স্বপ্নৰ আধাৰ ক’ত 

স্বপ্নৰ আধাৰ ক’ত 

আচৰিতভাৱে যিগৰাকী ৰাজনৈতিক নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰীয়ে বিগত কিছুদিন ধৰি বিভিন্ন সাম্প্ৰদায়িক বক্তব্যৰে অসমৰ  সমাজ জীৱন বিষময় কৰি তুলিছিল, সেইজন ব্যক্তিয়ে কালি অসম বিধানসভাত ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক বাজেট ভাষণত ঘোষণা কৰিছে যে ৰাজ্যৰ তিনি কোটি বিশ লাখ মানুহৰ মংগলৰ বাবেই তেওঁ বাজেট তৈয়াৰ কৰিছে। 'স্বপ্নৰ আধাৰত অসম নিৰ্মাণ'ৰ প্ৰতিশ্ৰুতিৰে বিত্ত মন্ত্ৰীজনে ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ আত্মসন্মান ৰক্ষা আৰু সুৰক্ষাৰ নিশ্চয়তাও প্ৰদান কৰিছে।

অৱশ্যে এজন সাত্ত্বিক ধৰ্মীয় গুৰুৰ দৰে গুণমালা-বেদ-উপনিষদ-গীতাৰ বাণী আওৰাই সোণোৱাল চৰকাৰৰ চতুৰ্থখন বাজেট উপস্থাপন কৰাৰ কায়দা-কৌশলে তেওঁক যেন যথাৰ্থতে বিজেপিৰ হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠিত কৰিছে। সেইজন হিন্দুত্ববাদী নেতাই বিত্ত মন্ত্ৰী হিচাপে দাখিল কৰা এই বাজেটখনো নিশ্চিতভাৱেই কেন্দ্ৰৰ মোডী চৰকাৰৰ অন্তিমখন অন্তৱৰ্তীকালীন বাজেটৰ দ্বাৰাই প্ৰভাৱান্বিত হ'বলৈ বাধ্য। গীতাৰ শ্লোক আওৰাই বিত্তমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিলে- 'উগ্ৰ জাত্যভিমান নহয়, ভাৰতৰ ৰাষ্ট্ৰবাদৰ প্ৰতি তেওঁৰ বাজেট সমৰ্পিত, তেতিয়া আৰু বুজিবলৈ বাকী নাথাকিল যে কেন্দ্ৰৰ শাসকপক্ষই যি পথ অনুসৰণ কৰিলে সেই পথৰেই পথিক তেওঁ।

এইখন বাজেটত উল্লিখিত বিভিন্ন জনমোহিনী আঁচনিৰ কথা বাৰে বাৰে উল্লেখ নকৰাকৈ আমি ক'ব পাৰো যে বিগত বৰ্ষৰ ৰাজ্যিক বাজেটখনত অন্তৰ্ভুক্ত হোৱা বেছিভাগ আঁচনিকে তেওঁ এইবাৰো সন্নিবিষ্ট কৰিছে। কেৱল চমক সৃষ্টিৰ বাবে বিত্তমন্ত্ৰীয়ে এইবাৰ ৫৩ লাখ দৰিদ্ৰ লোকক পূৰ্বৰ তিনি টকাৰ পৰিৱৰ্তে এটকাৰ দৰত চাউল যোগান ধৰাৰ কথা কৈছে, স্কুলীয়া ছাত্ৰীক পেট্ৰ'লৰ দ্বাৰা চালিত স্কুটিৰ পৰিৱৰ্তে ই-মটৰ  চাইকেল দিয়াৰ কথা কৈছে। বাকী গাঁওবুঢ়াক স্মাৰ্টফোন দিয়া, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি বা দেৱালয়বোৰলৈ বাৰ্ষিক অনুদানৰ আঁচনিৰ ক্ষেত্ৰতো একেই কথা ক'ব পাৰি। এইবাৰ বৰং পূৰ্বৰ দুবছৰতেকৈ অধিক প্ৰত্যয়ৰ সৈতে ৰাজ্য চৰকাৰে জনসাধাৰণক চমক দিয়াৰ চেষ্টা চলাইছে।

তেওঁৰ বাজেটত এই কথা ঘুণাক্ষৰেও উচ্চাৰিত নহ'ল যে অসমক দিয়া কেন্দ্ৰীয় পুঁজিৰ পৰিমাণ ক্ৰমান্বয়ে দ্ৰুতভাৱে হ্ৰাসপাই আহিছে অথবা অসম এতিয়া আৰ্থিকভাৱে বিশেষ মৰ্যাদাপ্ৰাপ্ত ৰাজ্যৰ শাৰীত নাই। বিত্তমন্ত্ৰীয়ে আজি  দুবছৰ ধৰি ওঠৰখন জনকল্যাণমূলক আঁচনিৰ কথা কৈ আহিছে। এইবাৰ ইয়াত কেতবোৰ নতুন বিষয় সংযোজন কৰিছে। উদাহৰণস্বৰূপে 'অৰুন্ধতী' আঁচনিৰ অধীনত পাঁচ লাখ টকাৰ তলৰ বাৰ্ষিক আয়ৰ পৰিয়ালত থকা কন্যাৰ পঞ্জীয়নভুক্ত বিবাহত এক তোলাকৈ সোণ দিয়াৰ ব্যৱস্থা কৰাৰ নামত এই বছৰৰ বাবে তিনিশ কোটি টকা ব্যয় কৰাৰ ঘোষণা কৰা হৈছে। সেইদৰে বিশ্ববিদ্যালয়পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা বা নৱম-দশম শ্ৰেণীলৈ ইউনিফৰ্মৰ ব্যৱস্থা কৰা আদি অলেখ আঁচনিৰ কথা বিত্তমন্ত্ৰীয়ে ৰাজ্যিক বাজেটত সন্নিবিষ্ট কৰিছে।

কিন্তু আঁচনিবোৰ ৰূপায়ণ কৰাটোহে মূল কথা। এইবাৰৰ বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল- ইয়াত কেৱল ন-পুৰণি আঁচনিৰ কথাহে সবিস্তাৰে উল্লেখ কৰা হৈছে। কিন্তু ৰাজ্যৰ কৃষি অৰ্থনীতি জীপাল কৰা, উদ্যোগীকৰণৰ পথ প্ৰশস্ত কৰা বা নিবনুৱাৰ কৰ্মসংস্থান সৃষ্টিৰ ক্ষেত্ৰত যে ৰাজ্য চৰকাৰৰ হাতত কোনো স্পষ্ট কৰ্মসূচী নাই, সেই কথাটোকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে এইবাৰৰ ৰাজ্যিক বাজেটখনে। কিন্তু প্ৰশ্নটো হৈছেঃ এই বাজেটত উল্লিখিত আঁচনিবোৰো বাস্তৱসন্মত নয়নে? বিত্তমন্ত্ৰীয়ে এহাটে বাজেট ভাষণত জনগোষ্ঠীয় ভাষা বিকাশৰ কথা কৈছে। কিন্তু অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিষয়টো এৰাই চলিছে। ৰাজ্যৰ অসংগঠিত ক্ষেত্ৰত কৰ্মৰত প্ৰায় আশী লাখ শ্ৰমিক-কৰ্মচাৰীৰ সামাজিক সুৰক্ষাৰ প্ৰশ্নটোক লৈ এইবাৰো বিত্ত মন্ত্ৰীয়ে বাজেটত কোনো নিৰ্দিষ্ট আঁচনি লোৱাৰ কথা ঘোষণা নকৰিলে।

কেৱল ভোট বেংকৰ স্বাৰ্থত চাহ জনগোষ্ঠীয় সমাজ আৰু ৰাজ্যৰ জনজাতীয় স্বায়ত্তশাসিত এলেকাৰ সামগ্ৰিক উন্নয়নৰ পৰিৱৰ্তে কিছুমান চকুত লগা আঁচনিহে অন্তৰ্ভুক্ত কৰিছে। সেইদৰে খিলঞ্জীয়া মুছলমানৰ বাবে পৃথককৈ উন্নয়ন নিগম গঠন কৰা বা নিবনুৱা যুৱক-যুৱতীক আৰ্থিক সাহায্য দিয়া বিষয়বোৰেও ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ ছবি প্ৰতিফলিত নকৰে। যি সময়ত অসমৰ দৰিদ্ৰ কৃষকে জীৱিকাৰ তাড়নাত পৰি চহৰৰ চুক্তিবদ্ধ শ্ৰমিকৰ জীৱন যাপন কৰিবলগাত পৰিছে, সেই সময়তে কেন্দ্ৰই অনুসৰণ কৰা নীতিৰ আধাৰতে এইখন চৰকাৰে বিচাৰিছে। কথা হ'ল- ৰাজ্যখনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ বিচাৰিছে।

কথা হ'ল- ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ মৃত্যুমুখী  যাত্ৰা আৰু কৃষি খণ্ডৰ দুৰৱস্থাৰ অসমৰ  দৰে অনগ্ৰসৰ ৰাজ্যক এইধৰণৰ প্ৰতিশ্ৰুতিয়ে বিকশাই তুলিব নোৱাৰে। কাৰণ মোডী চৰকাৰৰ দৰে সোণোৱাল চৰকালেও বিদেশী বেংকৰ ঋণেৰে কৰ্প'ৰেটনিৰ্ভৰ অৰ্থনীতিকে ৰাজ্যখনত কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in