মমতাৰ প্ৰতিবাদ

মমতাৰ প্ৰতিবাদ

যোৱা উনৈস জানুৱাৰীৰ দিনা মমতা বেনাৰ্জীয়ে তেইশটাকৈ প্ৰধান বিৰোধী দলৰ নেতৃবৰ্গক লগত লৈ কলকাতাৰ ব্ৰিগেড গ্ৰাউণ্ডত অনুষ্ঠিত কৰা বিশাল ৰেলীৰ পিচতে দেশৰ শাসক-বিৰোধীৰ মাজৰ ৰাজনীতি উত্তাল হৈ পৰিছিল। লগে লগে অমিত শ্বাহ বাহিনীয়ে মমতা বেনাৰ্জীৰ নেতৃত্বত গঢ়ি উঠা বিৰোধী ঐক্যক যিকোনো প্ৰকাৰে থানবান কৰি দিয়াৰ পৰিকল্পনাও কৰিছিল। তাৰ প্ৰায় এপষেক কাল পিচত যোৱা দেওবাৰে চি বি আইৰ তদন্তকাৰী দল এটাই কলকাতা আৰক্ষী আয়ুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা বিৰোধীয়ে সেই পৰিকল্পনাৰ অংশ হিচাপে আখ্যা দিছে।

উল্লেখযোগ্য যে ন্যায়ালয়ৰ বিচাৰাধীন সাৰদা চিটফাণ্ড কেলেংকাৰীৰ গোচৰত অভিযুক্ত আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসগৃহত চিবিআইৰ দলটোৱে সম্পূৰ্ণ আক্ৰোশমূলকভাৱে প্ৰৱেশ কৰা বুলি মমতা বেনাৰ্জীয়ে ধৰ্ণাত বহিছে। তেওঁৰ এই প্ৰতিবাদলৈ সমৰ্থন জনাইছে দেশৰ প্ৰায়ভাগ বিৰোধী দলৰ নেতাই। বিষয়টো এতিয়া পশ্চিমবংগতে সীমাৱদ্ধ থকা নাই, বৰং সংসদতো ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ, এন চি পি, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি, আম আদমি পাৰ্টিকে ধৰি বিৰোধী দলবোৰে। যাৰ ফলত সোমবাৰে সংসদৰ কাম-কাজো আনকি ব্যাহত হৈ পৰে। অৰ্থাৎ মমতা বেনাৰ্জীয়ে নিজ ৰাজ্যৰ এগৰাকী আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে চলা চি বি আইৰ অভিযানৰ বিষয়টোক মুহূৰ্তৰ ভিতৰতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেদৰে উপস্থাপন কৰিলে, য'ত বিৰোধী পুনৰবাৰ ঐক্যৱদ্ধ হোৱাৰ এটা সুবৰ্ণ সুযোগ আহি পৰিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সংসদত বিবৃতি দিবলগা হ'ল যে মমতাই চিবিআইৰ দৰে স্বতন্ত্ৰ তথা সাংবিধানিক সংস্থাৰ কাম-কাজত হস্তক্ষেপ কৰি ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিছে। আনকি বিজেপিৰ শীৰ্ষ নেতা প্ৰকাশ জাভেড়কাৰে কলকাতাত সংবাদমেল অনুষ্ঠিত কৰিও ঘোষণা কৰে যে মমতাই চিবিআইৰ কাম-কাজত বাধা প্ৰদান কৰিছে। কিন্তু বিজেপি নেতৃত্বই যিমানেই নিচিঞৰক কিয়, এই বিষয়টোত মমতা বেনাৰ্জীৰ পক্ষত বিৰোধী শক্তি একলগ হৈ পৰিছে।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযানকাৰী চিবিআই দলক আৰক্ষীৰ হতুৱাই আটক কৰাতেই ক্ষান্ত থকা নাই, মোডী চৰকাৰৰ কাম-কাজক আঞ্চলিকতাবাদ বিৰোধী আক্ৰোশমূলক পদক্ষেপ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ তেওঁ নিজে আৰক্ষী আয়ুক্তজনক লগত লৈ অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহিছে। মমতাই দেশবাসীক এই বাৰ্তাই দিব বিচাৰিছে যে কেন্দ্ৰই স্বেচ্ছাচাৰী ভূমিকা লৈ ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীক অৱমাননা কৰিব বিচাৰিছে।

ইফালে বিজেপিৰ শীৰ্ষ নেতৃত্বই এই কাৰ্যৰ সমৰ্থনত যিবোৰ যুক্তি দিছে সেইবোৰো এটা এটাকৈ খণ্ডন কৰিছে মমতাৰ অনুগামীসকলে। প্ৰথম কথা- বিৰোধীয়ে ঐক্যৱদ্ধভাৱে মাত মাতি কৈছে যে চিবিআইৰ দৰে সংস্থাক কেন্দ্ৰীয় চৰকাৰেহে ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে ব্যৱহাৰ কৰিছে। এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ গৈ তেওঁলোকে দেশৰ শেহতীয়া পৰিস্থিতিৰ কেইবাটাও দৃষ্টান্ত দাঙি ধৰিছে। চিবিআইৰ শীৰ্ষতম বিষয়াক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশত বদলি কৰা, সমগ্ৰ বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰা আদি কথাবোৰ বিৰোধীয়ে শক্তিশালীভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে।

আনহাতে, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী নেতৃত্বই এই সংক্ৰান্তীয় আন এক গুৰুতৰ অভিযোগো সংবাদমেলযোগে দাঙি ধৰিছে। সেয়া হ'ল- সাৰদা কেলেংকাৰীত অভিযুক্ত কেইবাজনো ৰাজনৈতিক নেতা-মন্ত্ৰীয়ে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত কেনেকৈ দোষমুক্ত হয়? এসময়ত মমতা বেনাৰ্জীৰে সোঁহাত স্বৰূপ নেতা মুকুল ৰয় এতিয়া বিজেপিৰ শীৰ্ষ নেতা। ৰয়কে ধৰি ৰাজ্যখনৰ বিজেপি নেতা বাবুল সু্প্ৰিয়াও চিটফাণ্ড কেলেংকাৰীত অভিযুক্ত আছিল। এইক্ষেত্ৰত অসমৰ বহুচৰ্চিত প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমান সোণোৱাল চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীজনৰ কথাও আনকি বিৰোধীৰ মুখেৰে সঘনাই উচ্চাৰিত হৈছে।

বিৰোধীৰ অভিযোগ হ'ল- যিসকল নেতাই মোডী চৰকাৰৰ ওচৰত শৰণ লোৱা নাই তেওঁলোককে এতিয়া জিঘাংসামূলক ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰই। মুঠতে মমতা বেনাৰ্জীৰ দৰে সুচতুৰ নেত্ৰীয়ে সম্প্ৰতি মোডী চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে যিধৰণৰ আগ্ৰাসী ভূমিকাত অৱতীৰ্ণ হৈছে সেয়া আগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে অতি লক্ষণীয় বিষয় হৈ পৰিছে। এক কথাত মমতাৰ অগ্নিবাণত বিধ্বস্ত হৈ পৰা মোডী-অমিত শ্বাহৰ নিৰ্বাচনী ৰথ পশ্চিমবংগতে অৱৰুদ্ধ হৈ পৰিছে। বিজেপিৰ প্ৰতিটো কৌশলকে অসাৰ সাব্যস্ত কৰি মমতাই দেশবাসীৰ মাজত পৰিৱৰ্তনৰ ঢৌ আনিছে। এই ঢৌৱে লোকসভা নিৰ্বাচনত কাক উটুৱাই নিব, সেয়াহে বিচাৰ্যৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in