মোডী-অমিত যুগলবন্দী

মোডী-অমিত যুগলবন্দী

প্ৰচলিত ৰাজনীতিৰ চাণক্য হিচাপে আখ্যা পোৱা অমিত শ্বাহক দেশৰ গৃহ মন্ত্ৰী পতা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে। মোডী চৰকাৰত প্ৰধানমন্ত্ৰীৰ পিচতে অমিত শ্বাহ এতিয়া দ্বিতীয় স্থানত অধিষ্ঠিত হৈছে। পূৰ্বৰ গৃহমন্ত্ৰী তথা বিজেপিৰ বৰ্ষীয়ান নেতা ৰাজনাথ সিঙক আঁতৰাই অমিত শ্বাহক স্থলাভিষিক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই নহয়, আমি ভাবো ইয়াৰ দ্বাৰা দেশবাসীকো একপ্ৰকাৰ আশ্বস্ত কৰিবলৈ বিচৰা হৈছে।

গুজৰাটত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো মোডীয়ে অমিত শ্বাহকে তেওঁৰ একান্ত সহযোগী হিচাপে বাছি লৈচিল। ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ছোৱাতো অমিত শ্বাহ আছিল মোডী মন্ত্ৰীসভাৰ গৃহমন্ত্ৰী। কথা হ'ল- অমিত শ্বাহৰ যোগ্যতাক লৈ আমি প্ৰশ্ন কৰিব বিচৰা নাই। ২০১৪চনৰ লোকসভা নিৰ্বাচনত উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যৰ প্ৰধান দায়িত্বত থাকি শ্বাহে দলৰ হৈ ৭২টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী জিকাই আনি কেন্দ্ৰত মোডী চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি তুলিছিল।

পৰৱৰ্তী পৰ্যায়তো আনকি কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত দলৰ অভূতপূৰ্ব জয়ৰ প্ৰধান সাৰথি আছিল তেওঁ। এইবাৰৰ লোকসভা নিৰ্বাচনতো বিৰোধীৰ সকলো ৰণ-কৌশলক তচনচ কৰি গেৰুৱা বাহিনীৰ বিজয়ৰথ দিল্লীৰ মচনদলৈ চলাি নিয়াৰ কৃতিত্বৰ প্রধান দাবীদাৰ অমিত শ্বাহেই। বিগত পাঁচটা বছৰ ধৰি দল আৰু চৰকাৰক অবিসম্বাদী নেতাৰ ৰূপত শ্বাহৰ ব্যক্তিত্ব ইমানেই উজলি উঠিছে যে প্ৰধান মন্ত্ৰী মোডী আৰু তেওঁৰ মাজত কোন কাৰ প্ৰতি বেছি কৃতজ্ঞ হোৱা উচিত, সেয়া নিৰ্ধাৰণ কৰাটোও এতিয়া প্ৰায় দুৰূপ হৈ পৰিছে।

সি যি কি নহওঁক- অমিত শ্বাহৰ অভাৱনীয় উত্থানৰ সমান্তৰালকৈ বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে সম্প্ৰতি সকলোকে চমকিত কৰি তুলিছে। ক'বলৈ গ'লে মোডী-শ্বাহ যুগলবন্দীয়ে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিছে। প্ৰচলিত ৰাজনৈতিক সংস্কৃতিৰি সকলো আঁৰ-বেৰ অতিক্ৰম কৰি হ'লেও কিদৰে ক্ষমতাসৰ্বস্ব লক্ষ্য পূৰণৰ বাটত অগ্ৰসৰ হ'ব লাগে, সেই ক্ষেত্ৰতো তেওঁলোকে এক বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। শ্বাহৰ ক্ষেত্ৰত বিষয়টো কেৱল ৰাজনৈতিক বিচক্ষণতাতে সীমাৱদ্ধ হৈ থকা নাই। প্ৰয়োজন সাপেক্ষে অন্যা-অনীতিৰ আশ্ৰয় ল'বলৈও তেওঁ কুন্ঠাবোধ কৰা নাই।

অমিত শ্বাহেই বোধহয় দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী, যাৰ বিৰুদ্ধে এসময়ত কেইবাটাও ফৌজদাৰী গোচৰ চলিছিল। তাৎপৰ্যপূৰ্ণভাৱে তাৰ বেছিভাগ গোচৰ উচ্চ আদাতত আপীল নোহোৱাকৈ নিষ্পত্তি কৰা হৈছে। আনকি ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ আগলৈকে অমিত শ্বাহক গুজৰাটত প্ৰৱেশ নকৰিবলৈ আইনী বাধাও প্ৰদান কৰা হৈছিল। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ছোৱাত ছোহৰাবউদ্দিন হত্যাৰ গোচৰত অমিত শ্বাক চি বি আই আদলতে সাক্ষ্য প্ৰমাণ আদিৰ অভাৱত দোষমুক্ত কৰিছিল যদিও উক্ত ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰাৰ পৰা বিৰত আছিল।

আইনী গোচৰৰ বাহিৰেও শ্বাহৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰাজহুৱাভাৱে সাম্প্ৰদায়িক মন্তব্য দিয়া, অসাংবিধানিক বক্তব্য ৰখাৰ দৰে বহু অভিযোগ উত্থাপন হৈছে। সেইজনেই আজিৰ গৃহমন্ত্ৰী অমিত শ্বাহ, যিয়ে অসমৰ এন আৰ চিৰ খচৰাৰ পৰা বাদপৰা চল্লিশ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলি কৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। তেৱেঁই বাংলাদেশী মূলৰ মুছলমানক উইপোকৰ সৈতে তুলনা কৰিছিল। এইবাৰ লোকসভা নিৰ্বাচনতো শ্বাহে আক্ৰমণাত্মক ভূমিকা লৈ কলকাতা চহৰত নিৰ্বাচনী হিংসাৰ বাতাৱৰণ সৃষ্টিত উদগনি যোগাইছিল বুলি অভিযোগ আছে।

কিন্তু প্ৰতিবাৰেই নিৰ্বাচনী ফলাফলে তেওঁৰ সকলোবোৰ দোষ-ক্ৰুটি ধুই নিকা কৰিছে। গুজৰাটৰ দৰে এতিয়া দেশব্যাপী নৰেন্দ্ৰ মোডীৰ ৰাজনৈতিক প্ৰভাৱ প্ৰতিফলিত হোৱাৰ মূলতে শ্বাহৰ আগ্ৰাসী ৰাজনীতিয়ে সৰ্বাত্মক ভূমিকা পালন কৰিছে। প্ৰথমবাৰৰ বাবে গৃহমন্ত্ৰীৰ দায়িত্ব লোৱা শ্বাহ সেয়েহে দল আৰু চৰকাৰৰ সৰ্বাধিক চৰ্চিত ব্যক্তি হৈ পৰিছে।

অৱশ্যে কেৱল শ্বাহেই নহয়, অপৰাধমূলক গোচৰত অভিযুক্ত শাসক পক্ষৰ সাংসদৰ তালিকাখন বেছ দীঘলীয়া। সেয়া লাগিলে নাথুৰাম গডছেক দেশভক্ত বুলি কৈ গৰ্ববোধ কৰা সাধ্বী প্ৰজ্ঞাসিং ঠাকুৰেই হওঁক বা সমূহীয়া বলাৎকাৰৰ অপৰাধীক জে'লত সাক্ষাৎ কৰি ধন্যবাদ জ্ঞাপন কৰা উন্নাওৰ সাংসদ সাক্ষী মহাৰাজেই হওঁক, সকলোবোৰেই এতিয়া প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশ্বস্ত সতীৰ্থ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in