বিৰল ক্ৰীড়া প্ৰতিভা

বিৰল ক্ৰীড়া প্ৰতিভা

সপোন আছিল এগৰাকী কুস্তিবিদ হোৱাৰ। সংকল্প লৈছিল দেশৰ হৈ খেলি অলিম্পিক পদক অৰ্জনৰ। আজি সেই সপোন সাকাৰ হ'ল হাৰিয়ানাৰ সুমিত আণ্টিলৰ। পিচে কুস্তিত নহয়, পদক আৰ্জিলে জেভলিন নিক্ষেপত, মূল অলিম্পিকতো নহয়, সন্মানিত হ'ল পেৰা অলিম্পিকত।

পিচে কোনো খেদ নাই সুমিতৰ। সপোনৰ ৰূপ সলনি হ'লেও নিজৰ প্ৰতিভা প্ৰমাণত ব্যৰ্থ হোৱা নাই সুমিত আণ্টিল। টকিঅ' পেৰা অলিম্পিকত বিশ্ব অভিলেখ গঢ়ি সুমিতে দেশলৈ আনিছে সোণ। দেশবাসীক বিমোহিত-গৌৰৱান্বিত কৰি তোলাৰ এই কৃতিত্ব কিন্তু সুমিতে আয়াসতে অৰ্জন কৰা নাই।

এদিন সন্ধিয়া কুস্তি প্ৰশিক্ষণ শিবিৰৰ পৰা ঘৰলৈ ওভতা পথত ভয়াৱহ বাইক দুৰ্ঘটনাত পতিত হ'বলগা হৈছিল সুমিত। সেয়া ২০১৫ চনৰ কথা। পৰিণতিত হেৰুৱাবলগা হৈছিল বাওঁ ভৰিখন। ১৭ বছৰ বয়সতে এনে কৰুণ দুৰ্যোগৰ মুখামুখি হ'বলগা হোৱা সুমিতে নিজক নিৰ্মাণ কৰি উলিয়াইছে নতুনকৈ। ছাই-ভস্মৰ মাজৰ পৰা যিদৰে কিংবদন্তিৰ ফিনিক্স পখীয়ে পুনৰ জীৱন ধাৰণ কৰিছিল, তেনেদৰেই কৃত্ৰিম ভৰিৰে ভৰ দি আকৌ মূৰ তুলি থিয় হৈছিল সুমিত।

প্ৰস্থেটিক ভৰিৰেই তেওঁ জীৱনৰ সাৰ্থকতাক শিখৰ উচ্চতালৈ উত্তৰণ ঘটালে। কোটি কোটি সবল-সক্ষম ভাৰতীয় মানুহৰ মাজৰ পৰা বিশ্ব মঞ্চলৈ ওলাই আহি উজলাই তুলিলে নিজক। উজলাই তুলিলে দেশকো। প্ৰবল আত্মবিশ্বাস, নিৰলস শ্ৰম আৰু একাগ্ৰতাৰে সুমিতে যি বিৰল কৃতিত্ব প্ৰদৰ্শন কৰিল, সেয়া কোনো মামুলি কথা নহয়। এয়াটো জীৱনৰে বন্দনা।

সুমিতে প্ৰমাণ কৰি দেখুৱালে সীমাবদ্ধতা বুলি হয়তো একো কথাই নাই, কোনো বিপৰ্যয়ে মানুহৰ গতি ৰোধ কৰিব নোৱাৰে। এনেদৰেই তেওঁ আমাৰ ওচৰত তুলি ধৰিছে মানুহৰ মাজত নিহত হৈ থকা অফুৰন্ত ক্ষমতাক।উদাহৰণ কেৱল সুমিতেই নহয়, এইবাৰ ভাৰতৰ হৈ কেইবাগৰাকী খেলুৱৈয়ে নিজৰ নিজৰ বিৰল ক্ৰীড়া ক্ষমতাৰ প্ৰমাণ দিছে।

চৈধ্য বছৰ বয়সতে গাড়ী দুৰ্ঘটনাত মেৰুদণ্ডত আঘাত পাই থিয় হোৱাৰ ক্ষমতা হেৰুৱালেও হেৰাই যাব খোজা নাছিল অৱনী লেখাৰা। যিদিনা চিকিৎসকৰ মুখেৰে ভৱিষ্যতৰ কথা জানিবলৈ পাইছিল, সেই দিনাই থিয় কৰাই লৈছিল নিজৰ মনটোক। হুইল চেয়াৰত বহি ঊনৈশ বছৰীয়া লেখাৰাই টকিঅ'ত জিনিছে সোণৰ পদক।

কোৱা হয়তো বাহুল্য যে পেৰা অলিম্পিকত অংশ লোৱা প্ৰতিজন খেলুৱৈৰে আছে জীৱনৰ পুনৰুত্থানৰ অবিশ্বাস্য কাহিনী। সেই কাহিনী দুখদ, কিন্তু ৰোমাঞ্চকৰ আৰু প্ৰেৰণাদয়ক। য'ত জীৱনটোক যতি পৰিব খুজিছিল, নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছিল সমস্ত সম্ভাৱনাৰ, ঠিক তাৰ পৰাই নৱ উন্মেষ ঘটিছে এইসকল বিৰল প্ৰতিভাৰ ক্ৰীড়াবিদৰ জীৱনৰ।

আচম্বিত বিপৰ্যয়ে হয়তো কাৰোবাৰ হাত কাঢ়ি নিছে, কাৰোবাৰ ভৰি, কাৰোবাৰ হয়তো দুচকুৰ দৃষ্টি। সেইবুলি তেওঁলোক থমকি ৰোৱা নাই। বৰং সুস্থ-সাৱলীলজনৰ দৈহিক ক্ষমতাকো চেৰ পেলাই প্ৰমাণ কৰিছে তেওঁলোকৰ দেহ-মনৰ বিৰল শক্তিমত্তা। যদি আমি তেওঁলোকৰ ক্ৰীড়া খতিয়ানসমূহলৈ চাওঁ, দিখম অবিশ্বাস্য কীৰ্তি। এইবাৰ মাৰ্কিন এথলীট ডেভিড ব্ৰাউনে টকিঅ' পেৰা অলিম্পিকত ১০.৯২ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সমাপ্ত কৰি এগৰাকী দ্ৰুততম দৌৰবিদত পৰিণত হৈছে।

শৈশৱতে কাৱাছাকি নামৰ এক বিৰল জটিল ৰোগত আক্ৰান্ত হৈ ডেভিডে হেৰুৱাই পেলাইছিল দুয়ো চকুৰ দৃষ্টি শক্তি। দৃষ্টিহীন চকুহালেৰে বা কৃত্ৰিম দুভৰিৰে এজনে যেতিয়া সঠিক লক্ষ্য লৈ ধুমুহাৰ গতিত দৌৰিব অথবা দুহাতবিহীন এজনে যেতিয়া দুৰন্ত মৎস্যৰ দৰে সাঁতুৰিব, দুই ভৰিবিহীন ভাৰোত্তোলক এজনে তুলি ধৰিব বিশাল ভাৰ নতুবা মুখেৰে কামুৰি ধৰা টেনিছ ৰেকেটখনেৰে যেতিয়া প্ৰদৰ্শন কৰিব বিৰল ক্ৰীড়া সক্ষমতা, সেয়া জানো আমাৰ বাবে জীৱনবোধৰ প্ৰেৰণাময় নতুন শিকনি নহয়?

পিচে পেৰা অলিম্পিক বুলিলে আমাৰ প্ৰচাৰ মাধ্যমত বৰকৈ চৰ্চা নাই। সাধাৰণ মানুহৰো নাই বিশেষ আগ্ৰহ-আকৰ্ষণ। যদিও এই ক্ৰীড়া অনুষ্ঠানটোৰ জন্ম হৈছিল দ্বিতীয় বিশ্বযুদ্ধত আহত আৰু পংগু ব্ৰিটিছ সৈন্যসকলৰ মনোৰঞ্জনৰ বাবে, আজি এক বৃহৎ আন্তৰ্জাতিক ক্ৰীড়া অনুষ্ঠানৰূপে স্বীকৃত হৈ পৰা পেৰা অলিম্পিক কেৱল মনোৰঞ্জনৰে প্ৰতীক নহয়, ইয়াৰ মাজেৰে মানৱীয় শক্তি-সামৰ্থ্যৰ অতুলনীয় আৰু প্ৰেৰণাদায়ক দৃষ্টান্তসমূহো আমি প্ৰত্যক্ষ কৰিবলৈ পাওঁ।

পিচে আমাৰ দেশত কথাবোৰ ওলোটা। শাৰীৰিক সীমাবদ্ধতাক অতিক্ৰম কৰি অতি মানৱীয় কীৰ্তি প্ৰদৰ্শন কৰিলেও ক্ৰীড়াবিদৰ প্ৰতিভাক বিচাৰ কৰিব খোজা সহানুভূতিৰে। দুখৰ কথা, তেনে খেলুৱৈক পৃষ্ঠপোষকতা কৰিবলৈকো আগবাঢ়ি নাহে কোনো। বজাৰ অৰ্থনীতিৰ পৃথিৱীত তেওঁলোকৰ প্ৰতিভাৰ দাম নাই বাবে স্পনছ'ৰো পাবলৈ নাই। এইবাৰ টকিঅ' অলিম্পিকত কেইবাগৰাকীও বিশেষভাৱে সক্ষম ভাৰতীয় খেলুৱৈয়ে পদক অৰ্জন কৰিছে।সৰহভাগেই সফলতা লাভ কৰিছে নিজৰ অক্লান্ত চেষ্টা আৰু অদম্য মনোবলেৰে।

এইবাৰ ডিছকাছ নিক্ষেপণত ৰূপৰ পদক অৰ্জন কৰা ২৪ বছৰ বয়সীয়া যোগেশ কাথুনিয়াৰ কথাকে ধৰা হওক। অলিম্পিকৰ ফাইনেল খেলত অংশ লোৱা মুহূৰ্তলৈ যোৱা ১৮ মাহে কোনো প্ৰশিক্ষণ নোহোৱাকৈ নিজে নিজে অনুশীলন কৰিবলগা হৈছে। প্ৰশিক্ষক অবিহনেই ৰূপ জিকিছে যোগেশে। যিখন দেশক বিশ্বৰ মঞ্চত সন্মানিত কৰা হৈছে, সেইখন দেশে যদি খেলুৱৈগৰাকীক এগৰাকী প্ৰশিক্ষকৰো যোগাৰ দিব নোৱাৰে, তাতকৈ আক্ষেপৰ কথা কি হ'ব পাৰে।

যি দেশত চৰকাৰী পৃষ্ঠপোষকতা পাবলৈ খেলুৱৈগৰাকীয়ে প্ৰথমে পদক অৰ্জন কৰি যোগ্যতাৰ প্ৰমাণ দিব লাগে, তেনে দেশত ক্ৰীড়া ক্ষেত্ৰৰ আচল ছবিখননো কি সহজেই অনুমেয়। যি নহওক, আশা কৰিছো এইবাৰ নিশ্চয় পৰিবেশ সলনি হ'ব। সুমিত, অৱনী বা যোগেশৰ দৰে বিৰল ক্ৰীড়া প্ৰতিভাসকলৰ কৃতিত্বই আমাক সকলোকে নিশ্চয় ইতিবাচক হ'বলৈ শিকনি দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in