চিন্তাশীলতাৰ গভীৰতাই একোজন ব্যক্তিৰ ব্যক্তিত্বৰ শ্ৰেষ্ঠতা নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা লয়। আনহাতে, চিন্তাশীলতাৰ বিকাশৰ বাবে মুক্ত চিন্তা-চৰ্চা কৰিব পৰাৰ পৰিৱেশ সমাজত থকাটো অপৰিহাৰ্য। সেইবাবেই আধুনিক যুগত মানৱ সমাজত চিন্তাশীলতাই যিমান গভীৰতা তথা ব্যাপকতা লাভ কৰিবলৈ সক্ষম হৈছে, যিটো তাৰ পূৰ্বৰ যুগবোৰত সম্ভৱ হোৱা নাছিল। যুক্তিবাদী আৰু মানৱতাবাদী চিন্তায়েই জন্ম দিছিল আধুনিক যুগৰ। তাৰ ভেটি আছিল ব্যক্তি স্বাধীনতা, যিটো অবিহনে এখন সমাজত মুক্ত চিন্তাৰ বিকাশ সম্ভৱ নহয়। ব্যক্তি স্বাধীনতা আৰু মুক্ত চিন্তাক গুৰি হিচাপে লৈ জন্ম হৈছিল আধুনিক গণতান্ত্ৰিক ৰাজনৈতিক মতাদৰ্শৰ।
বৌদ্ধিকভাৱে যিহেতু যুক্তিবাদ আৰু মানৱতাবাদেই এই সমগ্ৰ ব্যৱস্থাটোৰ সৃষ্টিৰ মূল, সেয়ে গণতান্ত্ৰিক ৰাজনৈতিক মতাদৰ্শ সুস্থ-সবল হৈ থাকিবলৈ ই সেই ব্যৱস্থাৰ মৌলিক গুণখিনিৰ গৰাকী হৈ থাকিব লাগিব। গণতন্ত্ৰৰ ভাষা সদায়েই শালীন। গণতান্ত্ৰিক মত প্ৰকাশত অশালীনতাৰ স্থান নাই। যুক্তিবাদী বক্তব্য অশালীন ভাষাৰে প্ৰকাশ কৰিলে বক্তব্যৰ যুক্তিকেই সেই অশালীনতাই গ্ৰাস কৰে। বক্তব্যখিনি হৈ পৰে চেলেপু তথা অৰ্থহীন। নিৰ্বাচন অবিহনে এটা গণতান্ত্ৰিক ব্যৱস্থা চলাটো অসম্ভৱ। সেই নিৰ্বাচন প্ৰত্যক্ষ হ'ব পাৰে, পৰোক্ষ হ'ব পাৰে। বুৰ্জোৱা গণতান্ত্ৰিক হ'ব পাৰে, জনগণতান্ত্ৰিক হ'ব পাৰে। কেবিনেট ব্যৱস্থাৰো হ'ব পাৰে, ৰাষ্ট্ৰপতি ব্যৱস্থাৰো হ'ব পাৰে। কিন্তু যি ব্যৱস্থাৰেই নহওক, মত গ্ৰহণ যি পদ্ধতিৰেই নহওঁক- নিৰ্বাচন অপৰিহাৰ্য।
আমাৰ দেশ কেবিনেট ব্যৱস্থাসম্পন্ন পাৰ্লামেন্টীয় বুৰ্জোৱা গণতন্ত্ৰ। একোখন চৰকাৰৰ কাৰ্যকাল পাঁচ বছৰীয়া। কেন্দ্ৰ, ৰাজ্য দুয়োটাতে সাধাৰণ পৰিস্থিতিত নিৰ্বাচন আহে পাঁচ বছৰৰ মূৰে মূৰে। বিশেষ পৰিস্থিতিৰ উদ্ভৱ হ'লে আহে উপ-নিৰ্বাচন, নিৰ্দিষ্ট সাংবিধানিক বিধি অনুযায়ী। মুঠৰ ওপৰত নিৰ্বাচনেই হওঁক, উপ-নিৰ্বাচনেই হওঁক, সময়মতে নিৰ্বাচন আহিবই লাগিব। ন'লে গণতান্ত্ৰিক ব্যৱস্থা নচলিব। দেশত এবাৰেই স্বৈৰাচাৰী শাসকে ১৯৭৫-৭৬ বৰ্ষত নিৰ্বাচন পতা নাছিল। তাৰ বাবে শিক্ষা সেই স্বৈৰাচাৰী শাসকবৰ্গক দেশৰ বিপুল সংখ্যাগৰিষ্ঠ ভোটাৰ ৰাইজে ১৯৭৭ৰ সাধাৰণ নিৰ্বাচনত দিছিল সেই স্বৈৰাচাৰী শাসকক শাসনৰ পৰা উৎখাত কৰি।
ভাৰতীয় গণতন্ত্ৰ মাথোন বিশ্বৰ সৰ্ববৃহৎ পুঁজিবাদী গণতন্ত্ৰ হিচাপেই প্ৰতিষ্ঠা লাভ কৰা নাছিল, লগতে বিশ্বৰ সবাতোকৈ বৃহৎ সংবিধানখনৰো গৰাকী হৈ প্ৰতিষ্ঠিত হৈছিল, যিখন সংবিধানত বিশ্বৰ সকলোবোৰ উন্নত গণতান্ত্ৰিক ৰাষ্ট্ৰৰ গণস্বাৰ্থৰ অনুকূলে থকা নীতি তথা ধাৰাবোৰক স্থান দিয়া হৈছিল। এইবোৰে ভাৰতৰ সংবিধানখনক বিশ্বশ্ৰেষ্ঠৰ শাৰীলৈ আনিছিল। কিন্তু কাগজে-কলমে সংবিধানখন যিমানেই চমৎকাৰ নহওঁক কিয় বাস্তৱ প্ৰয়োগত তাৰ চমৎকাৰিত্ব সম্পূৰ্ণ নিৰ্ভৰ কৰে গণ প্ৰতিনিধিসকলৰ চাৰিত্ৰিক গুণৰ ওপৰত। গণ প্ৰতিনিধি যদি অভদ্ৰ হয়, অশিষ্টাচাৰী হয়- তেন্তে সংবিধানৰ চমৎকাৰিত্ব কোনো কামত নাহে। গুণৰ গুণ গুণীয়েহে বুজে। প্ৰতিষ্ঠাকালত ৰাজনৈতিক নেতা-নেত্ৰীসকল কেনে শালীন মূল্যবোধৰ আছিল আৰু সম্প্ৰতি সেই মূল্যবোধলৈ কেনে ভয়ানক অৱক্ষয় আহিছে, সেইটো বেছিলৈ নগৈ অসমৰ দুটা নিৰ্বাচনী দৃষ্টান্তলৈ চকু দিলেই স্পষ্ট হৈ পৰে।
খগেন বৰবৰুৱা অসমৰ বিপ্লৱী আন্দোলনৰ এটা জাকত জিলিকা নাম। বিমলাপ্ৰসাদ চলিহা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়াসকলৰ মাজৰ এটা উজ্জ্বল নাম। ১৯৫৭চনত অনুষ্ঠিত হৈছিল দেশৰ দ্বিতীয়টো সাধাৰণ নিৰ্বাচন। অবিভক্ত শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা নিৰ্বাচনত আৰ চি পি আই দলৰ প্ৰাৰ্থী আছিল খগেন বৰবৰুৱা আৰু অবিভক্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী আছিল বিমলাপ্ৰসাদ চলিহা। তেওঁ যদিও চাহ বাগিচাৰ মালিক আছিল, কিন্তু সম্পূৰ্ণ গান্ধীবাদী জীৱন যাপন কৰিছিল। ইফালে, বৰবৰুৱাই সাধাৰণ শিক্ষকৰ চাকৰি কৰিছিল বেচৰকাৰী স্কুলত আৰু তেওঁৰ পাৰ্টিৰ আৰ্থিক সম্বলো অতি দুৰ্বল আছিল। তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গাড়ীও নাছিল।
চলিহা গাড়ীৰে নিজ নিৰ্বাচনী প্ৰচাৰৰ বাবে এখন সভালৈ যাওঁতে বৰবৰুৱাক বাটতে পাই নিজৰ গাড়ীত উঠাই নিছিল আৰু তেওঁৰ সমৰ্থকে সজা সভামণ্ডপ আৰু মাইক তেওঁৰ সভাপৰ পিচত প্ৰচাৰ চলাবলৈ বৰবৰুৱাক দিছিল। সেই নিৰ্বাচনত বৰবৰুৱা হৈছিল বিজয়ী! সেই কথাবোৰ আজিৰ প্ৰজন্মই সপোন বুলি ভাবিব। ভবাৰে কথা। আজিৰ নতুন বিজেপিৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ প্ৰতিদ্বন্দ্বীক 'বুঢ়া গৰু' বুলি ঠাট্টা কৰা আজিৰ প্ৰজন্মই শুনিছে। সেই অশিষ্টাচাৰী প্ৰাৰ্থীজনৰ গুৰু হিচাপে জনাজাত অসমৰ বিজেপি 'দাদা' মন্ত্ৰীজনে মিত্ৰজোঁটৰ অগপক এতিয়াও নিৰ্বাচনী সভাত ঠাট্টা কৰিবলৈ এৰা নাই। ক্ষমতাৰ খঁকত অগপ নেতৃত্ব চুপ-চাপ আছে। এনে সুস্থ মূল্যবোধহীনবোৰৰ জনপ্ৰতিনিধি হোৱাৰ যোগ্যতা যে নাই, তাক ভোটাৰ ৰাইজে প্ৰমাণ কৰা উচিত।