গণনিগ্ৰহ প্ৰতিৰোধ

গণনিগ্ৰহ প্ৰতিৰোধ

গণনিগ্ৰহৰ ঘটনাই আইন-শৃংখলা ৰক্ষাত আৰক্ষীৰ ব্যৰ্থতা উদঙাই দিয়াৰ লগতে সামাজিক অৱক্ষয়, অসহিষ্ণুতাৰ ভয়াৱহ ছবিখনো প্রতিফলিত করে। সাধাৰণ অজুহাতত উন্মাদনাৰ সৃষ্টি কৰি এচামে নিজৰ জিঘাংসা চৰিতাৰ্থ কৰা ঘটনা বৃদ্ধি পোৱাটো উদ্বেগজনক। এই গণ উন্মাদনাক প্রতিহত কৰাৰ বাবে আৰক্ষীয়ে বিশেষভাৱে তৎপৰ ভূমিকা ল'বই লাগিব। কিন্তু দুর্ভাগ্যজনকভাৱে যোৰহাট চহৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত এনে গণ উৎপীড়নৰ ঘটনাত এজন নিৰীহ যুৱকৰ কৰুণ মৃত্যুৰ আৰক্ষী নীৰৱ সাক্ষী হ'বলগীয়া হ'ল।

এইক্ষেত্ৰত আৰক্ষীৰ প্ৰয়োজনীয় দক্ষতা, আন্তঃজালৰ অভাৱ, আইন-শৃংখলা ৰক্ষাত দেখুওৱা শিথিলতা আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণত ব্যৰ্থতা ওলাই পৰিছে। অৱশ্যে পৰবৰ্তী সময়ত গণ প্রতিক্রিয়া দেখি আৰক্ষীয়ে এনে নাৰকীয় ঘটনা সংঘটিত কৰা ৫০-৬০ জনীয়া দলটোৰ মূল অভিযুক্ত নীৰজ ওৰফে ক'লা ল'ৰাকে ধৰি ১৩জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে মঙলবাৰে নিশা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ নি জিম্মাৰ পৰা পলাবলৈ লওঁতে পিচে পিচে যোৱা আৰক্ষীৰ গাড়ীৰ খুন্দাত ক'লা ল'ৰা নিহত হয়।

বহুতেই ক'লা ল'ৰাৰ এই অপঘাত মৃত্যুত 'যেনে কর্ম তেনে ফল' বুলি সন্তোষ প্রকাশ কৰিছে। আনকি ৰাজপথত ফটকা ফুটাই আনন্দ প্রকাশেৰে এই মৃত্যু 'উদযাপন' কৰাও দেখা গ'ল। যোৰহাট আৰক্ষীয়ে ক'লা ল'ৰাই পলাব খোজোতে দুর্ঘটনাত পতিত হৈ প্ৰাণ হেৰুওৱা বুলি দাবী কৰিলেও বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে শেষ নিশা নিউটনৰ সূত্ৰৰ উদ্ধৃতি দি 'প্ৰত্যেক ক্ৰিয়াৰে আছে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া' বুলি কৰা টুইটে কিন্তু অন্য এক পৰিস্থিতিৰহে ইংগিত বহন কৰিছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্রথমে পলাবলৈ লোৱা ক'লা ল'ৰা আৰক্ষীৰ গুলীত নিহত হোৱা বুলি শুনাৰ কথা কৈ পিচত ভাষ্য সলাই দুৰ্ঘটনাৰ কথা জানিবলৈ দিছে। প্রকৃত সত্য যিয়েই নহওক, সশস্ত্র আৰক্ষীৰ মাজৰ পৰা অপৰাধীয়ে পলাবলৈ সাহস কৰা বা সুবিধা পোৱাটোও নিশ্চয় চিন্তাৰ বিষয়। আৰক্ষীয়ে নিজৰ কলংক মোচনৰ বাবেই ক'লা লৰাৰ ক'লা অধ্যায়ৰ যৱনিকা পেলাবলৈ সুবিধা ল'লে নেকি বুলিও বিভিন্ন মহলত প্রশ্ন উঠিছে।

চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰা ক'লা ল'ৰাৰ মৃত্যুত ন্যায় বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতি আস্থা হেৰুওৱাসকলে সন্তুষ্টি লাভ কৰিছে। কিন্তু এই গণতুষ্টি সাধনৰ লক্ষ্যত আৰক্ষী প্রোৎসাহিত হ'লে দেশৰ আইন-বিচাৰ ব্যৱস্থাক জলাঞ্জলি দিয়া হ'ব। আৰক্ষীৰ ছত্ৰছায়াতে ক'লা ল'ৰাই গঢ়ি তোলা ক'লা সাম্ৰাজ্যৰ সমূলঞ্চে উচ্ছেদ অবিহনে এজন ক'লা ল'ৰাৰ মৃত্যুৱে সমাজক বিপন্ন হোৱাৰ পৰা ৰক্ষা কৰিব বুলি সন্তুষ্টি লভাটো ভুল কথা হ'ব।

এই কথা ঠিক যে আইন-আৰক্ষীক ভেঙুচালি কৰি প্ৰদৰ্শন কৰা গণ উন্মাদনা যিদৰে নিন্দনীয়, একেদৰে আইন হাতত তুলি আৰক্ষীয়ে গণতুষ্টিৰ চেষ্টা চলোৱাটোও গৰিহণা যোগ্য কাম। উপযুক্ত তথ্য-প্রমাণ গোটাই আইনী প্রক্রিয়াত অপৰাধী কোনোপধ্যে সাৰি যাব নোৱৰা ব্যৱস্থা কৰাটোহে আৰক্ষীৰ দায়িত্ব হোৱা উচিত। আৰক্ষীয়েই আইনৰ হাত শক্তিশালী কৰি ৰাইজৰ আস্থা বৃদ্ধি কৰিব পাৰে।

ইয়াৰ বিপৰীতে আইন বহির্ভূত ব্যৱস্থা ল'বলৈ আৰক্ষীক উৎসাহিত কৰিলে সদায়ে তাৰ পৰিণাম ইতিবাচক নহ'ব পাৰে। আৰক্ষীয়ে বিভিন্ন সময়ত তথ্য-প্রমাণ নষ্ট কৰিবলৈকো ভুৱা সংঘৰ্ষত আচামীক হত্যা কৰাৰ উদাহৰণ আছে। সেইবোৰ কাণ্ডই আৰক্ষীৰ বীৰত্ব প্ৰকাশ কৰা নাই। অপৰাধ প্ৰতিৰোধ তথা অপৰাধীৰ বিৰুদ্ধে যথোচিত সাক্ষ্য-প্রমাণ গোটাই আইনী প্ৰক্ৰিয়া ত্বৰান্বিত কৰা কাৰ্যইহে আৰক্ষীৰ সন্মান অটুট ৰাখে।

ৰাইজে অনিমেষ ভূঞাৰ হত্যাত জড়িত আটাইৰে কঠোৰ শাস্তি দাবী কৰিছে। গতিকে অভিযুক্তসকলৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্রমাণেহে সিহঁতক দৃষ্টান্তমূলক শাস্তি দিয়াব পাৰে। কিন্তু এনেক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ শিথিলতাৰ বাবেই তিনি বছৰ পূৰ্বে গণ উন্মাদনাৰ পৰিণামত কাৰ্বি আংলঙত সংঘটিত অভি-নীলৰ হত্যাকাণ্ডত জড়িতসকলে এতিয়াও শাস্তিৰ সন্মুখীন হোৱা নাই। এনে গুৰুতৰ ঘটনা সংঘটিত কৰা বহু অপৰাধীয়ে টিঘিলঘিলাই থকা দেখিয়ে ৰাইজে অপৰাধীৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ ফর্মুলাৰে ভুৱা সংঘর্ষ সৃষ্টিক মান্যতা দিব খোজা পৰিলক্ষিত হৈছে।

ভুৱা সংঘৰ্ষৰে সাধাৰণ দস্যু তস্কৰক আৰক্ষীৰ প্ৰতি ভীত-সন্ত্রস্ত কৰি তুলিব পাৰিলেও গণ উন্মাদনাৰ দৰে ঘটনা প্রতিৰোধ সম্ভৱ নহয়। ইয়াৰ বাবে মানসিকতা পৰিবৰ্তনৰ হকে সজাগতা সৃষ্টি, বেয়া কামৰ প্ৰতিবাদ কৰিবলৈ সাহস যোগোৱা আৰু কঠোৰ আইন বলৱতেৰে দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ বিকল্প নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in