাৰ দৰেই চিত্ৰশিল্প, ভাস্কৰ্য আদিৰ ক্ষেত্ৰতো আমাৰ শিল্পীসকলে পশ্চিমলৈ অথবা বাৰোদা-শান্তি নিকেতন আদিলৈ চাই থাকে- সেই কথা অনুভৱ কৰি তেও এই কথাও কৈছিল যে অসমৰ সমৃদ্ধ লোকশিল্পকলাৰ গাত ভেঁজা লৈহে আমি আধুনিক শিল্পকলাৰ জগতখনত স্বকীয়তা বৰ্তাই ৰাখিব পাৰিম। বিলাতৰ পৰা উভতি আহি জ্যোতিপ্ৰসাদ যেতিয়া বৰদোৱালৈ গৈছিল, তেতিয়া তাৰ নামঘৰৰ খুঁটাত কটা ভাস্কৰ্যসমূহ দেখি অভিভূত হোৱাই নহয়, ইমানদিনে নিজৰ শিপাডাল চিনি নোপোৱাকৈ থকাৰ বাবে তেওঁ খেদো প্ৰকাশ কৰিছিল।

তেওঁ নামঘৰৰ খুঁটাবোৰত থকা ভাস্কৰ্যত ইপষ্টেইন আৰ্হিৰ কাৰিকৰী দেখিছিল, থাপনাখনত দেখিছিল কিউবিষ্ট আৰ্হি, থাপনাত থকা আঁক-বোকবোৰৰ কোনোটোত ইমপ্ৰেষ্টনিষ্ট আৰ্হি আৰু কোনোটোত ছিম্বলিষ্ট আৰ্হি। এই প্ৰসংগত জ্যোতিপ্ৰসাতে তেওঁৰ ‘অসমীয়া স্থাপত্যৰ নৱৰূপ’ শীৰ্ষক বিখ্যাত প্ৰবন্ধটোত কোৱা এষাৰ কথা আজিও প্ৰাসংগিক হৈ আছে।

বিনোদ বিহাৰী মুখাৰ্জীৰ দৰে শিক্ষকৰ অধীনত শান্তি নিকেতন আৰ্ট হিষ্ট্ৰী আৰু এছথেটিকছৰ শিক্ষা লাভ কৰাৰ ফলত সৰ্বভাৰতীয় শিল্পচিন্তাৰ তুলনাত আমাৰ অসমখন যে ইমান সমৃদ্ধ, অসমৰ মানুহৰ শিল্পচেনতাক ঠাইখনৰ বিভিন্ন জাতি-জনগোষ্ঠীয়েও যে পুৰাতন কালৰে পৰা বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰি আহিছে, ভাৰতীয় সাংস্কৃতিক পৰম্পৰাটোৱে যে এইবোৰৰ মাজেদিহে প্ৰসাৰ লাভ কৰিছে, সেই কথা বেণু মিশ্ৰই অন্তঃকৰণেৰে বিশ্বাস কৰাৰ বাবেই তেওঁৰ শিল্পকৃতীসমূহ আধুনিক হৈও এই ঠাইখনৰ আৰু সমৃদ্ধ পৰম্পৰাই প্ৰতিনিধিত্ব কৰা ইয়াৰ মানুহখিনিৰ স্বকীয় শিল্পচিন্তাৰ বাৰ্তাবাহী।

‘শান্তি নিকেতন, বৰোদা আদিৰ শিল্পকলা-শিক্ষা আমাৰ হাত দুখনক দক্ষতা প্ৰদান কৰাৰ বাবে যথোপযুক্ত, কিন্তু আমাৰ মনটোক গঢ় দিয়াৰ বাবে তাৰ শিক্ষাই যথেষ্ট নহয়। আমাৰ মনটো গঢ়াত সহায় কৰিব স্থানীয় শিল্প উপাদানবোৰেহে।’- এনে শিল্পচিন্তাৰেই বেণু মিশ্ৰই সমৃদ্ধ কৰি থৈ গ’ল আধুনিক অসমৰ চিত্ৰশিল্পৰ জগতখন। বেণু মিশ্ৰলৈ অসমীয়া প্ৰতিদিনৰ তৰফৰ পৰা শ্ৰদ্ধা তৰ্পণ কৰিছো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি