দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে 'ন্যায়' অৰ্থাৎ 'ন্যূনতম আয় যোজনা'ৰ প্ৰতিশ্ৰুতিক সৰ্বাগ্ৰাধিকাৰ দি মঙলবাৰে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰখনত সন্নিৱিষ্ট বিষয়বস্তু তথা ভাষাই যি নতুনত্ব বহন কৰিছে, সি কেৱল দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাই নহয়, দলটোৱে যে হৃত ক্ষমতা পুনৰুদ্ধাৰৰ বাবে জনতাক আকৰ্ষণ ককৰিবলৈ যথেষ্ট বৌদ্ধিক কচৰৎ কৰিছে, সেইটো প্ৰতিফলিত হৈছে। 'ন্যায়' হৈছে দেশৰ ৫ কোটি দৰিদ্ৰ কৃষক পৰিয়ালক বছৰি ৭২ হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি, যাক ৰূপায়ণ কৰিবলৈ হ'লে দেশৰ ৰাজকোষৰ ৩.৬ লাখ কোটি টকা বছৰি ব্যয় কৰিব লাগিব চৰকাৰখনে। এই পৰিমাণ হ'ব দেশৰ বৰ্তমানৰ বাজেটৰ ১৩ শতাংশ, প্ৰতিৰক্ষা বাজেটতকৈও বেছি।
দেখাত অসম্ভৱ যেন লাগিলেও ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্নৰ তথা বিশ্বৰ এগৰাকী প্ৰখ্যাত অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনে এই পৰিকল্পনাৰ ৰূপায়ণ ইচ্ছা কৰিলে সম্ভৱ বুলি ব্যক্ত কৰাত এই 'ন্যায়'ৰ প্ৰতিশ্ৰুতিক কেৱল ভোটৰ বাবে দিয়া তথাকথিত আশ্বাস বুলি ধৰি নলৈ সচেতন মহলে ইয়াক গুৰুত্বসহকাৰে আলোচনা কৰিছে আৰু সাধাৰণ দেশবাসীয়েও দোমোজাৰ মাজতো কিছু আশাৰ ৰেঙনি দেখা পাইছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই নিৰ্বাচনী ইস্তাহাৰখন যুগুত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বই ১২১খন মুকলি আলোচনা সভাৰ উপৰি ৫৩খন ৰুদ্ধদ্ধাৰ বৈঠক অনুষ্ঠিত কৰিছিল, যাতে ইয়াত দেশবাসীৰ আশা-আকাংক্ষা প্ৰতিফলিত হ'ব পাৰে।
লক্ষণীয়ভাৱে ইস্তাহাৰখনক 'কাম', 'দাম', 'শ্বান', 'সু-শাসন', 'স্বাভিমান' আৰু 'সন্মান'- এই ৬টা ভাগত ভাক কৰি 'কাম' দফাত সংস্থাপন আৰু বিকাশ, 'দাম' দফাত দৰিত্ৰ লোকৰ জীৱনৰ মান উন্নয়ন, 'শ্বান' দফাত ভাৰতৰ ক্ষমতা আৰু দক্ষতাৰ গৌৰৱ, 'সুশালন' দফাত দক্ষ প্ৰশাসন, 'স্বাভিমান'ত বঞ্চিতসকলৰ মৰ্যাদা আৰু 'সন্মান' দফাত জনসাধাৰণৰ মৰ্যাদাপূৰ্ণ জীৱন যাত্ৰাৰ বিভিন্ন পৰিকল্পনা সন্নিবিষ্ট কৰা হৈছে। ২২ লাখ চৰকাৰী পদত নিযুক্তিকে ধৰি নিবনুৱাৰ সংস্থাপনৰ এখন বহল পৰিক্ষেত্ৰ মুকলি কৰা, কৃষকৰ বাবে পৃথক বাজেটৰ ব্যৱস্থা কৰা, শিক্ষা শিতানলৈ ৬ শতাংশ বাজেট আৱন্টন, বৰ্তমানৰ ১০০ দিনৰ পৰিৱৰ্তে 'এনেৰাগ'ৰ কৰ্মদিন ১৫০ দিনলৈ বৃদ্ধি, ২০৩০ চনৰ ভিতৰত দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল আৰু দুবছৰৰ ভিতৰত পেট্ৰ'ল-ডিজেলকে ধৰি ইন্ধনক জি এছ টিৰ অধীনলৈ অনাৰ প্ৰতিশ্ৰুতি এই ইস্তাহাৰৰ জৰিয়তে কংগ্ৰেছে জনসাধাৰণক দি নৰেন্দ্ৰ মোডী চৰকাৰখনৰ পৰা ৰাইজে আশা কৰা 'পৰিবৰ্তন'ৰ স্বপ্নক কংগ্ৰেছৰ দিশলৈ ঢাল খুওৱাৰ প্ৰয়াস কৰাটো পৰিলক্ষিত হৈছে।
আনহাতে অসম তথা উত্তৰ-পূবক দলটোৱে এইবাৰ বিশেষ গুৰুত্ব দিয়াটো প্ৰতিপন্ন হৈছে ইস্তাহাৰখনত ১৫ টা দফাৰ সংযোজনৰ দ্বাৰা, যিকেইটাৰ জৰিয়তে অঞ্চলটোৰ অতি স্পৰ্শকাতৰ সমস্যা সমাধানৰ বাবে উদ্যোগ লোৱাৰ কথা কোৱা হৈছে। অসমৰ উপৰি উঃ পূবৰ অন্য ৰাজ্য কেইখনতো প্ৰবল প্ৰতিবাদৰ জোৱাৰ তোলা বহু বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন বাতিলৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছে এইবাৰ মোডী চৰকাৰ তথা সংঘ পৰিয়ালৰ বিৰুদ্ধে স্পষ্ট অৱস্থান গ্ৰহণ কৰি উঃ-পূবৰ খিলঞ্জীয়া লোকৰ কাষত থকা বুলি প্ৰতিপন্ন কৰিব খুজিছে। তদুপৰি দলটোৱে অন্ধ্ৰপ্ৰদেশৰ লগতে উঃ পূবৰ ৰাজ্যসমূহক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ক'লা আইন 'আফস্পা' পৰ্যালোচনা কৰিব বুলি কৈছে।
ইস্তাহাৰত সন্নিৱিষ্ট ১৫ দফীয়া বিশেষ প্ৰতিশ্ৰুতিত অসম তথা উত্তৰ-পূবৰ অনুপ্ৰৱেশ, বান-খহনীয়া আৰু সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত কোনো ভাৰতীয়ৰ নাম বাদ নপৰে বুলি ঘোষণা কৰিছে, কিন্তু অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ অস্তিত্বক সংকটাপন্ন কৰি তোলা অনুপ্ৰৱেশ সমস্যাটো কংগ্ৰেছৰে সৃষ্টি। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰতো দলটোৰ ভূমিকাৰ ইতিহাস অসমবাসীৰ বাবে স্বস্তিৰ নহয়। তদুপৰি তেওঁলোকে এন আৰ চিত সকলো ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ ওপৰত যিদৰে গুৰুত্ব দিছে, নাগৰিকপঞ্জীখনক সম্পূৰ্ণ বিদেশীমুক্ত কৰা হ'ব বুলি স্পষ্টভাৱে ঘোষণা কৰিব পৰা নাই। অৱশ্যে পৰিৱৰ্তিত সময় আৰু পৰিৱৰ্তিত নেতৃত্বই ৰাজনৈতিক দল একোটাৰ ভূমিকা তথা অৱস্থান সলনি কৰিব পাৰে।
যি কি নহওঁক, ইস্তাহাৰখন প্ৰকাশৰ পিচত এটা কথা প্ৰতিপন্ন হৈছে যে ২০১৪চনত ক্ষমতাচ্যুত হোৱাৰ পিচত আৰু দেশৰ জনতাৰ মাজত ৰাজনৈতিক দলবোৰৰ 'সততা' আৰু 'শঠতা' দিশবিলাক সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ হ'বলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দেশবাসীৰ সমস্যাবোৰৰ গভীৰলৈ সোমোৱাৰ পদক্ষেপ ল'বলৈ বাধ্য হৈছে। কংগ্ৰেছৰ এইবাৰৰ ইস্তাহাৰখনে ভোটদানৰ ক্ষেত্ৰত কি প্ৰভাৱ পেলাব, সেইটো পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যদিও ভৱিষ্যতৰ ৰাজনীতিৰ মূল্যায়নৰ বাবে ই অন্যতম আধাৰ তথা আহিলা হৈ থাকিব।