অন্তৱৰ্তীকালীন বাজেট

অন্তৱৰ্তীকালীন বাজেট

বৰ্তমান মোডী চৰকাৰৰ আয়ুস আৰু খুব বেছি হ'লে দুমাহ। ইয়াৰ পিচত অনুষ্ঠিত হ'ব সপ্তদশ লোকসভা নিৰ্বাচন। আহিব নতুন চৰকাৰ। সেয়েহে বৰ্তমান চৰকাৰৰ শেষ বাজেটখন হ'ব লাগিছিল 'ভোট-অন-একাউণ্ট' বা অন্তৱৰ্তীকালীন বাজেট। ই ২০১৯-২০ আৰ্থিক বৰ্ষৰ চূড়ান্ত বাজেট হ'ব নোৱাৰে। কাৰণ যি চৰকাৰে এইখন উত্থাপন কৰিছে আৰু যি লোকসভাই এইখন গ্ৰহণ কৰিব এই দুয়োৰে আয়ুস দুমাহৰ বেছি নহয়।

২০১৯-২০ৰ বাবে ৰাজহ সংগ্ৰহ আৰু চৰকাৰ ব্যয়ৰ সবিশেষ স্থিৰ কৰিব পাৰে একমাত্ৰ জনগণ ভোটেৰে নিৰ্বাচিত হৈ অহা নতুন চৰকাৰখনে। পিচে মোডী চৰকাৰৰ ক্ষমতাকেন্দ্ৰিক দৰ্শনত এনে সংসদীয় ৰীতি-নীতিৰ কোনো স্থান নাই। সেয়েহে আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ণাংগ বাজেটৰ দৰে অন্তৱৰ্তীকালীন বাজেটখনতেই মোহনীয় প্ৰতিশ্ৰুতিবোৰ ঘোষণা কৰিছে। জনসাধাৰণক মোহগ্ৰস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কৈছে এয়া 'ট্ৰেইলৰ'হে।

পিচে এই মনোমোহা প্ৰতিশ্ৰুতিবোৰ বাস্তৱায়িত কৰিবলৈ ধন ক'ৰ পৰা আহিব? চৰকাৰৰ ৰাজহ সংগ্ৰহৰ অৱস্থাটোনো কি? কেন্দ্ৰীয় কৰৰ পৰা যি ধন সংগৃহীত হয়, সেয়া এবছৰ পূৰ্বে ঘোষণা কৰা বাজেট এষ্টিমেটতকৈ ২৩,০৬৭ কোটি টকা কম। তেনেকৈ কেন্দ্ৰীয় জি এছ টিৰ পৰা যি ৰাজহ আহে সেয়া পূৰ্বঘোষিত বাজেট এষ্টিমেটতকৈ এক লক্ষ কোটি টকা কম। আয়কৰৰ পৰা আহিবলগা ৰাজহো প্ৰায় ৫০ হাজাৰ কোটি টকা কম। ৰাজহৰ এনে পৰিস্থিতি সত্ত্বেও মোডী চৰকাৰে ধনিক শ্ৰেণীক সম্পদ কৰৰ পৰা অব্যাহতি দিয়াৰ নীতি বজাই ৰাখিছে।

আঢ্যৱন্তসকলক দ্বিতীয় গৃহ ক্ৰয়ৰ ক্ষেত্ৰত পুঁজি-লাভ কৰৰ পৰা অব্যাহতি দিছে। অথচ অক্সফামৰ সাম্প্ৰতিক প্ৰতিবেদনে উদঙাই দিছে যে ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ডলাৰ বিলিয়নেয়াৰসকলৰ সম্পদ ২,২০০ কোটি টকাকৈ বৃদ্ধি হৈছে। উক্ত প্ৰতিবেদনে এইটোও আঙুলিয়াই দিছে যে ভাৰতৰ আটাইতকৈ ধনী এক শতাংশই যদি তেওঁলোকৰ সম্পদৰ ওপৰত অতিৰিক্ত ০.৫ শতাংশ কৰ দিয়ে, তেনেহ'লে চৰকাৰে স্বাস্থ্য পৰিসেৱাৰ ক্ষেত্ৰত ব্যয় ৫০ শতাংশ হাৰত বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। কিন্তু সেই পথ মোডী চৰকাৰে শ্ৰেণী স্বাৰ্থত পৰিহাৰ কৰিছে।

আনহাতে লক্ষ্যমাত্ৰাতকৈ কম ৰাজহ সংগ্ৰহৰ ফলত যি পৰিস্থিতিৰ সৃষ্টি হৈছে, তাক জোৰা মৰাৰ কাৰণে ৰাজ্যবিলাকক বঞ্চিত কৰা হৈছে ন্যায্য প্ৰাপ্যৰ পৰা। কেন্দ্ৰীয় কৰত ৰাজ্যৰ যিখিনি অংশ থাকে তাৰ পৰা ২৬,৫৩৯ কোটি টকা কৰ্তন কৰা হৈছে। একেদৰে জি এছ টি ক্ষতিপূৰণ নিধিলৈ ৰাজ্যবোৰক যি পৰিমাণৰ ধন হস্তান্তৰ কৰিব লাগে, তাৰ পৰা বাজেটত যিখিনি ধাৰ্য কৰা হৈছিল তাৰ তুলনাত ৩৮,২৬৫ কোটি টকা কৰ্তন কৰা হৈছে। এয়া হৈছে মোডী চৰকাৰৰ 'কো-অপাৰেটিভ ফেডাৰেলিজম'ৰ মহিমা! ইয়াৰ ফলত মাৰ খাব ৰাজ্যবোৰৰ উন্নয়ন।

চৰকাৰৰ নীতিৰ ফলত দেশৰ অৰ্থনীতি আজি তিনিটা মুখ্য সংকটেৰে আক্ৰান্ত । ইযাৰ এটা হৈছে কৃষি আৰু কৃষকৰ দুৰাৱস্থা, দ্বিতীয়টো হৈছে কৰ্মসংস্থাপনৰ অভূতপূৰ্ব সংকট আৰু তৃতীয়টো হৈছে বেংকিং ব্যৱস্থাৰ সংকট। কিন্তু বাজেটখনত এই সংকটবোৰ মোকাবিলা কৰিবলৈ কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপৰ উল্লেখ অনুপস্থিত। ক্ৰমবৰ্ধবান কৃষক অসন্তোষ আৰু তাৰ পৰিণতিত তিনিখন ৰাজ্যত শাসক দলে ক্ষমতা হেৰুৱাবলগীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃষকলৈ 'ললিপপ' আগবঢ়োৱা হৈছে। নাম দিয়া হৈছে 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি'।

পাঁচ একৰৰ কম মাটি থকা কৃষকৰ বেংক একাউণ্টত বছৰি ৬হাজাৰ টকা জমা কৰিব। মাহত ৫০০ টকা। ইয়াৰ অৰ্থ হৈছে পাঁচজনীয়া এটি কৃষক পৰিয়ালে জনমূৰি ৩.৫০ টকা পাব। প্ৰহসননো আৰু কাক কয়! কৃষকৰ মূল সমস্যা যেনে- উৎপাদিত ফচলৰ লাভজনক দাম, স্বামীনাথন কমিটীৰ অনুমোদনবোৰৰ বাস্তৱায়ন, ঋণ মকুব ইত্যাদিৰ সমাধান বাজেটত অনুপস্থিত। তেনেকৈ আৰু এখন আঁচনি, 'প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন আঁচনি' বাজেটত ঘোষণা কৰা হৈছে।

অসংগঠিত খণ্ডৰ তৰুণ শ্ৰমিকে প্ৰতি মাহত ১০০ টকাকৈ বৰঙণি আগবঢ়োৱাৰ বিনিময়ত ৩২ বছৰ পিচত মাহিলি ৩হাজাৰ টকাকৈ পেন্সন লাভ কৰিব। বাস্তৱত যিটো হ'ব সেয়া হ'ল শ্ৰমিকৰ এই কষ্টোপাৰ্জিত সঞ্চয়ৰ ধনেৰে শ্ৰমিক যিমান উপকৃত হ'ব তাতকৈ বহু বেছি লাভান্বিত হ'ব কিছু বীমা কোম্পানী অথবা পেন্সন ফাণ্ড মেনেজাৰ সংস্থা। আয়কৰৰ ক্ষেত্ৰত কিছু ৰেহাই দি সমাজৰ সৰৱ অংশ মধ্যবিত্ত ৰাইজক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিছু পৰিমাণে সন্তুষ্ট কৰাৰ প্ৰয়াস বাজেটত কৰা হৈছে। ইয়াতো আয়কৰৰ হাৰ আৰু শ্লেবৰ কোনো পৰিবৰ্তন হোৱা নাই। কেৱল কিছু পৰিমানে ৰিবেটৰ ব্যৱস্থা কৰা হৈছে।

সি যি কি নহওঁক, মধ্যবিত্ত ৰাইজৰ এতিয়া মুখ্য সমস্যা হৈছে কৰ্মসংস্থাপনৰ অভাৱনীয় সংকট। জাতীয় নমুনা সমীক্ষা সংস্থাৰ প্ৰতিবেদনেই (যিটো চৰকাৰে গাপ দি ৰাখিব বিচাৰিছে) উদঙাই দিছে যে মোডী ৰাজত্বত নিবনুৱাৰ হাৰ যোৱা ৪৫ বছৰৰ ভিতৰত সৰ্বোচ্চ। অথচ বাজেট এই বিষয়টোৰ প্ৰসংগত সম্পূৰ্ণ নীৰৱ। চৰকাৰে যদি ভাবিছে যে প্ৰধানমন্ত্ৰীৰ বাকপটুতা, বাগাড়ম্বৰ আৰু জুমলাবাজীৰে তেওঁলোকে ২০১৯ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'ব পাৰিব তেনেহ'লে মাৰাত্মক ভুল কৰিব। জীৱনৰ অভিজ্ঞতা মানুহৰ আচল শিক্ষক। সেই অভিজ্ঞতাই এতিয়া দেশৰ ৰাইজক দ্ৰুতভাৱে মোহমুক্ত কৰিবলৈ ধৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in