গভীৰ ষড়যন্ত্ৰ!

গভীৰ ষড়যন্ত্ৰ!

সম্প্ৰতি অসমীয়া জাতিৰ বিপদ কেউপিনৰ পৰা আহিছে। ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে গভীৰ ষড়যন্ত্ৰৰ সমুখীন হৈছে অসম জনসাধাৰণ। শাসক গোষ্ঠীৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক শোষণ-বঞ্চনাৰ বলি অসমীয়াৰ দৰে এটা নিৰ্মীয়মান ক্ষুদ্ৰ জাতিসত্তাক দেশৰ বুকুত ভাষিক-সাংস্কৃতিকভাৱে নিশ্চিহ্ন কৰি দিয়াৰ শেহতীয়া অপচেষ্টাৰ বিৰুদ্ধে সচেতন মহল সক্ৰিয় হোৱাৰ প্ৰয়োজন এতিয়া সৰ্বাধিক।

অসম আৰু অসমবাসী থলুৱা জনসাধাৰণক স্বৰাজোত্তৰ কালৰ পৰাই দেশৰ বিকাশ-উন্নয়নৰ মূল সুঁতিৰ পৰা আঁতৰাই ৰাখিছে শাসক গোষ্ঠীয়ে। তাৰ সমান্তৰালকৈ কেন্দ্ৰৰ বিভাজনমূলক নীতিৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীক নিশকতীয়া কৰি তোলাৰ প্ৰক্ৰিয়াও চলিছে। আমি ভাবো, সদ্যতে চৰ্চালৈ অহা 'চলো পাল্টাই'ৰ দৰে অভিযানৰ নেতৃত্ব লোৱাসকলৰ গতিবিধিৰ পৰাও ধাৰণা হয় যে অসমত 'কেব'ৰ দৰে জাতিধ্বংসী ব্যৱস্থা জাপি দিব বিচৰা শাসক গোষ্ঠীৰে তেওঁলোক সমগোত্ৰীয়। এই কথা সন্দেহ কৰাৰ যথেষ্ট যুক্তি আছে।

কথা হ'ল- অসমত অসমীয়া-বাঙালীৰ মাজৰ ভাষিক সংঘাত দ্বন্দ্ব ঐতিহাসিকভাৱেই বিদ্যমান। ইয়াক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ই ব্ৰিটিছ ঔপনিবেশিক যুগৰে সমস্যা। অসম বাঙালীৰ ভাষিক আগ্ৰাসন আৰু অনুপ্ৰৱেশ হৈছিল ব্ৰিটিছ যুগৰ বাঙালী মধ্যবিত্ত শ্ৰেণীৰ জৰিয়তে। নিশ্চিতভাৱেই ব্ৰিটিছ ঔপনিবেশিক শাসন ব্যৱস্থা কাৰ্যকৰী কৰাৰ স্বাৰ্থতে সেই কাম সম্পন্ন হৈছিল। কিন্তু ইতিহাসৰ তথ্যসমৃদ্ধ বিশ্লেষণৰ দ্বাৰাই এই কথাৰ মীমাংসা হৈছে যে অসমত বাংলা ভাষাৰ প্ৰৱৰ্তনৰ আঁৰত ব্ৰিটিছ শাসকৰ ঔপনিবেশিক স্বাৰ্থই ক্ৰিয়া কৰিছিল।

একাংশ বাঙালী মধ্যবিত্ত আমোলাক ব্যৱহাৰহে কৰা হৈছিল। সেই দৃষ্টিকোণৰ পৰাই আজিৰ সমস্যাকো বিচাৰ কৰি চাব লাগিব। অৱশ্যে ওপৰে ওপৰে চালে এই সংঘাতৰ মীমাংসা হৈছে যদিও পুনৰুত্থানবাদীসকলে ইয়াক সময়ে সময়ে ব্যৱহাৰ কৰিবলৈ উৎসাহী হৈ পৰা পৰিলক্ষিত হৈছে। অসমীয়া-বাঙালীৰ সংঘাতৰ যিদৰে ঐতিহাসিক তথ্য আছে, সেইদৰে সংহতিৰো ঐতিহ্য আছে।

ঊনবিংশ শতিকাৰ পৰৱৰ্তী কালত হোৱা ৰাজ্যভাষা আন্দোলনকে ধৰি অসমীয়া জাতীয় জীৱনক প্ৰভাৱান্বিত কৰা বিভিন্ন কৰ্মসূচীত বাঙালী মধ্যবিত্ত সমাজৰ ইতিবাচক ভূমিকাক আমি কোনোপধ্যে অস্বীকাৰ কৰিব নোৱাৰো। আশুতোষ মুখাৰ্জী, ৰবীন্দৰনাথ ঠাকুৰৰ দৰে মনীষীসকলেও আনকি অসমীয়া ভাষাক উচ্চ স্থান দিছিল। তাৰ পৰৱৰ্তীকালত সামূহিকভাৱে বাঙালী মধ্যবিত্তই অসমীয়া ভাষা-সংস্কৃতিৰ বিৰোধিতা কৰাৰ ঐতিহাসিক দৃষ্টান্ত নাই।

তৎসত্ত্বেও তাহানিতে অসমীয়াৰ ভাষিক স্বাৰ্থক আঘাত কৰাৰ প্ৰশাসনিক সিদ্ধান্তই দুয়ো পক্ষৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰা বিদ্বেষৰ ঘা সহজতে নুশুকায়। বৰং শুকালেও তাক পুনৰ খুঁচৰি নতুন ৰূপ দিয়াৰ চক্ৰান্ত ৰচা হয়। ঊনবিংশ শতিকাতে অসমীয়া মধ্যশ্ৰেণীৰ মাজত গা কৰি উঠা বাঙালী বিদ্বেষ আৰু বাঙালী সমাজৰ জাতীয় আৱেগক চিৰবৈৰীৰ ৰূপ দিয়াৰ বাবে যিসকলে ষড়যন্ত্ৰ কৰিছিল, তাৰ ধাৰাবাহিকতা আজিও অব্যাহত আছে।

ভাৰতৰ দ্বিতীয় বৃহত্তম ভাষা হিচাপে প্ৰতিষ্ঠা লাভ কৰা বাংলাৰ তুলনাত অসমীয়া ভাষাৰ অৱস্থানগত পাৰ্থক্য আছে। কিন্তু সেইবুলিয়েই 'চলো পাল্টাই'ৰ দৰে বাঙালী সম্প্ৰসাৰণবাদীসকলৰ অভিযানক সহজভাৱে ল'ব নোৱাৰি। অভিভাষী মুছলমান আৰু বাংলাভাষী অসমীয়াসকলে এই ফান্দত ভৰি দিলে অসমীয়া ভাষিক জাতীয়তাবাদক অসন্মান কৰা হ'ব। ইয়াৰ আঁৰত শাসকীয় ষড়যন্ত্ৰই যে কাম কৰিছে তাক অস্বীকাৰ কৰা নাযায়।

কাৰণ 'কেগ'ৰ প্ৰসংগত শাসকীয় শক্তিৰ ভূমিকা আৰু সেইক্ষেত্ৰত সাম্প্ৰদায়িক দৃষ্টিকোণেৰে বাঙালী সমাজৰ ভাষিক আৱেগক যুক্ত কৰাৰ অপচেষ্টা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। সামগ্ৰিকভাৱে অসমৰ বাংলাভাষী ৰাইজে ইয়াক সমৰ্থন নকৰিলেও এচাম সংকীৰ্ণমনা বাঙালী মধ্যবিত্তই ইতিমধ্যে হাত উজান দিছে। কিন্তু আমি নিশ্চিত যে ৰাজ্যৰ সৰ্বস্তৰৰ সুধী সমাজে ইয়াক প্ৰতিহত কৰিব।

ইতিমধ্যে বহু উত্থান-পতন অতিক্ৰম কৰি অসমীয়া ভাষা-সংস্কৃতিৰ ক্ষেত্ৰখনে বহল পৰিসত উপনীত হৈছেহি। সংকীৰ্ণ ৰাজনীতিয়ে ইয়াক কলুষিত কৰিব নোৱাৰে। ঊনবিংশ শতিকাৰ পৰিৱেশ-পৰিস্থিতি এতিয়া নাই। সেয়েহে প্ৰথমতে 'ন-অসমীয়া'ই 'চলো পাল্টাই'ৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছে। বিশ্ব দৰবাৰত নিজকে অসমীয়া হিচাপে নিজকে চিনাকি দিয়া অসমৰ বাঙালী সমাজেও ইয়াক নাকচ কৰিছে। গতিকে ষড়যন্ত্ৰ গভীৰ হ'লেও ইয়াৰ আন্তঃসাৰশূন্যতা প্ৰতিপন্ন হ'বলৈ বেছিপৰ নালাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in