ইউৰোপত মোডী

ইউৰোপত মোডী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সাম্প্ৰতিক তিনিদিনীয়া ইউৰোপ ভ্রমণে কেৱল দেশতে নহয়, বিশ্বতো গুৰুত্ব লাভ কৰিছে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত। প্রায় আঢ়ৈ মাহ ধৰি চলি থকা যুদ্ধখনত বহু বাহিনীৰ শক্তিশালী ক্ষেপণাস্ত্র, গোলা-বাৰুদৰ আঘাতত সমগ্ৰ ইউক্রেইন ক্ষত-বিক্ষত হৈ গৈছে, কিছুমান অঞ্চল ধ্বংসস্তূপত পৰিণত হৈছে যদিও যুদ্ধখনৰ শেষ হ'ব কেতিয়া, ইয়াৰ পৰিণতি কি সেয়া এতিয়াও ধৰিব পৰা হোৱা নাই। যুদ্ধখন দীঘলীয়া হৈ গৈ থকাৰ লগে লগে বিশ্ববাসীর উদ্বেগৰ মাত্ৰাও বাঢ়ি গৈ আছে।

ইফালে পোনপটীয়াকৈ যুঁজত নানামিও ইউক্রেইনক অস্ত্র-শস্ত্রসহ অন্যান্য বিভিন্নধৰণে সহায় সহযোগিতা কৰি থকা পশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ বিৰুদ্ধেও কালক্ৰমত অস্ত্ৰ প্ৰয়োগ কৰা হ'ব পাৰে বুলি ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দিয়া হুংকাৰৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ ৰূপ অদূৰ ভৱিষ্যতে বদলিব পাৰে বা মূৰকত গৈ এখন বিশ্বযুদ্ধৰ সৃষ্টি হ'বগৈ পাৰে বুলিও আশংকাৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত মোডীৰ ইউৰোপ ভ্ৰমণ তাৎপর্যপূর্ণ।

ইতিমধ্যে জার্মানীত চেন্সেলৰ অ'লাফ ছ'ল্‌জৰ লগত আমাৰ প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপত প্ৰত্যাশিতভাৱেই উক্ত যুদ্ধৰ প্ৰসংগ উত্থাপন হৈছে আৰু যিকোনো দেশৰ সীমা হিংসাৰে সলনি কৰাৰ বিৰোধিতা কৰাৰ লগতে প্রধানমন্ত্রী মোডীয়ে দেশবিলাকৰ অখণ্ডতা আৰু সার্বভৌমত্বক সমগ্র বিশ্বই স্বীকাৰ কৰি লোৱাৰ পোষকতা কৰা বুলি জার্মান চেন্সেলৰগৰাকীয়ে প্ৰকাশ কৰিছে। মোডীৰ এই যাত্ৰাত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰাৰ লগতে ডেনমার্ক-আইচলেণ্ড-ফিনলেণ্ড-ছুইডেন-নৰৱে'ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে ভাৰত-নৰ্ডিক সন্মিলনত অংশগ্রহণো সূচীভুক্ত হৈ আছে।

উল্লেখযোগ্য যে কৃষ্ণ সাগৰীয় যুদ্ধখনত জাৰ্মানীয়ে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আনহাতে ভাৰত প্ৰতিৰক্ষা সামগ্ৰীৰ ক্ষেত্ৰত ৰাছিয়াৰ ওপৰত প্রধানতঃ নিৰ্ভৰশীল। তদুপৰি ভাৰতৰ ৰাছিয়াৰ ক্ষেত্ৰত আছে অন্য কিছুমান বাণিজ্যিক বিষয় সম্পর্কীয় দুর্বলতা, যাৰ বাবে ভাৰতে যুদ্ধখনত এতিয়ালৈকে ৰাছিয়াৰ আক্ৰমণক মুকলিকৈ বিৰোধিতা কৰিব পৰা নাই। ৰাষ্ট্ৰসংঘত যুদ্ধ বিষয়ক একাধিকবাৰ হোৱা ভোটাভোটিত নিৰপেক্ষ অৱস্থানৰ নামত ভোটদানৰ পৰা বিৰত হৈ আহিছে আমাৰ দেশ। যাৰ বাবে পশ্চিমীয়া দেশবিলাকে ভাৰতে প্ৰকাৰান্তৰে ৰাছিয়াক সহায় কৰা বুলি অভিযোগ তুলি আহিছে। কিন্তু সাম্প্রতিক বিশ্ব ব্যৱস্থাটো ইমান পৰস্পৰ নিৰ্ভৰশীল যে এখনক ধৰি আন এখনক এৰি আগবাঢ়ি যোৱাটোও জটিল।

ৰাছিয়াৰ ক্ষেত্ৰত দুর্বলতা বা কিছু বাধ্যবাধকতা আছে ঠিকেই, সেইবুলি আমেৰিকা অথবা ইউৰোপক এৰিও চলিব নোৱাৰে ভাৰতে, কাৰণ ৰাছিয়াক পোনপটীয়াকৈ বিৰোধিতা কৰা পশ্চিমীয়া প্ৰায়বোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ আছে সামৰিক, বাণিজ্যিক তথা শৈক্ষিক-সামাজিক সহযোগিতাৰ চুক্তি। গতিকে দুয়োপক্ষৰ মাজত সমতুল অৱস্থা এটা বৰ্তাই ৰখাৰকূটনৈতিক কৌশল অবলম্বনৰ বাদে ভাৰতৰ গত্যন্তৰ নাই। প্রধানমন্ত্রী মোডীৰ সাম্প্ৰতিক ইউৰোপ ভ্রমণত সেই কৌশলৰে প্রতিফলন দেখা গৈছে জার্মান চেন্সেলৰগৰাকীৰে আলোচনা কালত।

নাম উল্লেখ নকৰিও মোডীয়ে বিৰোধিতা কৰিছে ৰাছিয়াৰ হিংসাত্মক আগ্রাসনক, ইউক্রেইনৰ অখণ্ডতা সার্বভৌমত্বক বিনষ্ট কৰিব খোজা প্রৱণতাক। ইফালে পশ্চিমীয়া দেশবোৰে ৰুছ-ইউক্রেইন যুদ্ধৰ ক্ষেত্ৰত ভাৰতে লোৱা 'নিৰপেক্ষ' স্থিতিক সমালোচনা কৰিলেও আন্তর্জাতিক বিভিন্ন বিষয়ত ভাৰতৰ ভূমিকাৰ অপৰিহাৰ্যতাকো অস্বীকাৰ কৰিব পৰা নাই।

বিশ্বযুদ্ধ এখন এতিয়া কোনেও নিবিচাৰে, তেহেলৈ যিমানে প্রতাপী, প্রতিপত্তিশীল ৰাষ্ট্ৰ নহওক কিয়। কিন্তু কিবা কাৰণত যদি বিশ্বযুদ্ধ হৈ যায়, তেন্তে পশ্চিমীয়া দেশবোৰৰ বাবে ভাৰতৰ সমৰ্থন জৰুৰী হৈ পৰিব। গতিকে ভাৰতৰ কৌশলৰ সমানে সমানে পশ্চিমীয়া দেশবোৰেও ভাৰতৰ লগত সম্পৰ্কৰ সমতুলতা বৰ্তাই ৰখাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

আমেৰিকাসহ ৭ খন শক্তিশালী ৰাষ্ট্ৰৰ মঞ্চ গ্রুপ ৭ (জি ৭)ৰ বৰ্তমান অধ্যক্ষৰ দায়িত্বত আছে জার্মানীৰ চেন্সেলৰগৰাকী। সোমবাৰৰ বৈঠকত তেওঁ ভাৰতক 'জি ৭' সন্মিলনৰ আমন্ত্রিত সদস্যৰূপে ৰখাৰ সিদ্ধান্ত ঘোষণা কৰি উক্ত ৰাষ্ট্ৰকেইখনৰ একে শাৰীত স্থান দিছে ভাৰতক। যোৱা ২২ এপ্রিলত ব্ৰিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ভাৰত ভ্রমণ কৰি যোৱাটোও এই দিশত এক তাৎপর্যপূর্ণ ঘটনাক্রম।

অহা দিনবোৰত পোলেণ্ড, লিথুৱানিয়া, শ্ল'ভেনিয়া, পৰ্টুগাল, নেদাৰলেণ্ড, নৰৱে' আৰু লাক্সেমবার্গৰ বৈদেশিক মন্ত্ৰীসকলেও ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৰুছ-ইউক্রেইন যুদ্ধৰ বিষয়ে আলোচনা কৰাৰ লক্ষ্যৰেই। অহাৰ সম্ভাৱনা আছে আর্জেন্টিনা, আর্মেনিয়া, গায়ানা, নাইজেৰিয়া, মাডাগাস্কাৰ, ফিলিপাইন্‌ছৰ বৈদেশিক মন্ত্ৰীও। মোডীৰ ইউৰোপ ভ্ৰমণৰ লগতে ভাৰতৰ অন্য গুৰুত্বপূৰ্ণ নেতাৰ বিদেশ ভ্রমণ তথা বিদেশৰ নেতাৰ এই দিনকেইটাত ভাৰত আগমন, এওঁলোকৰ দ্বিপাক্ষিক আৰু বহুপাক্ষিক আলোচনাবোৰ গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ সৈতে সম্পর্কিত বিশ্বৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in