দেশপ্ৰেমৰ বেহা

দেশপ্ৰেমৰ বেহা

ছাৰ্জিকেল ষ্ট্ৰাইকক কেন্দ্ৰ কৰি ভাৰত-পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে একাংশ সংবাদ মাধ্ম, বিশেষকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেলৰ ঘোষকে টিভিৰ পৰ্দাত যিদৰে যুদ্ধ আৰম্ভ কৰি দিছিল, সেয়া দৰাচলতে দেশপ্ৰেম নে যুদ্ধ উন্মাদনাৰ সৃষ্টিৰ অপচেষ্টা আছিল, সেই কথা ক্ৰমান্বয়ে স্পষ্ট হ'ব ধৰিছে। দেশপ্ৰেমক পৰ্যায়ক্ৰমে নিৰ্বাচনী ৰাজনীতিলৈ পৰ্যবলিত কৰা শাসক পক্ষই এতিয়ালৈকে ছাৰ্জিকেল ষ্ট্ৰাইকৰ বিষয়ে বহু কথাই স্পষ্ট কৰা নাই।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিন আগতে তামিলনাডুৰ এখন দলীয় সভাত ঘোষণা কৰিছে যে পাকিস্তানৰ বিৰুদ্ধে হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকে দেশৰ সেনাবাহিনীক শক্তিশালী কৰিছে আৰু দেশবাসীকো ঐক্যবদ্ধ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে নিঃসংকোচ এই কথাও ক'বলৈ পাহৰা নাই যে তেওঁৰ বিৰুদ্ধে ঘৃণাৰ বাতাৱৰণ বিয়পাই দিয়া একাংশ বিৰোধী দলে দেশকো ঘৃণা কৰিবলৈ লৈছে। অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে আওপাকেদি এই কথাকে ক'ব বিচাৰিছে যে চৰকাৰে পাক সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা ব্যৱস্থাক লৈ প্ৰশ্ন কৰাই মানেই হ'ল দেশপ্ৰেমক আঘাত কৰা।

কিন্তু বাস্তৱিকতে পুলৱামাৰ নৃশংস আক্ৰমণৰ পিচমুহূৰ্ততে কংগ্ৰেছকে ধৰি অন্য বিৰোধী দলবোৰে সন্ত্ৰাসবাদৰ বিপক্ষে একত্ৰিত হৈ চৰকাৰক পূৰ্ণ সমৰ্থনহে জনাইছিল। আনকি ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিচতো বিৰোধীয়ে বৈঠক অনুষ্ঠিত কৰি সেই কথাই দোহাৰিছিল। অথচ প্ৰধানমন্ত্ৰী মোডীকে ধৰি শাসকপক্ষৰ একাংশ শীৰ্ষ নেতাইহে সেই সময়ছোৱাতো আনকি দলীয় কাৰ্যসূীচীবোৰত অংশ লৈছিল আৰু নিৰ্বাচনকেন্দ্ৰিক প্ৰচাৰ চলাইছিল। কৰ্ণাটকৰ বিজেপিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীজনে মন্তব্য কৰিছিল যে ছাৰ্জিকেল ষ্ট্ৰাইকে ৰাজ্যখনৰ বিজেপিৰ লোকসভা নিৰ্বাচনী ফলাফল ভাল কৰিব। কেৱল এয়াই নহয়, শাসকপক্ষই অতি কৌশলপূৰ্ণভাৱে ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ সদৃশ পৰিস্থিতিয়ে দেশবাসীৰ মাজত সৃষ্টি কৰা দেশপ্ৰেমক দলৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লৈছে।

বিভিন্ন প্ৰান্তত দলীয় প্ৰচাৰৰ বাবে তৈয়াৰী হৰ্ডিং আদিত প্ৰধানমন্ত্ৰী মোডী, অধ্যক্ষ অমিত শ্বাহৰ ফটোৰ কাষত ছাৰ্জিকেল ষ্ট্ৰাইকৰ ছবি প্ৰকাশ কৰা হৈছে। সেইবাবেই বিৰোধীয়ে অভিযোগ আনিছে যে ছবিহ বীৰসকলৰ বলিদানক লৈও শাসকে ৰাজনীতি কৰিবলৈ লৈছে। সদ্যহতে প্ৰধানমন্ত্ৰী মোডীয়ে ২০০৪-২০১৪ চনলৈ দেশত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ নিদিয়াৰ বাবে পূৰ্বৰ ইউ পি এ চৰকাৰক সমালোচনা কৰিছিে। তাৎপৰ্যপূৰ্ণভাৱে সেই সময়ছোৱাত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে সেনাবাহিনীক ছাৰ্জিকেল ষ্ট্ৰাইক নকৰিবলৈ বাধা প্ৰদান কৰিছিল বুলিও অভিযোগ অনা হৈছে।

গতিকে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক এই বাৰ্তাই দিব বিচাৰিছে যে বিৰোধীৰ হাতত দেশ নিৰাপদ নহয় আৰু বিজেপিৰ পুনৰ ক্ষমতালৈ আহিলেহে ভাৰতবৰ্ষ সুৰক্ষিত থাকিব! কিন্তু কথাবোৰ তেনেকুৱা হ'ব নোৱাৰে। পূৰ্বৰ ইউ পি এ চৰকাৰে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু প্ৰতিৰক্ষাৰ বিষয়টোক লৈ আপোচ কৰাৰ কোনো নিৰ্ভৰযোগ্য প্ৰমাণ প্ৰধানমন্ত্ৰীয়ে দিব নোৱাৰে। ইউ পি এৰ আমোলত চৰকাৰে ভাৰীতয় সেনাৰ মনোবল ভাঙি পেলাইছিল। বা ইচ্ছা কৰিয়েই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ আগত যিটো ধাৰণাৰ সৃষ্টি কৰিব বিচাৰিছে, সেয়া একেবাৰেই গৰিহণাৰ যোগ্য বিষয়।

আচলতে এইবোৰ পৰিস্থিতি সাপেক্ষে বিষয়। অৱশ্যে সেইবুলি জনসাধাৰণৰ প্ৰশ্ন কৰাৰ অধিকাৰকো কোনেও খৰ্ব কৰিব নোৱাৰে। সেইদৰে দেশৰ নিৰাপত্তাৰ প্ৰশ্নতো কোনোধৰণৰ আপোচ হোৱা অনুচিত। সেনা বাহিনীয়ে কঠিন প্ৰত্যাহ্বানক নেওচি সম্পন্ন কৰা ছাৰ্জিকেল ষ্ট্ৰাইকৰ কৃতিত্ব যি চৰকাৰে ল'ব বিচাৰিছে, সেই চৰকাৰে পুলৱামাৰ নৃশংস আক্ৰমণৰ আঁৰৰ কাৰণবোৰো ফঁহিয়াই চাব লাগিব। কথা হ'ল- ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিচতো কাশ্মীৰ সীমান্তত শত্ৰুপক্ষৰ গোলাবৰ্ষণ চলিয়েই আছে।

আনকি বায়ুসেনা বাহিনীৰ বীৰ জোৱান অভিনন্দনৰ মুক্তিৰ দিনাও সীমান্তত আমাৰ জোৱান মৃত্যুমুখত পৰিছিল। আন্তঃৰাষ্ট্ৰীয় হেঁচাত পৰি পাকিস্তানে আজি দুখোজ পিচুৱাইছে যদিও এই সমস্যাৰ স্থায়ী সমাধান এতিয়াও সুদূৰ পৰাহত। সেয়েহে সকলোৱে বিচাৰিছে লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত যাতে যুদ্ধৰ নাম লৈ কোনো পক্ষই নিৰ্বাচনী ৰাজনীতি কৰিব নোৱাৰে,  সেই কথা নিশ্চিত কৰা হওঁক। এইক্ষেত্ৰত শাসকপক্ষই সততাৰ পৰিচয় দিলেহে বিৰোধীও সংযত হ'ব। নিৰ্বাচনী প্ৰচাৰ সভাবোৰত যুদ্ধ, দেশপ্ৰেম আদি বিষয় উত্থাপন কৰাৰ সলনি জনসাধাৰণক জুৰুলা কৰা আৰ্থ-সামাজিক সমস্যাবোৰকহে প্ৰাধান্য দিয়া উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in