কৰ্প’ৰেট-বান্ধৱ ৰাজনীতি

কৰ্প’ৰেট-বান্ধৱ ৰাজনীতি

বিগত প্ৰায় পাঁচ বছৰীয়া কাৰ্যকালত মোডী চৰকাৰে কেৱল দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানবোৰক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰাতে ক্ষান্ত থকা নাই, বৰং ৰেল, প্ৰতিৰক্ষা, বীমা-বেংককে ধৰি খুচুৰা ব্যৱসায় ক্ষেত্ৰতো প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ এশ শতাংশলৈকে বৃদ্ধি কৰাৰ আঁচনি হাতত লৈছে। মুঠতে প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কৰ্প'ৰেটপ্ৰীতি বিগত সময়ছোৱাৰ কেতবোৰ ঘটনাপ্ৰবাহে উদঙাই দিছে। এই চৰকাৰৰ হাতত সৰ্বসাধাৰণ লোকক জড়িত কৰি সমাজৰ বিকাশ-উন্নয়নৰ গতি আগুৱাই নিয়াৰ কোনো কৰ্মসূচী নাই।

একমাত্ৰ পুঁজিপতি-বহুজাতিক কৰ্প'ৰেট গোষ্ঠীৰ লুণ্ঠন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ স্বাৰ্থতে মোডী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। বৃহৎ কৰ্প'ৰেট গোষ্ঠীক তিনি লাখ ষোল্ল হাজাৰ পাঁচশ কোটি টকাৰ অনাদায়ী ঋণ ৰেহাই ব্যৱস্থা কৰা এই চৰকাৰে জাপানৰ পৰা এক লাখ কোটি টকাৰ ঋণ লৈ দেশত মেট্ৰ' ৰে'লসেৱাৰ কাম সম্পন্ন কৰিবলৈ লৈছে। জন ধন যোজনাৰ একাউণ্টৰ জৰিয়তে দেশৰ প্ৰতিজন ব্যক্তিলৈ বিদেশৰ বেংকত থকা ক'লা ধনৰ পোন্ধৰ লাখ টকাকৈ জমা দিয়াৰ দৰে নিৰ্বাচনী 'জুমলা'ৰ কথা বাদেই দিলো, বিমুদ্ৰাকৰণৰ সময়ত এইজন প্ৰধানমন্ত্ৰীয়েই ঘোষণা কৰিছিল যে এতিয়া ক'লা ব্যৱসায়ীৰ ক'লা ধনেৰে দুখীয়াৰ উন্নয়ন সাধন কৰিব পৰা যাব। কিন্তু একোৱেই নহ'ল।৯৯.৩ শতাংশ নোট পুনৰ বেংকলৈ উভতি আছিল।

লাভৰ মূৰত এশৰো অধিক লোকে বেংকৰ এটিএমত লাইন পাতি মৃ্ত্যুক সাৱটিবলগাত পৰিল। সৰু-সুৰা ব্যৱসায়ী, কৃষক-শ্ৰমিককে ধৰি দেশৰ কৃষিখণ্ড আৰু খুচুৰা ব্যৱসায় ক্ষেত্ৰবোৰ বৃহৎ লোকচানৰ সন্মুখীন হ'ল। তাৰ পিছত আকৌ এইখন চৰকাৰেই ৰিজাৰ্ভ বেংকৰ সুৰক্ষিত পুঁজিৰ তিনি লাখ কোটি টকা বিচাৰি গৱৰ্নৰক হেঁচা দিলে। যাৰ ফলত গৱৰ্নৰ উৰ্জিৎ পেটেলে পদত্যাগ কৰিবলগাত পৰিল। উৰ্জিৎ পেটেলৰ পদত্যাগক লৈ দেশৰ সংবাদ মাধ্যমত চৰ্চিত মূল বিষয়টোৱেই আছিল এইটো। ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গৱৰ্নৰ ৰঘুৰাম ৰাজনে অলপতে দেশৰ আগশাৰীৰ এটা নিউজ চেনেলত আওপাকেদি মন্তব্য কৰিছে যে কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ দ্বাৰা দেশৰ অৰ্থনীতি ধ্বংসৰহে ব্যৱস্থা কৰিছে। অৰ্থাৎ ৰঘুৰাম ৰাজনেও কেন্দ্ৰৰ অৰ্থনীতিৰ বিৰোধ ঘোষণা কৰিছে।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ড০ অৰবিন্দ সুব্ৰমণিয়মৰ দৰে ব্যক্তিয়েও প্ৰধানমন্ত্ৰী মোডীৰ আৰ্থিক নীতিৰ সমালোচনা কৰিছিল। এতিয়া ইতিহাস বিষয়ত অধ্যয়ন কৰা ব্যক্তিক মোডী চৰকাৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ পদত অধিষ্ঠিত কৰিও বিৰোধীৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগাত পৰিছে। আমি ক'ব খোজা নাই যে ৰঘুৰাম ৰাজন, অৰবিন্দ সুব্ৰমণিয়াম অথবা উৰ্জিৎ পেটেলৰ দৰে ব্যক্তিসকল পুঁজিবাদী অৰ্থনীতি বা নব্য উদাৰীকৰণৰ সমৰ্থক নহয়।

কিন্তু কথা হ'ল- প্ৰধানমন্ত্ৰী মোডীয়ে যে সেই কামটোকে বালদৰে কৰিবলৈ সক্ষম হোৱা নাই, তাক তেওঁলোকে বিশ্বস্ততাৰে আঙুলিয়াই দিছে। ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰি তাৰ চোৱা-চিতা কৰাৰ দায়িত্ব দেশৰ ৰাজহুৱা খণ্ডৰ কোম্পানীক দিয়াৰ পৰিৱৰ্তে অনিত আম্বানিৰ নতুন কোম্পানীক দিয়াৰ ব্যৱস্থা কৰিছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰাফেল চুক্তিক লৈ কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ তৰিছে অটল বিহাৰী বাজপেয়ী চৰকাৰৰ প্ৰাক্তন বিত্তমন্ত্ৰী যশোৱন্ত সিনহা, প্ৰাক্তন নিৰ্বিনিয়োজন মন্ত্ৰী তথা বিশিষ্ট সাংবাদিক অৰুণ শ্বোৰী আৰু প্ৰখ্যাত আইনজ্ঞ প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়ে। তেওঁলোকে যিবোৰ যুক্তি দিছে, সেইবোৰক অগ্ৰাহ্য কৰিব নোৱাৰি। অৱশ্যে সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব বিচৰা নাই।

অলপতে সৰ্বোচ্চ ন্যায়ালয়ে ৰায়যোগে কৈছে যে ৰাফেল চুক্তিত বিত্তীয় অনিয়ম বা তাৰ পদ্ধতিগত বেমেজালি হোৱাৰ কোনো তথ্য-প্ৰমাণ নাই আৰু অনিল আম্বানিৰ কোম্পানীক কাম দিয়াৰ বিষয়টোও কেন্দ্ৰ আৰু ফ্ৰান্সৰ বিমান নিৰ্মাণ কোম্পানীৰ মাজৰ বিষয়। এইবোৰ বিষয়ত সৰ্বোচ্চ ন্যায়ালয়ে তদন্ত ঘোষণা কৰাৰ কোনো প্ৰয়োজন নাই বুলিও ৰায়টোত কোৱা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ৰাফেল যুদ্ধ বিমান ক্ৰয় চুক্তিৰ বিত্তীয় দিশবোৰ 'কেগ'ৰ প্ৰতিবেদনত উন্মোচন হৈছে আৰু তাক সংসদৰ হিচাপ পৰীক্ষক সমিতিয়ে পৰীক্ষা কৰি চাইছে বুলি সৰ্বোচ্চ ন্যায়ালয়ত কেন্দ্ৰৰ দ্বাৰা ভুল তথ্য দাখিল কৰা হৈছে। এই কথা এতিয়াহে পোহৰলৈ আহিছে।

গতিকে দেখা গৈছে যে বৃহৎ কৰ্প'ৰেট গোষ্ঠীক বচাবলৈ গৈয়ে মোডী চৰকাৰে বিভিন্ন উপায় অৱলম্বন কৰি গৈছে। অ' এন জি চি, অইল তৈলক্ষেত্ৰ, তৈলখাদ আদি দেশ-বিদেশৰ ব্যক্তিগত পুঁজিপতি গোষ্ঠীৰ হাতত নিলাম কৰিছে। অসমৰ কাগজ কলো এতিয়া বহুজাতিক কোম্পানীৰ হাতত বিক্ৰী কৰিবলৈ লোৱা হৈছে। দৰাচলতে বিগত প্ৰায় পাঁচটা বছৰে প্ৰধানমন্ত্ৰী মোডীয়ে বিদেশলৈ গৈ কি কৰিছে? ইজৰাইল, ৰাছিয়া, ফ্ৰান্সৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিছে, জাপান-অষ্ট্ৰেলিয়াৰ পৰা ঋণ লৈ দেশত স্মাৰ্ট চিটি নিৰ্মাণৰ সপোন দেখুৱাইছে, বুলেট ট্ৰেইন চলোৱাৰ কথা কৈছে।

ভাৰতৰ দৰিদ্ৰ কৃষকৰ বাবে প্ৰয়োজনীয় সাৰ-বীজ আদিও আনকি বিদেশী কোম্পানীৰ পৰা আমদানি কৰা হৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ গৈ ড'নাল্ড ট্ৰাম্প আৰু আৰব ৰাষ্ট্ৰৰ খলিফাৰ সৈতে কৰমৰ্দন কৰা প্রধানমন্ত্ৰী মোডীয়ে কিন্তু নিজৰ দেশত তেওঁৰ সতীৰ্থ আৰু সহচৰবৃন্দক সম্প্ৰদায়-ধৰ্ম-গোষ্ঠীৰ নামত ঘৃণাৰ ৰাজনীতি বিয়পাই দিবলৈহে নিয়োগ কৰিছে। যাতে জনসাধাৰণে পাহৰি যায় কৰ্মসংস্থান আৰু ভাত-কাপোৰৰ সমস্যাৰ কথা। বৃহৎ কৰ্প'ৰেটে এনে শাসকৰ কান্ধত উঠিয়েই জনসাধাৰণৰ প্ৰতি চৰম ভ্ৰূকুটি প্ৰকাশ কৰিছে আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in