মৰ্যাদাৰ সংকট

মৰ্যাদাৰ সংকট

কৌৰৱৰ ৰাজনীতিত ভীষ্ম, দ্ৰোণাচাৰ্য আদি দিগ্গজ প্ৰবীণসকলৰ মূল্য তথা গুৰুত্ব দুৰ্যোধনৰ উত্থানৰ লগে লগে কমি গৈছিল, ৰাজসভাত তেওঁলোকে অসহায়ভাৱে প্ৰত্যক্ষ কৰিবলগা হৈছিল দুৰ্যোধন আৰু তেওঁৰ অনুগতসকলৰ অন্যায়-অত্যাচাৰ। মহাকাব্য 'মহাভাৰত'ত এই বিজ্ঞ-দক্ষ চৰিত্ৰবিলাকৰ এনে অসহায় অৱস্থা বৰ্ণিত হ'লেও স্বেচ্ছাচাৰী দুৰ্যোধনে কিন্তু কুৰুক্ষেত্ৰত মহাৰণত কৌৰৱৰ প্ৰথম আৰু দ্বিতীয় সেনাপতিৰ দায়িত্ব ভীষ্ম আৰু দ্ৰোণাচাৰ্যকে অৰ্পণ কৰি তেওঁলোকৰ অভিজ্ঞতা আৰু বীৰত্বৰ মূল্য দিছিল। সম্প্ৰতি কিন্তু বিজেপিৰ ৰাজনীতিত লালকৃষ্ণ আদৱানি, মুৰলীমোহনৰ যোশীৰ দৰে প্ৰবীণ নেতাসকলৰ অৱস্থা ভীষ্ম-দ্ৰোণাচাৰ্যতকৈও শোচনীয়।

এই নেতাসকলক এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সুযোগতো দিয়া নহ'লেই, ইমান দিন ধৰি বিজেপি দলটোক দেশবাসীৰ সন্মুখত তুলি ধৰি ৰখাৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰা তথা প্ৰভূত বৰঙণি আগবঢ়োৱা এই নেতাসকলক সক্ৰিয় ৰাজনীতিৰ অস্তাচলৰ সময়ত ন্যূনতম সন্মানো আনকি প্ৰদৰ্শন কৰা নহ'ল। অসমৰ ৰামপ্ৰসাদ শৰ্মা, ৰমেন ডেকা, ৰাজেন গোঁহাই, বিজয়া চক্ৰৱৰ্তীৰ দৰে নেতাসকলৰ সৌজন্যহীন বিদায়ৰ পৰিবেশো দলটোৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্বই ৰচনা কৰি দিছে।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ মহামন্ত্ৰ লৈ ৰাজনীতি কৰা বুলি দাবী কৰা বিজেপিত প্ৰবীণ নেতাসকলৰ এনে নাজল-নাথল অৱস্থাই দৰাচলতে দলটোত মূল্যবোধৰ অৱক্ষয় এখন ছবিহে প্ৰকট কৰি তুলিছে। বয়সৰ বাৰ্ধক্যৰ বাবে এওঁলোকক নিৰ্বাচনী যুঁজৰ পৰা অপসাৰণ কৰা বুলি প্ৰচাৰ চলোৱা হৈছে যদিও সমগ্ৰ ঘটনাপ্ৰবাহৰ আঁৰত 'আদৱানি লবী'ক উচ্ছেদৰ এক উদ্দেশ্যহে নিহিত হৈ আছে, তাক বুজি পোৱাত সচেতন মহলৰ অসুবিধা হোৱা নাই। ১৯৯৮ চনৰ পৰাই গুজৰাটৰ গান্ধীনগৰ সমষ্টিটো প্ৰতিনিধিত্ব কৰি আহিছে আদৱানিয়ে। যোৱা দুটা দশকত উত্থান-পতন দুয়োধৰণৰ অভিজ্ঞতাৰ বিজেপি সন্মুখীন হৈছিল আদৱানি।

এইবাৰ তেওঁক আঁতৰাই দলৰ সভাপতি অমিত শ্বাহ সমষ্টিটোৰ প্ৰাৰ্থী হ'ব বুলি ঘোষণা কৰা হ'ল, কিন্তু এই ঘোষণাৰ পূৰ্বে আদৱানিক বিষয়টো জনোৱাই নহ'ল। ভদ্ৰ ৰাজনীতিক আদৱানিয়ে আনৰ দৰে বিদ্ৰোহ নকৰে যদিও অন্তৰৰ ক্ষোভ ব্যক্ত কৰি কৈছে যে দলৰ সভাপতিয়ে অন্ততঃ তেওঁলৈ এই লৈ ফোন এটাও কৰিব পাৰিলেহেঁতেন! একে দশা মুৰলীমনোহৰ যোশীৰো। ১৯৯২চনৰ পৰা যোশী বাৰানসীত বিজয়ী হৈ আহিছিল। ২০১৪ৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাত যোশীয়ে সমষ্টিটো এৰি দি কানপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তাতো বিপুল ভোটত বিজয়ী হয়। কিন্তু এইবাৰ বিজেপিৰ এজন সাধাৰণ সম্পাদক ৰামলালে তেওঁলৈ এখন চিঠি লিখা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰবীণ ৰাজনীতিক যোশীয়ে এনে ব্যৱহাৰত দুখ পাই কৈছে সম্পাদক এজনে চিঠি লিখি জনোৱাতকৈ ভদ্ৰতাৰ খাতিৰত সভাপতিয়ে তেওঁক মৌখিকভাৱেও কথাটো জনাব পাৰিলেহেঁতেন। একেই দশা হৈছে দলটোৰ অন্যসকল প্ৰবীণ নেতা যশোৱন্ত সিনহা, সুষমা স্বৰাজ, উমা ভাৰতী, শত্ৰুঘ্ন সিনহা, কালৰাজ মিশ্ৰ, শান্তা কুমাৰ, কাৰিয়া মুণ্ডা, ভুবন চন্দ্ৰ খাণ্ডোৰি, কীৰ্তি আজাদ, বাবুলাল গৌড়, চি পি ঠাকুৰ, ভগত সিং কোচিয়াৰি আদিৰ ক্ষেত্ৰতো। অ' বি চি নেতা একনাথ খাড়ছেই প্ৰয়াত গোপীনাথ মুণ্ডেৰে লগ লাগি মহাৰাষ্ট্ৰত বিজেপিৰ ভেটি শক্তিশালী কৰাত মুখ্য ভূমিকা লৈছিল। তেৱোঁ আজি অৱজ্ঞাৰ গৰাহত। এইসকলে প্ৰবীণ নেতাক একাষৰীয়া কৰাৰ বোধহয় এটাই কাৰণ- এওঁলোক বাজপেয়ী-আদৱানিৰ অনুগত!

তেজপুৰৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা আৰ এছ এছ-বিজেপিৰ সুদীৰ্ঘ কালৰ সেৱক ৰামপ্ৰসাদ শৰ্মাই সংবাদমাধ্যমৰ আগত ক্ষোভেৰে কৈছে- 'প্ৰাৰ্থিত্ব দিয়া-নিদিয়াটো দলৰ নেতৃত্বৰ কথা, কিন্তু তেওঁৰ নামটো পেনেলতে নাৰাখি সংঘ পৰিয়ালত তেওঁ ইমান দিনে আগবঢ়োৱা সেৱাক মূল্যহীন কৰি পেলোৱা হ'ল'  ১৯৮২চনৰ পৰা বিজেপিৰ উত্থানৰ যি অধ্যায় তাত উল্লিখিত নেতাসকলৰ অৱদান কিমান, সেয়া দেশবাসীৰ সন্মুখত উজলি আছে। আজি নৰেন্দ্ৰ মোডী, অমিত শ্বাহ বহি থকা আসনৰ ভেটিটো এওঁলোকেই গঢ়া তথা মজবুত কৰা। দলটোৰ এসময়ৰ জ্যেষ্ঠ তথা বৰেণ্য নেতাসকলৰ অন্ততঃ একধৰণৰ ৰাজনৈতিক সংস্কৃতি আছিল। এতিয়া অটলবিহাৰী বাজপেয়ী গুচি গ'ল, কিন্তু জীৱিত আৰু সক্ষম এই নেতাসকলে বিজেপিৰ আজিৰ সুদিনত পিতৃ-গুৰুৰ মৰ্যাদা পাই থাকিব লাগিছিল যদিও বাস্তৱত ইয়াৰ সম্পূৰ্ণ বিপৰীত এক পৰিৱেশহে গঢ় লৈ উঠিছে দলটোত।

নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা-নকৰাটো দলীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰৰশীল, কাৰণ ইয়াত সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ বিভিন্ন দিশ নিহিত হৈ থাকে। এই কথা সকলোৱে জানে। কিন্তু দল এটাৰ প্ৰবীণসকলৰ মৰ্যাদাৰ বিষয়টো ইয়াৰ সংস্কৃতিৰ পৰিচায়ক। ভাৰতীয় সংস্কৃতিৰ কথা কোৱা বিজেপিয়ে যদি নিজৰ দলতে প্ৰবীণক শ্ৰদ্ধাৰ সন্মানৰ ধাৰা অক্ষুণ্ণ ৰাখিব নোৱাৰে, বৰ্তমানৰ নেতৃত্বৰ ব্যৱহাৰত যদি প্ৰবীণসকল অসন্তুষ্ট হ'ব লগা হয়, তেন্তে দলটোৰ প্ৰতি থকা দেশবাসীৰ উচ্চ ধাৰণাত এনে উদাহৰণে নিশ্চিতভাৱে আঘাত হানিব। দলটোৰ বৰ্তমানৰ নেতৃত্বই মনত ৰখা উচিত যে তেওঁলোক ভাৰতীয় সাংস্কৃতিক ধাৰাটোৰ প্ৰতি শ্ৰদ্ধাশীল বুলি ভাবিব পৰাকৈ দেশবাসীৰ আস্থা ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া শাসকীয় দলটোক যদি কেৱল ক্ষমতালিপ্সু, নীতিহীন দল বুলি ভাবিবলগা পৰিস্থিতি হয়, তেনেহ'লে গণদেৱতাৰূপী দেশবাসীৰ দলটোৰ প্ৰতি বিৰূপ মনোভাব জাগ্ৰত হ'বলৈও বেছিদিন নালাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in