প্ৰধানমন্ত্ৰীৰ কৃতিত্ব!

প্ৰধানমন্ত্ৰীৰ কৃতিত্ব!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত পাঁচ বছৰীয়া কাৰ্যকালত আনুষ্ঠানিকভাৱে এখনো সংবাদমেল অনুষ্ঠিত নকৰিব পাৰে। কিন্তু ৰেডিঅ', টুইটাৰ অথবা ছ'চিয়েল মিডিয়াযোগে তেওঁৰ বক্তব্য নিয়মিতভাৱেই প্ৰকাশ পাই আহিছে। সাংবাদিকৰ প্ৰশ্নৱাণৰ সন্মুখীন নহ'বৰ বাবে তেওঁ হেনো সংবাদমেলৰ আয়োজন নকৰে। অৰ্থাৎ কেৱল তেওঁ ক'ব আৰু বাকীবোৰ শুনি যাব। প্ৰধানমন্ত্ৰী মোডীৰ অমৃতবাণী শুনি দেশবাসী কিমান আপ্লুত হ'ল বা নহ'ল সেয়া শাসক পক্ষৰ বিচাৰ্যৰ বিষয়ো নহয়।

সেইবাবেই কৃষকৰ সমস্যা, নিবনুৱাৰ কৰ্মসংস্থান, মূল্যবৃদ্ধি, বিদেশত জমা থকা ক'লা ধন, নীৰৱমোডী-বিজয় মালিয়া আদি প্ৰসংগবোৰ এৰাই চলি প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থসকলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰতো কেৱল দেশৰ সুৰক্ষা অথবা দেশপ্ৰেমৰ নামতে জনসাধাৰণৰ সন্মুখত আৱেগিক ভাষণ দি গৈছে। যেন মোডী চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালৰ ব্যৰ্থতাৰ দিশবোৰ উদঙাই দিয়াটোও ৰাষ্ট্ৰদ্ৰোহ অথবা সেইবোৰ বিষয় নিৰ্বাচনী আলোচনাৰ মাজলৈ আনিলেই দেশৰ সুৰক্ষা বিঘ্নিত হ'ব। সামগ্ৰিকভাৱে এনে এক ধাৰণাৰে সৃষ্টি কৰিব বিচাৰিছে শাসক পক্ষই।

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিচত দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নিৰ্বাচনী সভাত শাসক পক্ষৰ শীৰ্ষ নেতাসকলৰ বক্তব্যতে এই কথা ওলাই পৰিছে। সকলোৱে প্ৰধানমন্ত্ৰী মোডী আৰু শাসকীয় দলটোৰ অধ্যক্ষ অমিত শ্বাহৰ সুৰতে সুৰ মিলাই নিৰ্বাচনী সভাবোৰত জনসাধাৰণক প্ৰকৃত সমস্যাৰ পৰা আঁতৰাই ৰখাৰ চেষ্টাত ব্ৰতী হৈ পৰিছে। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্য ৰখাৰ শৈলী সম্পূৰ্ণৰূপে সুকীয়া। বহুতে কয়- তেওঁৰ ভাষণৰ মাদকতাই জনসাধাৰণক মুহি ৰাখিব পাৰিছে।

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা বুধবাৰে ভাৰতীয় প্ৰতিৰক্ষা বিজ্ঞানীৰ বিৰল সাফল্যক লৈ দেশবাসীক সম্বোধন কৰাৰ কিছু সময় আগেয়ে টুইটাৰযোগে জনাই দিছিল যে সেইদিনাই দুপৰীয়াৰ ভাগত দেশবাসীক তেওঁ এক গুৰুত্বপূৰ্ণ সংবাদ দিব। সেইবাবেই প্ৰধানমন্ত্ৰীয়ে সকলোকে টেলিভিছন, ৰেডিঅ' আৰু ছ'চিয়েল মিডিয়াত সাজু হৈ থাকিবলৈও আহ্বান দিছিল। উল্লেখযোগ্য যে ইয়াৰ আগতে ২০১৬চনৰ ৮ নৱেম্বৰৰ বিমুদ্ৰাকৰণৰ ঘোষণাও সম্পূৰ্ণৰূপে নাটকীয়ভাৱে কৰিছিল তেওঁ। দৰাচলতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালত এতিয়ালৈকে মাত্ৰ দুবাৰেই দেশবাসীক সম্বোধন কৰিলে।

এবাৰ বিমুদ্ৰাকৰণক লৈ আৰু এইবাৰ 'এন্টি ছেটেলাইট মিছাইল'ৰ পৰীক্ষাত ভাৰতৰ সফল সম্পৰীক্ষাক লৈ। ভাৰতীয় বিজ্ঞানীয়ে ক্ষেপণাস্ত্ৰৰে উপগ্ৰহ ধ্বংস কৰাৰ ক্ষমতা অৰ্জন কৰাৰ পিচত তাৰ সম্পৰীক্ষাৰ নাম দিয়া হৈছে 'মিছন শক্তি' ৰূপে। কিন্তু লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এইদৰে প্রধানমন্ত্ৰীজনে প্ৰতিৰক্ষা বিজ্ঞানীৰ সফলতাক লৈ উদাত্ত ভাষণ দিয়া বিষয়টোক বিৰোধীয়ে সহজভাৱে ল'ব পৰা নাই। বিৰোধীয়ে অভিযোগ কৰিছে যে প্ৰায় দুই দশক পূৰ্বেই দেশৰ প্ৰতিৰক্ষা গৱেষমা সংস্থা 'ডি আৰ ডি অ'ৱে উপগ্ৰহ ধ্বংস কৰিব পৰা ক্ষেপণাস্ত্ৰৰ গৱেষণা আৰম্ভ কৰিছিল।

২০১২চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ আমোলতে এই পৰীক্ষা সম্পন্ন কৰিবলৈ অনুমতি দিয়া হৈছিল বুলিও বিৰোধীয়ে অভিযোগ আনিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ দ্বাৰা নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছে বুলি নিৰ্বাচন আয়োগৰ ওচৰতো অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে আয়োগে বিষয়টোৰ তদন্ত কৰিবলৈ কমিটী গঠন কৰি দিছে। সি যি কি নহওঁক- 'মিছন শক্তি'ৰ জৰিয়তে মহাকাশত ভাৰতে 'ছুপাৰ পাৱাৰ' হিচাপে আত্মপ্ৰকাশ কৰাটো নিশ্চয়কৈ এক দীৰ্ঘম্যাদী তথা পৰিকল্পিত আৰু ধাৰাবাহিক প্ৰচেষ্টাৰ ফল। ইয়াক লৈ প্রধানমন্ত্ৰীয়ে নিজৰ কৃতিত্ব জাহিৰ কৰাটো সেই অৰ্থতে অশোভনীয় হৈছে।

ইতিমধ্যে বিফল প্ৰতিপন্ন হোৱা বিমুদ্ৰাকৰণৰ দৰে সিদ্ধান্তক লৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কৃতিত্ব দাবী কৰিব পাৰে, কিন্তু মহাকাশ বিজ্ঞানীৰ সফলতাক লৈ এজন প্রধানমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত এইদৰে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাটো কেনেকৈ গ্ৰহণযোগ্য হ'ব। কিন্তু সেয়াই হ'বলৈ পাইছে। পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিচত পাকিস্তানৰ মাটিত সেনাই ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পিচত যিদৰে শাসক পক্ষই বাহবা লৈছিল, সেইদৰে এইবাৰ মিছন শক্তিৰ সফলতাকো ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ ক্ষেত্ৰখনলৈ সম্প্ৰসাৰিত কৰিব বিচৰা হৈছে নেকি বুলি সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কথা হ'ল- ৰাজনৈতিক সততা পাহৰি পুনৰ ক্ষমতা দখলৰ ৰণত নামি পৰা নেতাক এই প্ৰতিক্ৰিয়াই কিমান দূৰলৈ প্ৰভাৱিত কৰিব সেয়াহে বিচাৰ্যৰ বিষয় হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in