ৰাজনৈতিক বিষবাষ্প

ৰাজনৈতিক বিষবাষ্প

সংঘাত-সমস্যাৰ, শংকা-উদ্বেগৰ বহু দুঃসময় অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছেহি অসমে। নিশ্চিতভাৱে বহু সুখদায়ক ইতিহাসেৰে সমৃদ্ধ হ'লেও দুঃসময়ৰ অভিজ্ঞতাবিলাকে অসমৰ সামাজিক পৰিৱেশক এনে এক মাত্ৰা প্ৰদান কৰিছে, যাৰ বিশেষত্ব তথা অতুলনীয় চৰিত্ৰ সম্প্ৰতি অগ্নিগৰ্ভ ৰাজ্যখনৰ জনসাধাৰণে বুজি উঠিছে যে নাগৰিকত্ব আইন সংশোধনৰ নাম লৈ কেন্দ্ৰীয় চৰকাৰে চক্ৰান্ত মূলক ৰাজনীতি যি পাশাখেল আৰম্ভ কৰিছে, তাৰ অন্তৰালৰ উদ্দেশ্যেই হৈছে দেশৰ জনসাধাৰণৰ মাজত ধৰ্মীয় মেৰুকৰণ।

হিন্দুত্ববাদী দৃষ্টিভংগীৰ সম্প্ৰসাৰণেৰে দেশৰ ৰাজনীতিত দীৰ্ঘদিনলৈ খুঁটি পুতি বহাৰ অভিলাষেৰেই যে বিধেয়কখন সংসদত তোলা হৈছে আৰু ইয়াৰ চৰ্চাৰ তীব্ৰতাৰ জৰিয়তে হিন্দু ধৰ্মাৱলম্বী জনসাধাৰণৰ মনত ধৰ্মীয় বিভাজনৰ চেতনা জাগ্ৰত কৰিব খোজা হৈছে, সেয়া চৰকাৰৰ একাংশ মুৰব্বীৰ কথা-কাণ্ডই স্পষ্ট কৰি দিছে। ২০১৬চনত সংসদৰ মজিয়াত বিধেয়কখন উত্থাপন কৰিবলৈ চেষ্টা কৰাৰ পৰা আজিলৈকে ইয়াক কেন্দ্ৰ কৰি যিবোৰ ঘটনা ঘটিছে, তাৰ পৰাই প্ৰতীয়মান হৈছে যে পাকিস্তান-বাংলাদেশ কিম্বা আফগানিস্তানত ধৰ্মীয় সংখ্যালঘুসকল,  বিশেষকৈ হিন্দুসকল নিৰ্যাতিত হোৱা বুলি চলোৱা প্ৰচাৰ কেৱল এটা 'ইছ্যু'হে,  যাৰ আলমত কেন্দ্ৰৰ শাসনত থকা গেৰুৱা আদৰ্শৰ দলটোৱে হিন্দুত্বৰ জালখন বহলকৈ মেলিব পাৰে।

কেন্দ্ৰৰ এই উদ্দেশ্যৰ প্ৰতিবাদ অসমৰ জনতাই প্ৰথম দিনা পৰাই কৰিছে, কাৰণ দীৰ্ঘদিনৰ অভিজ্ঞতাৰ পৰা অসমবাসীয়ে বুজি পাইছে যে হিন্দুৰ প্ৰতি প্ৰেমৰ আৱেগ ঢালি কেন্দ্ৰীয় চৰকাৰ যি ৰাজনীতি আৰম্ভকৰিছে, তাৰ পৰিণাম অতি ভয়ংকৰ হ'ব আৰু তাৰ পোনপটীয়া পৰিণাম ভোগ কৰিব লাগিব অসম তথা উঃ-পূৰ্বাঞ্চলে। চৰকাৰৰ বৰমূৰীয়াসকলে হয়তো ভাবিছিল যে অস্তিত্বৰ সংকটৰ শংকাত ভুগি থকা অসমৰ খিলঞ্জীয়া লোকসকলৰ সন্মুখত হিন্দুপ্ৰেমেৰে জাতি ৰক্ষাৰ সূত্ৰটো তুলি ধৰিলে তেওঁলোকে নিশ্চয় ভোল যাব আৰু বিধেয়কখনলৈ সমৰ্থন আগবঢ়াই বিজেপি তথা সংঘ পৰিয়ালৰ গোপন উদ্দেশ্য পূৰণৰ পথ প্ৰশস্ত কৰিব।

কিন্তু সংঘাতৰ ইতিহাসৰ অভিজ্ঞতাৰে পুষ্ট অসমবাসীয়ে উক্ত অভিসন্ধিৰ মৰ্মাৰ্থ বুজি পাই বিধেয়কখনৰ বিৰুদ্ধে স্পষ্ট অৱস্থান গ্ৰহণ কৰি এই বাৰ্তাই দিছে যে এই ভূখণ্ডৰ বিৰুদ্ধে স্পষ্ট অৱস্থান গ্ৰহণ কৰি এই বাৰ্তাই দিছে যে এই ভূমিখণ্ডৰ লোকসকল ইতিমধ্যে দিল্লীৰ বহু অভিসন্ধিৰ বলি হ'বলগা হ'ল, আৰু নহ"ব। বিজেপিক পৰিবৰ্তনকামী দল বুলি ভাবি প্ৰথমতে কিছু দ্বিধাগ্ৰস্ততা আছিল যদিও লাহে লাহে অভিসন্ধিৰ স্বৰূপ অধিক স্পষ্টভাৱে উন্মোচিত হৈ পৰাত প্ৰতিবাদৰ মাত্ৰাও ক্ৰমান্বয়ে তীব্ৰতৰ হৈছে আৰু এই ভূখণ্ডত ৰাজনৈতিকভাৱেও বিজেপিক প্ৰতিহত কৰাৰ এক পৰিৱেশ ক্ৰমান্বয়ে গঢ় লৈ উঠা দেখিবলৈ পোৱা গৈছে। ফলত কোব খোৱা সাপৰ দৰে আচৰণ কৰিবলৈ লৈছে দিল্লীৰ পদলেহনকাৰী অসমৰ বিজেপি নেতাসকলে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীগৰাকীৰ নেতৃত্বত বিজেপিৰ এই নেতাসকলে ভাৰতীয় সংবিধানৰ মূল চৰিত্ৰকে উলংঘা কৰি ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ লক্ষ্যৰে মুকলিকৈ মুছলমান বিদ্বেষৰ উচটনিমূলক বক্তব্য আগবঢ়াই সমগ্ৰ পৰিৱেশ অতি বিষাক্ত কৰি পেলাইছে। এইক্ষেত্ৰত বিত্ত মন্ত্ৰীজন ইমানেই আগবাঢ়ি গৈছে যে তেওঁ ভাৰতৰ সংবিধানৰ নামত শপত লোৱা মন্ত্ৰী নে এজন ধৰ্মীয় মৌলবাদী তাৰ পাৰ্থক্য উলিওৱাৰ কঠিন হৈ পৰিছে। অসমৰ ১৭খন জিলা মুছলমানে গ্ৰাস কৰাৰ প্ৰতিচ্ছবি এখন দেখুৱাই তেওঁ এনে কিছুমান কথা বলকি আছে, যাৰ পৰা বুজিব পাৰি যে তেওঁ হিন্দু-মুছলমানৰ যুদ্ধ এখন হোৱাটোৱেই মনে-প্ৰাণে বিচাৰিছে।

অথচ আমছু-এ আই ইউ ডি এফকে ধৰি দল-সংগঠনেও '৭১ৰ পিচৰ বিদেশীক বহিষ্কাৰৰ বাবে 'অসম চুক্তি'ৰ সিদ্ধান্তলৈ সন্মতি প্ৰকাশৰ পিচতো ৫ বছৰ দেশৰ ক্ষমতাত থকা মোডী চৰকাৰে এজনো বিদেশীক বহিষ্কাৰ নকৰা প্ৰসংগত এইজন মন্ত্ৰীকে ধৰি সকলো বিজেপি নেতা নিমাত। '৭১ৰ পিচৰ সকলো বিদেশীক বহিষ্কাৰ কৰা হ'লেই অসম শংকামুক্ত হ'লহেঁতেন। এই কামটো কৰাত ব্যৰ্থ হৈ তেওঁলোকে হিন্দু বাংলাদেশীক আনি অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ অদ্ভূত সূত্ৰৰে ৰাজনৈতিক অভীপ্সা সিদ্ধি কৰিবলৈ হিন্দু-মুছলমানৰ সংঘাতৰ বিষবাষ্প সিঁচি দিছে।

বহু সংঘাতৰ মাজেৰে অতিক্ৰম কৰিবলগা হ'লেও শাসকৰ এনে নগ্ন ৰাজনীতি অসম তথা উত্তৰ-পূবৰ জনসাধাৰণে প্ৰথমবাৰ দেখিছে। কিন্তু সৌভাগ্যৰ কথা এয়ে যে স্বৰাজোত্তৰ কালৰ সংঘাতৰ ইতিহাস-অভিজ্ঞতাই অসমৰ সামাজিক পৰিৱেশলৈ অতুলনীয় পৰিপক্কতা আনিছে। সেই কাৰণেই মইনবড়ি সত্ৰক লৈ সংঘাত বিচৰা মন্ত্ৰীজনে মিছা কথাৰে উচটোৱাৰ চেষ্টা কৰিলেও হিন্দু-মুছলমান কোনো প্ৰৰোচিত হোৱা নাই। মন্ত্ৰীৰ ইমানবিলাক নিকৃষ্ট বিদ্বেষমূলক ভাষণৰ পিচতো ক'তো হিন্দু-মুছলমানৰ আঙুলি এটাও ওপৰলৈ উঠা নাই।

ফলত মন্ত্ৰীৰ উন্মাদনাহে বৃদ্ধি পাইছে আৰু তেওঁৰ নিৰ্দেশতে বিধেয়কবিৰোধী আছুৰ প্ৰতিবাদীৰ ওপৰত জঁপিয়াই পৰিছে গেৰুৱা দলৰ গুণ্ডা বাহিনী। এনেকৈয়ে উন্মোচিত হৈ গৈ আছে তেওঁলোকৰ অভিসন্ধি আৰু নিৰ্লজ্জ কাৰ্যকলাপ, যাৰ বাবে এই অভিসন্ধি প্ৰতিৰোধ কৰিবলৈ ওলাই আহি ঐক্যবদ্ধ হৈছে পূৰ্বোত্তৰৰ সাতোখন ৰাজ্যৰ আঞ্চলিক দলবিলাকো, যিবিলাক দল দুদিন আগলৈকে বিজেপিৰ অশ্বমেধৰে সংগী হৈ আছিল। এনেকৈয়ে নতুন এক ইতিহাস ৰচিবলৈ আগবাঢ়িছে অসম তথা উত্তৰ-পূব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in