বিধেয়ক বুমেৰাং

বিধেয়ক বুমেৰাং

বিগত প্ৰায় পাঁচ বছৰীয়া শাসনকালত মোডী চৰকাৰে এনে এখন বিধেয়ক সংসদত গৃহীত কৰিব পৰা নাই বুলিলেই হয়, যিখন বিধেয়কক লৈ ৰাজহুৱা মঞ্ত বিতৰ্ক বা সমালোচনা হোৱা নাই। কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক কেন্দ্ৰই সংসদত উপস্থাপন কৰাৰ পিচতে দীৰ্ঘকালৰ বাবে সংসদীয়া যুটীয়া সমিতিলৈ প্ৰেৰণ কৰিবলগাত পৰিছে। শাসনভাৰ হাতত লৈয়ে মোডী চৰকাৰে সংসদত উপস্থাপন কৰিছিল ভূমি অধিগ্ৰহণ বিধেয়কখন।

যিখন বিধেয়ক আইনত পৰিণত হ'লে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ ১ কিলোমিটাৰ দূৰত্বলৈকে থকা বিস্তীৰ্ণ কৃষিভূমি দেশী-বিদেশী বহুজাতিক গোষ্ঠীয়ে কৃষকৰ অনুমতি অবিহনে ক্ৰয় কৰিব পাৰিলেহেঁতেন। কিন্তু শ্ৰমজীৱী কৃষকৰ ওপৰত প্ৰচণ্ড মাধমাৰ শোধাই মোডী চৰকাৰে দেশত কৰ্প'ৰেটৰাজ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল বুলি অভিযোগ তুলি প্ৰায় সকলোবোৰ বিৰোধী দলে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভূমি অধিগ্ৰহণ বিধেয়কখন কেইবাটাও সংশোধনীসহ লোকসভাত গৃহীত হোৱাৰ পিচতো কিন্তু ৰাজ্যসভা পাৰ হৈ যাব নোৱাৰিলে। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত বিধেয়কখন যুটীয়া সমিতিৰ ওচৰতে পৰি থাকিল।

কিন্তু সেইখন বিধেয়কৰ আৰ্হিতে বিজেপিশাসিত কেতবোৰ ৰাজ্যত চৰকাৰে কিছু নীতি-নিয়ম তৈয়াৰ কৰি কৃষকৰ কৃষিভূমিৰ হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভূমি অধিগ্ৰহণ বিধেয়কখনৰ পিচতে মুছলমান নাৰীৰ তিনি তালাক সম্পৰ্কীয় বিধেয়কখনো কেন্দ্ৰই ৰাজ্যসভাত গৃহীত কৰিব নোৱাৰিলে। দেশৰ নাগৰিক সমাজ আৰু বিভিন্ন সামাজিক সংস্থাই এই বিধেয়কখনক লৈও মোডী চৰকাৰক সমালোচনা কৰে। আনকি বহুতে ক'ব খোজে যে চৰকাৰে মুছলমান নাৰীক সামাজিক ন্যায় তথা সুৰক্ষা দিয়াৰ অজুহাত লৈ সাম্প্ৰদায়িক ৰাজনীতিহে কৰিছে।

ইফালে জি এছ টিৰ দৰে বৃহৎ আৰ্থিক সংস্কাৰমূলক আইন প্ৰৱৰ্তন কৰাৰ কৃতিত্ব ল'ব খোজা মোডী চৰকাৰে এতিয়ালৈকে এই সম্পৰ্কীয় তিনিশৰো অধিক সংশোধনী আনিছে। অৰ্থাৎ জি এছ টিৰ লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্ৰতো মোডী চৰকাৰ এতিয়ালৈকে সফল হোৱা নাই। বিমুদ্ৰাকৰণৰ দৰে ব্যৱস্থাৰ নেতিবাচক প্ৰভাৱক লৈ এতিয়াও দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। যি উদ্দেশ্য আগত ৰাখি প্ৰধানমন্তৰী নৰেন্দ্ৰ মোডীয়ে দুবছৰ আগতে পাঁচশ আৰু হেজাৰ টকীয়া নোটৰ প্ৰচলন ৰাতিটোৰ ভিতৰতে বন্ধ কৰি দিয়াৰ ঘোষণা কৰিছিল, তাৰ কোনো সুফল নোলাল। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনতে সকলো কথা স্পষ্ট হৈ পৰিল। ৰাইজে বুজি পালে ক'লা টকা, ক'লা বেপাৰী, ধনী-দুখীয়াৰ প্ৰভেদ আঁতৰোৱা আদি সকলোবোৰ বিষয় প্ৰধানমন্ত্ৰীৰ চমকহে আছিল।

শেহতীয়াভাৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰতো মোডী চৰকাৰৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিছে এন ডি এৰ অংশীদাৰী দলবোৰে। শিৱ সেনা, বিজু জনতা দল, সংযুক্ত জনতা দলৰ নেতৃবৰ্গই স্পষ্টভাৱে বিধেয়কখনৰ বিৰুদ্ধে স্থিতি লৈছে। ইয়াৰ বিৰুদ্ধে অসমত সৰ্বাত্মক প্ৰতিবাদ হোৱাৰ সময়তে লোকসভাত বিধেয়কখন গৃহীত কৰা হ'ল যদিও ৰাজ্যসভাৰ ক্ষেত্ৰত অধিবেশনতো বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ এতিয়ালৈকে কোনো সম্ভাৱনা নাই, যদিহে শেষমুহূৰ্তত কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰে লোৱা সিদ্ধান্তৰ পৰা ফালৰি কাটি নাহে। তাৎপৰ্যপূৰ্ণভাৱে সংসদৰ দুয়োখন সদনতে গৃহীত হোৱা বিধেয়কক লৈও সম্প্ৰতি শ'লঠেকত পৰিছে শাসকপক্ষ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে বাজিমাত কৰাৰ লক্ষ্যৰে উচ্চবৰ্ণ তথা সাধাৰণ অসংৰক্ষিত শ্ৰেণীৰ লোকৰ মাজত গৰিব-দুখীয়াক চাকৰি আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানত দহ শতাংশ সংৰক্ষণৰ বাবে অলপতে সংবিধান সংশোধনীৰে যিখন বিধেয়ক সংসদত গৃহীত হৈছিল, তাক লৈ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক জাননী জাৰি কৰিছে। সংসদত গৃহীত হোৱাৰ পিচত ৰাষ্ট্ৰপতিৰ অনুমোদনপ্ৰাপ্ত এই আইনখনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰক একপ্ৰকাৰ জবাবদিহি কৰিছিল। মুখ্য ন্যায়াধীশে স্পষ্টভাৱেই কৈছে যে এই ব্যৱস্থা সাংবিধানিকভাৱে বৈঠ হয় নে নহয় তাক প্ৰথমতে পৰীক্ষা কৰা হ'ব। অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা জাননীত কেন্দ্ৰৰ পদক্ষেপক লৈ স্থগিতাদেশ দিয়া হোৱা নাই।

উল্লেখ্য যে, 'য়ুৰ্থ ফৰ ইকুৱেলিটি' নামৰ সংস্থাটোৰ লগতে কেইজনমান ব্যক্তিয়ে উক্ত আইনখনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ মতে এই আইনখনে সংবিধানৰ সমতাৰ অধিকাৰক খৰ্ব কৰিছে। সি যি কি নহওঁক বিৰোধীয়ে ইতিমধ্যে এই আইনখনক লৈ মোডী চৰকাৰক আক্ৰমণ কৰিবলৈ লৈছে।

বিৰোধীৰ মতে প্ৰতিবছৰে দুই কোটিকৈ নিবনুৱাক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰই পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈহে এনে আইন প্ৰণয়নৰ দিহা কৰিছে। কিন্তু কোনো ৰাজ্যতে দহ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ আশা নাই। কাৰণ চৰকাৰে এতিয়ালৈকে নিবনুৱাৰ বাবে পৰ্যাপ্ত খালী পদকেই সৃষ্টি কৰিব পৰা নাই। অৰ্থাৎ নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক স্বাৰ্থতে শাসকপক্ষই জনসাধাৰণক আভুৱা ভাঁৰিবলৈ এনেধৰণৰ আইন তথা বিধেয়কৰ আশ্ৰয় লৈছে নেকি? যদি সেয়াই হয় তেন্তে ইও শেষ মুহূৰ্তত বুমেৰাঙত পৰিণত হ'বলৈ বাধ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in