আঞ্চলিকতাবাদৰ ভৱিষ্যৎ (২)

আঞ্চলিকতাবাদৰ ভৱিষ্যৎ (২)

অসম গণ পৰিষদৰ সাম্প্ৰতিক নিৰ্বাচনী ব্যৰ্থতাক লৈ অসমৰ সচেতন মহল চিন্তিত। কিন্তু দলটোৰ নেতৃত্ব নহয়। অগপৰ শীৰ্ষ নেতৃবৰ্গই অলপতে ঘোষণা কৰিছে যে তেওঁলোকে লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰি উপযুক্ত সময়ত সঠিক সিদ্ধান্ত লৈছিল, যাৰ ফলস্বৰূপে ৰাজ্যসভাৰ আসনখনো দলটোৱে লাভ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ক্ষমতাকেন্দ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ অগপ নেতৃত্বই এনেদৰে আত্মসন্তুষ্টি লভিছে যে তেওঁলোকে ৰাজনৈতিক বাস্তৱতাকো উপলব্ধি কৰিবলৈ ৰাজী নহয়।

এনে পৰিস্থিতিত দলটোৰ নেতৃত্বক সমালোচনা কৰাসকলকহে ভৱিষ্যতে আঞ্চলিকতাবাদৰ শত্ৰু হিচাপে চিহ্নিত কৰা হ'ব পাৰে! কিন্তু সেইবুলিয়েই প্ৰকৃত সত্যক অস্বীকাৰ কৰা নাযায়। আমাৰ কথা হ'ল- সৰ্বভাৰতীয় ৰাজনীতিৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাপন্ন হৈ অগপ নেতৃত্বই আঞ্চলিক ৰাজনীতিৰ মূল লক্ষ্যৰ পৰা আঁতৰি আহিবলৈ লৈছে। তাৰ অৰ্থ এইটো নহয় যে ৰাষ্ট্ৰীয় দলৰ সৈতে নিৰ্বাচনী বুজাবুজি বা একেলগে চৰকাৰ গঠন কৰিলেই অগপৰ আঞ্চলিকতাবাদ নাথাকিব।

আচলতে দলটোৱে যিদৰে সকলোধৰণৰ জাতীয় স্বাৰ্থ পৰিত্যাগ কৰিব ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিক সাবটি ধৰিছে সেয়া কোনোপধ্যে ভাল লক্ষণ নহয়। তাৰ দ্বাৰা দুই-এগৰাকী নেতা ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ পূৰণ হ'ব পাৰে। কিন্তু অসমৰ জনসাধাৰণৰ আঞ্চলিকতাবাদ সুৰক্ষিত নহ'ব। এইদৰে দলটোৱে আৰু বিশ বছৰ কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতা অংশীদাৰ হৈ থাকিলেও অসমৰ জ্বলন্ত সমস্যাৰাজিৰ সমাধানৰ ৰাজনৈতিক পথ প্ৰশস্ত নহ'ব, যদিহে অগপ নেতৃত্বৰ মানসিকতাত জাতীয়তাবাদী চিন্তাৰ উন্মেষ নঘটে।

এইক্ষেত্ৰত দেশৰ অন্য প্ৰান্তৰ জাতীয়তাবাদী তথা আঞ্চলিক শক্তিবোৰৰ উত্থান-পতনৰ ইতিহাস অগপ নেতৃত্বই ভালদৰে চালি-জাৰি চাব লাগিব। তামিল তেলেগু, মাৰাঠী অথবা বাঙালীৰ দৰে শক্তিশালী জাতি সত্তাবোৰ স্বৰাজোত্তৰ কাল ধৰি কিদৰে নিজ নিজ জাতীয় স্থিতিত শক্তিশালী ৰূপত অৱতীৰ্ণ হৈ থাকিও সামগ্ৰিকভাৱে ভাৰতীয় মূল ধাৰাৰ লগত চামিল হৈ পৰিছে, সেই কথা অসমীয়া জাতীয়তাবাদৰ পৃষ্ঠপোষকতা কৰা সকলে অনুধাৱন কৰিব লাগিব।

আজিৰ এই পৰিৱৰ্তিত পৰিস্থিতিতো তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ দৰে ৰাজ্যত সৰ্বভাৰতীয় আগ্ৰাসী ৰাজনীতিৰ কোবাল সোঁতে আঞ্চলিকতাবাদত আঘাত হানিবলৈ সক্ষম হোৱা নাই। এইবোৰ ৰাজ্যৰ জাতীয়তাবাদ ইমানেই শক্তিশালী যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ হিন্দী-হিন্দুবাদী ৰাজনীতি আৰু কেন্দ্ৰীভূত শাসন ব্যৱস্থাই তাৰ ওচৰত নতি স্বীকাৰ কৰিবলগাত পৰিছে।

ইফালে, বিহাৰ, উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক শক্তিৰ নেতৃত্বই আকৌ জনসম্পৰ্কহীন ৰাজনীতিৰ বাবে সামাজিক ভিত্তি হেৰুৱাবলগাতো পৰিছে। আজি মায়াৱতীৰ দৰে নেত্ৰীৰ বিলাসিতা, অৰ্থনৈতিক উত্থানৰ ধামখুমীয়াত উত্তৰপ্ৰদেশৰ নিষ্পেষিত, দলিতৰ সামাজিক চৰিত্ৰ হেৰাই যাবলৈ ধৰিছে। শ্ৰেণীগত অৱস্থানৰ পৰাই মায়াৱতীক সাধাৰণ দলিত সমাজে অস্বীকাৰ কৰা পৰিস্থিত এটা আহি পৰিছে।

আঞ্চলিকতাবাদী ৰাজনীতিৰ ইও এক কৰুণ অথচ স্বাভাৱিক পৰিণতি। সেয়েহে অসমৰ অৱহেলিত জাতি-জনগোষ্ঠীৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত অগপৰ দৰে আঞ্চলিক দলৰ নেতৃত্বৰ কৰণীয় বহু আছে। যেতিয়ালৈকে অগপই থলুৱা জাতি সত্তাবোৰৰ মনৰ ভাষা উপলব্ধি নকৰিব, তেতিয়ালৈকে দলটোৰ আঞ্চলিক ৰাজনীতিয়ে সঠিক পথত অগ্ৰসৰ হ'ব নোৱাৰিব। অবৈধ বিদেশী নাগৰিকৰ সমস্যা, অসম চুক্তি, বৃহৎ নদীবান্ধ, বান-খহনীয়া, বিশেষ ৰাজ্যৰ মৰ্যাদা, জনসাধাৰণৰ ভাষিক-সংস্কৃতিক সুৰক্ষা আদি ইছ্যুবোৰক অগপই যিমানেই এৰাই চলিব, সিমানেই দলটোৱে জাতীয়তাবাদী চৰিত্ৰ হেৰুৱাব।

আমি পূৰ্বেও উনুকিয়াই আহিছো যে ৰাষ্ট্ৰীয় ৰাজনীতিৰ উত্তাল ঢৌত ইতিমধ্যে অগপৰ সামাজিক ভেটি উছন হওঁ হওঁ অৱস্থা পাইছেগৈ। তথাপি এনে অজস্ৰ নেতিবাচকতাৰ মাজতো দেশৰ বিকাশ-উন্নয়নৰ মূল সুঁতিত অসমক চামি নকৰালৈকে ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰাসংগিকতা থাকিব। অগপ নেতৃত্বই যদিহে সময়ৰ আহ্বানক বুজিবলৈ সমৰ্থ নহয়, তেন্তে নেতৃত্বই যদিহে সময়ৰ আহ্বানক বুজিবলৈ সমৰ্থ নহয়, তেন্তে আঞ্চলিকতাবাদৰ ভৱিষ্যতক লৈ উৎসাহীসকলে বিকল্পৰ সন্ধানো কৰিব। ইয়াৰ গত্যন্তৰ নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in