‘ভাৰত ৰত্ন’ৰ ৰাজনীতি

‘ভাৰত ৰত্ন’ৰ ৰাজনীতি

ড০ ভূপেন হাজৰিকা এজন ব্যক্তি নহয়, তেওঁ অসমৰ সংস্কৃতিৰ প্ৰাণপুৰুষ। ড০ হাজৰিকা আমাৰ জাতীয় জীৱনৰ ইমান গভীৰলৈ শিপাই আছে যে তেওঁ অসম ৰত্ন পালে নে ভাৰত ৰত্ন পালে সেয়া গুৰুত্বপূৰ্ণ নহয়। তথাপিতো লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিচত আৰু এজন অসমীয়াক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছে যেতিয়া তাত অসমীয়াই অৱশ্যেই আদৰণি জনাব লাগে। এই বিষয়ত কাৰো আপত্তি থাকিব নালাগে।

অৱশ্যে এই কথাও ক'বই লাগিব যে এই সময়ত সুধাকণ্ঠক ভাৰত ৰত্ন  হিচাপে ঘোষণা কৰা শাসক পক্ষৰ অসমীয়া জাতিৰ আৱেগ-অনুভূতিৰ প্ৰতি তিলমানো অনুকম্পা নাই। অসমীয়াৰ ভাষা-সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত এই শাসক পক্ষই কাহানিও দায়িত্ববোধৰ পৰিচয় দিয়া নাই। আমি ভাবো- নতুন দিল্লীয়ে কেৱল অসমক অৰ্থনৈতিকভাৱে শোষণ, লুণ্ঠনৰ থলী হিচাপেই ব্যৱহাৰ কৰা নাই, বৰং অসমীয়াৰ ভাষা-সংস্কৃতিৰ প্ৰতিও চৰম অনীহা প্ৰকাশ কৰি আহিছে। সকলো দিশতে অসমক বঞ্চনা কৰি অহা হৈছে। আৰ্থ-সামাজিক আন্তঃগাঁথনি পৰা আৰম্ভ কৰি ক্ৰীড়া, কলা-সংস্কৃতি- সকলো ক্ষেত্ৰতে অসমবাসীক দেশৰ মুলসূঁতিৰ পৰা কৌশলপূৰ্ণভাৱে আঁতৰাই ৰখা হৈছে।

তাৰ মাজতে কেতবোৰ দিশত প্ৰতীয়মান হোৱা অসম সন্তানৰ চমকপ্ৰদ সাফল্যক কেন্দ্ৰই স্বীকৃতি দিবলগাত পৰিছে। অসম ভূমিৰ পৰা নাই বাবেই সুধাকণ্ঠক মৰণোত্তৰভাৱে হ'লেও ভাৰত ৰত্ন সন্মান দিব লগা হৈছে। বহু সময়ত দেখা গৈছে যে এনে ৰাষ্ট্ৰীয় সন্মান প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতো নতুন দিল্লীয়ে স্থান-কাল-পাত্ৰ চাইহে সক্ৰিয়তা অৱলম্বন কৰিছে। সুধাকণ্ঠক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিব লাগে বুলি আজি কিছু বছৰ ধৰি অসমত ব্যাপক ৰূপত জনতম সৃষ্টি হৈছে। সেয়েহে বহুতে প্ৰবাদপুৰুষজনে জীৱনকালতে এনে সন্মান পাব লাগিছিল বুলি আক্ষেপো কৰিছে।

এইটো মহলৰ পৰাই যুক্তি প্ৰদৰ্শন কৰা হৈছে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অসমত জনজাগৰণৰ সৃষ্টি হোৱাৰ সময়তে সুধাকণ্ঠক প্ৰাপ্য স্বীকৃতি প্ৰদানেৰে নতুন দিল্লীয়ে অসমীয়াৰ আৱেগ জিনিব বিচাৰিছে। এইধৰণৰ যুক্তিকো একেবাৰে দলিয়াই পেলাব নোৱাৰি। তথাপি শেষ মুহূৰ্তত হ'লেও যে মোডী চৰকাৰে সুধাকণ্ঠক দেশৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰিছে, তাত আমি আশ্বস্ত হোৱা উচিত। কেৱল আশ্বস্ত হোৱাই নহয়, এই ক্ষেত্ৰত অসমবাসীয়ে কৃতজ্ঞতাও প্ৰকাশ কৰিব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে নতুন দিল্লীয়ে গুণীৰ মূল বুুজি বা অসমীয়াৰ মনৰ ভাষা উপলব্ধি কৰি সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদান কৰিছে।

প্ৰশ্ন হয়- জাতি-মাটি-ভেটিৰ পৰা উছন হ'বলৈ ওলোৱা অসমীয়াই সুধাকণ্ঠক ভাৰত ৰত্নৰ সন্মান দিয়াৰ বিনিময়ত নতুন দিল্লীক কৃতজ্ঞতা প্ৰকাশ কৰিব কেনেকৈ? সুধাকন্ঠই যিবোৰ বিষয় তেওঁৰ সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক জনাই গৈছে, তাৰ গূঢ়াৰ্থ শাসক গোষ্ঠীয়ে কাহানিবা অনুধাৱন কৰিব পাৰিছে জানো? সুধাকণ্ঠই যিখন সাম্য-মৈত্ৰীৰ সমৃদ্ধিশালী অসম গঢ়াৰ কথা কৈছিল, তাৰ মূল প্ৰতিবন্ধক হিচাপে থিয় দিছে কেন্দ্ৰৰ বৈষম্যমূলক শাসনতন্ত্ৰ। সেই শাসনতন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিলে সুধাকণ্ঠৰ বাণী অথলে নাযাব জানো!

সেয়েহে অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে সুধাকণ্ঠই দেখুৱাই যোৱা পথেৰে অগ্ৰসৰ হ'বলৈ হ'লে শোষণ-বঞ্ছনাৰ কেন্দ্ৰবিন্দু স্বৰূপ নতুন দিল্লীৰ শাসক গোষ্ঠীৰ নীতিৰ বিৰুদ্ধে মাত মাতিবই লাগিব। তাৎপৰ্যপূৰ্ণভাৱে সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান দিব লাগে বুলি যি কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ দিনতে অসম বিধানসভাত সৰ্বসন্মত প্ৰস্তাৱ লোৱা হৈছিল, আজি আকৌ সেই কংগ্ৰেছৰে ৰাষ্ট্ৰীয় নেতাই আগ-পিচ নাভাবি বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। অৰ্থাৎ ইয়াৰ দ্বাৰাই এটা কথাই প্ৰতিপন্ন হৈছে যে সৰ্বভাৰতীয় শাসক দলবোৰে অসমক লৈ কেৱল ক্ষমতাসৰ্বস্ব ৰাজনীতি কৰাতহে সিদ্ধহস্ত।

সুধাকণ্ঠক ভাৰত ৰত্ন সন্মান দিয়াক লৈ সম্প্ৰতি সেই দলবোৰৰ মাজত যি অৰিয়াঅৰিৰ সৃষ্টি হৈছে, তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি অসমৰ জনসাধাৰণে তেওঁৰ আদৰ্শক জীয়াই ৰখাৰ পণ ল'ব লাগিব। দেশী-বিদেশী পুঁজিপতি লুণ্ঠনকাৰীৰ কবলৰ পৰা অসমৰ শ্ৰমিক-কৃষকক বচাই ৰখাৰ লগতে অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ থলুৱা ৰাইজৰ ভাষা-সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰা প্ৰত্যাহ্বান প্ৰতিহত কৰাই হ'ল এই মুহূৰ্তৰ মূল দাবী। কাৰণ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই এই দাবীকেই তেওঁৰ গীত-মাতেৰে জীপাল কৰি ৰাখি থৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in