ৰাজসিক চমক

ৰাজসিক চমক

বন্যা জৰ্জৰিত ধেমাজিত কাইলৈ কেবিনেট বহিব। নিশ্চিতভাৱে এইটো ৰাজ্যবাসীৰ বাবে এটা চমক। কেৱল ধেমাজিতে নহয়, ধেমাজিত আৰম্ভণিহে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাই সিদ্ধান্ত লোৱা মতে ৰাজ্যৰ সকলো জিলা সদৰতে এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। এইটো এটা চমক সৃষ্টিকাৰী সিদ্ধান্ত বুলি এইকাৰনেই কোৱা হৈছে যে, ৰাজধানীৰ পৰা মচফলীয়া এলেকালৈ কেবিনেট মন্ত্ৰীসকলক নি বৈঠক অনুষ্ঠিত কৰাৰ দৃষ্টান্ত ইতিপূৰ্বে শৰৎ চন্দ্ৰ সিংহৰ চৰকাৰৰ দিনতহে স্থাপন কৰা হৈছিল।

বৰ্তমান চৰকাৰখনৰ এই সিদ্ধান্তৰ ইতিবাচক দিশতো হ'ল –চৰকাৰৰ মুৰব্বী মন্ত্ৰী আৰু বিধায়কসকলক একেলগে জিলা একোখনলৈ নি এই কথা প্ৰতিপন্ন কৰিব খোজা হৈছে যে, জনসাধাৰণৰ বাবে কেবিনেটখন ৰাজধানীত আৱদ্ধ ঢুকি পাব নোৱাৰা বস্ত নহয়। হয়তো এনে প্ৰক্ৰিয়াই চৰকাৰৰ মুৰব্বীসকলৰ কেন্দ্ৰীভূত মানসিকতাত প্ৰভাৱ পেলাব পাৰে আৰু গুৰুত্বপূৰ্ণ কেবিনেটৰ সিদ্ধান্ত একোটা গ্ৰহণ কৰোতে তেওলোকৰ ধ্যান-ধাৰণালৈ আহিব পাৰে প্ৰত্যন্ত এলেকাবোৰৰ অৱস্থাৰ বাস্তৱ ছবিখন।

অসম ভ্ৰমণ নকৰালৈকে মহাত্মা গান্ধীৰ এই সন্দৰ্ভত ধাৰণাই নাছিল।তেওঁ ইয়াত বাস কৰা মানুহবোৰ তিল-কোলজাতীয় বনবাসী দুৰ্দান্ত প্ৰজাতিৰ জনগোষ্ঠী বুলি ভাৱিছিল। কিন্তু অসম ভ্ৰমণ কৰাৰ পিচত গান্ধীজীৰ সম্পূৰ্ণ ধাৰণা হ'ল আৰু আগৰ অজ্ঞতাৰ বাবে তেওঁ ৰাজহুৱাকৈ দুখো প্ৰকাশ কৰিছিল। তুলনাটো সম্পূৰ্ণ একে নহেলও কেবিনেট মন্ত্ৰীবৰ্গৰো হয়তো এনেধৰণক সমূহীয়াকৈ জিলা যাত্ৰাই তেওঁলোকৰ ধ্যান ধাৰণা সলনি কৰিব পাৰে। এয়া অৱশ্যে ধাৰণাহে।কৌতূহল উদ্দীপক এই প্ৰস্তাৱিত কেবিনেট বৈঠকখন অনুষ্ঠিত নোহোৱালৈকে আৰু ইয়াৰ সিদ্ধান্তসমূহ প্ৰকাশ নোহোৱাপৰ্যন্ত এনেদৰে বৈঠকখন পতাৰ লক্ষ্য-উদ্দ্যেশ্য স্পষ্ট হৈ নুঠিব। কিন্তু প্ৰশ্ন অৱশ্যেই আহিছে যে, কিয় জিলালৈ কেবিনেট বৈঠকৰ স্থান সলনিৰ সিদ্ধান্ত লোৱা হৈছে?

চৰকাৰৰ চিন্তা-কৰ্ম-আদৰ্শ আৰু সিদ্ধান্তৰ এটা লক্ষ্যণীয় প্ৰভাৱ পেলাব পৰা ফলাফল দিব নোৱাৰিলে এনেদৰে দুৰলৈ গৈ কেৱল এখন মাত্ৰ মিটিং পতাটো অৰ্থহীন কচৰৎ নহ'বনে? আমি ইতিপূৰ্বে উল্লেখ কৰিছোৱেই যে, ৰাজধানীৰ পৰা দূৰলৈ কেবিনেটক নিয়াৰ দৃষ্টান্ত প্ৰথম প্ৰতিষ্ঠা কৰিছিল শৰৎ চন্দ্ৰ সিংহই। বহু বিৰ্তক থাকিলেও সিংহ ডাঙৰীয়াৰ মানসিকতাৰ স্তৰটো বেলেগ আছিল। ৰাজ্যৰ দৰিদ্ৰ-সাধাৰণ মানুহৰ দৃষ্টিকোণেৰে চৰকাৰখনৰ কাম-কাজ আগবঢ়াই নিব খোজা মানসিকতাৰ বাবেই তেওঁ শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা ৰাজধানীখনক সহজ-সৰল ৰূপত গঢ় দিছিল।মন্ত্ৰী-বিধায়কৰ আবাসবোৰ কৰিছিল অসম আৰ্হিৰ একো একোটা অতি সাধাৰণ ঘৰ। সচিবালয়ৰ নামো দিছিল জনতা ভৱন।

তদনুৰূপ আদৰ্শৰে তেওঁ গ্ৰামাঞ্চলত কেবিনেট বৈঠক পাতোতেও পৰিহাৰ কৰিছিল ৰাজকীয়া মানসিকতা। মন্ত্ৰীসকলে ৰাত্ৰিযাপন কৰিছিল স্কুলৰ বেঞ্চত। সেই ভাৰ্বাদৰ্শ আজীৱন পোষণ কৰাৰ বাবেই তেওঁ মুখ্যমন্ত্ৰিত্ব শেষ হোৱা দিনটোতে চৰকাৰী বাহন দিছপুৰত এৰি হাতত চুটকেছ লৈ চিটি বাছত উঠি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিছিল। তাৰ পূৰ্বে তেনে আদৰ্শ দেখুৱাই গৈছে অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈয়েও। ছাদুল্লাৰ পিচত অবিভক্ত অসমৰ চৰকাৰ গঠন কৰি বৰদলৈ ডাঙৰীয়াই মন্ত্ৰী-বিধায়কসকলৰ দৰমহা ৫০শতাংশ হ্ৰাস কৰিছিল। মন্ত্ৰী-বিধায়কসকল জনসেৱক-জনপ্ৰতিনিধিহে। তেওঁলোকৰ কাম জনসেৱা, সাংবিধানিক পদটোলৈ নিৰ্বাচিত হৈ ধন ঘটা নহয়। তেনে আদৰ্শৰে চৰকাৰ পৰিচালনা কৰাৰ বাবেই বৰদলৈ আৰু সিংহৰ দিনত অসমত যিমান কাম হ'ল, পৰৰ্ৱতী কোনো চৰকাৰে তেনে কাম কৰাৰ নজিৰ নাই।

সেই অসম চৰকাৰ, সেই দিছপুৰ এতিয়া নাই। শৰৎ সিংহই সজা সহজ-সৰল ৰাজধানীখন ভাঙি নিঃচিহ্ন কৰি তাত এতিয়া প্ৰাসাদোতম অট্টালিকা গঢ়ি তোলা হৈছে। এতিয়া মন্ত্ৰী-বিধায়ক-সাংসদ হোৱাটো এটা লাভজনক পেছা। প্ৰত্যেকটো নিৰ্বাচনত দাখিল কৰা শপতনামাৰ তথ্যতে মন্ত্ৰী-বিধায়কসকলৰ ক্ৰমবৰ্ধমান সম্পত্তিৰ কিঞ্চিৎ আভাস পোৱা যায়, তাতেই প্ৰকট হয় তেওঁলোকৰ আৰ্থিক উন্নতিৰ দিশটো। বেনামী-অপ্ৰকাশিত সম্পত্তি কিমান সেইটো তেওঁলোকেহে জানে। তেনে এক পটভূমিৰ পৰা জিলালৈ গৈ কেবিনেট বৈঠক পতাৰ সিদ্ধান্ত লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মা গোপীনাথ বৰদলৈও নহয়, শৰৎ সিংহও নহয়। তেওঁ এটা স্বকীয় সত্তা। প্ৰতাপৰ ফালৰ পৰা তেওঁ বৰ্তমান এই অঞ্চলত অপ্ৰতিন্দন্দ্বী।

ড্ৰাগছ, সুৰা, দালাল আদিৰ বিৰুদ্ধে অভূৰ্তপূৰ্ব অভিযান চলাই তেওঁ সকলোৰে চকু কপালত তুলিবলৈ সক্ষম হৈছে। গতিকে জিলালৈ কেবিনেট নিও তেওঁ নিশ্চয় এক নতুন অধ্যায়ক ৰচনা কৰাৰ মানস কৰিছে। কিন্তু এই পদক্ষেপ নিশ্চয় অনাড়ম্বৰ নহব। বিশাল বিশাল কনভয়েৰে জাক পাতি মন্ত্ৰীসকল ধেমাজিলৈ যাব, যাব বিষয়াৰ দল আৰু সাংগোপাংগ। তেওঁলোকক আদৰিবলৈ, অভ্যৰ্থনা জনাবলৈ তাত হব বিৰাট আয়োজন। ফলত ব্যয় হব দৰিদ্ৰ ৰাজ্যখনৰ ৰাজকোষৰ বিশাল পৰিমাণৰ ধন। এনেদৰে অৰ্থব্যয় আৰু শ্ৰমৰ পিচত যদি এই কেবিনেট বৈঠকে ৰাজ্যবাসীক কিবা এটা নতুন ইতিবাচক ফলাফল দিব নোৱাৰে বা এটা অনন্য দৃষ্টান্ত প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেনেহলে এয়া মন্ত্ৰীসকলৰ অন্য এক প্ৰমোদ ভ্ৰমণ হিচাপেহে চিহ্নিত হৈ ৰ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in